দৰঙত বিশ্ব এইডচ দিৱসৰ লগত সংগতি ৰাখি সজাগতা অনুষ্ঠান

দৰঙত বিশ্ব এইডচ দিৱসৰ লগত সংগতি ৰাখি সজাগতা অনুষ্ঠান

দৰঙত বিশ্ব এইডচ দিৱসৰ লগত সংগতি ৰাখি সজাগতা অনুষ্ঠান
দৰঙত বিশ্ব এইডচ দিৱসৰ লগত সংগতি ৰাখি সজাগতা অনুষ্ঠান

দৰঙত বিশ্ব এইডচ দিৱসৰ লগত সংগতি ৰাখি সজাগতা অনুষ্ঠান*

মঙলদৈ,১ডিচেম্বৰ : ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে আজি দৰঙতো আয়োজিত হয় বিশ্ব এইডচ দিৱসৰ কাৰ্য্যসূচী। এই দিৱসৰ লগত সংগতি ৰাখি পুৱা মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা এক সজাগতা মূলক শোভাযাত্ৰা উলিওৱা হয়।

এই কাৰ্য্যসূচী আনুষ্ঠানিকভাৱে শুভ উদ্ধোধন কৰে জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব শতাব্দী ভূঞাই।মঙ্গলদৈ চহৰৰ মাজেৰে উলিওৱা এই শোভাযাত্ৰাৰ পিছতে এখনি সজগতামূলক সভাও অনুষ্ঠিত হয়। সভাত উপস্থিত প্ৰতিগৰাকী লোকেই ভাষণ প্ৰসংগত প্ৰতিৰোধেই এইডচৰ অন্যতম চিকিৎসা বুলি উল্লেখ কৰে।

লগতে এই ৰোগৰ লক্ষণ দেখা দিয়াৰ লগে লগে চিকিৎসকৰ ওচৰ চাপিবলৈ অনুৰোধ জনায়। এই সভাত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰমেশ চন্দ্ৰ গোস্বামী, জিলা কাৰাগাৰৰ অধীক্ষক কৈলাশ চৌধুৰীকে ধৰি কেইবাগৰাকী  বক্তাই ভাষণ প্ৰদান কৰে।

তেওঁলোকে  বিদ্যালয়খনৰ ছাত্ৰী সকলৰ লগতে যুব প্ৰজন্মই এই সজাগতা সৃষ্টি অভিযানত অংশ লোৱাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা মাধ্যম বিশেষজ্ঞ জাহ্নৱী শৰ্মাই আঁত ধৰা অনুষ্ঠানটিত মহকুমা স্বাস্থ্য বিষয়া ডাঃ নিপেন কুমাৰ, জিলা সামূহিক সংগঠক মল্লিকা দেৱী,  জিলা সমন্নয়ক ৰতিকা কলিতা, জিলা পৰ্য্যায়ৰ কেইবাগৰাকীও বিষয়া-কৰ্মচাৰী, বিদ্যালয় খনৰ শিক্ষক শিক্ষয়ত্ৰী তথা ERADO আৰু জিলা আইন সেৱা প্ৰাধিকৰণৰ কৰ্মকৰ্তা আৰু শতাধিক ছাত্ৰী উপস্থিত থাকে ।