ছিপাঝাৰ সমষ্টিৰ খেল মহাৰণৰ সামৰণি অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু বক্সাৰ শিৱ থাপাৰ অংশগ্ৰহণ

ছিপাঝাৰ সমষ্টিৰ খেল মহাৰণৰ সামৰণি অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু বক্সাৰ শিৱ থাপাৰ অংশগ্ৰহণ

ছিপাঝাৰ সমষ্টিৰ খেল মহাৰণৰ সামৰণি অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু বক্সাৰ শিৱ থাপাৰ অংশগ্ৰহণ
ছিপাঝাৰ সমষ্টিৰ খেল মহাৰণৰ সামৰণি অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু বক্সাৰ শিৱ থাপাৰ অংশগ্ৰহণ

*ছিপাঝাৰ সমষ্টিৰ খেল মহাৰণৰ সামৰণি অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু বক্সাৰ শিৱ থাপাৰ অংশগ্ৰহণ*

সংবাদ ডিজিটেল, ৬ ডিচেম্বৰ: আজি ছিপাঝাৰ ষ্টেডিয়ামত ছিপাঝাৰ সমষ্টিৰ খেল মহাৰণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত উপস্থিত থাকি দৰং জিলাৰ অভিভাৱক মন্ত্ৰী তথা পৰিবেশ আৰু বন, এক্ট ইষ্ট পলিচী পৰিক্ৰমা, সংখ্যালঘু উন্নয়ন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে আমাৰ ৰাজ্যখনত প্ৰতিভাৰ অভাৱ নাই । এই প্ৰতিভাসমূহক চিনাক্ত কৰি উপযুক্ত বিকাশৰ সুবিধা দিব লাগিব।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগে গ্ৰহণ কৰা খেল মহাৰণ কাৰ্যসূচীৰ উদ্দেশ্য হৈছে ৰাজ্যখনৰ গাঁৱে-ভূঞে থকা ক্ৰীড়া প্ৰতিভাক চিনাক্ত কৰি তেওঁলোকৰ প্ৰতিভা বিকাশৰ সুবিধা প্ৰদান কৰা। হিমা দাস, লাভলীনা বৰগোহাঁইৰ দৰে ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ পৰা অহা খেলুৱৈয়ে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত বিৰল সফলতা আৰু সুনাম অৰ্জন কৰাৰ কথা তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে। আজিৰ অনুষ্ঠানত উপস্থিত থকা আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বক্সাৰ অৰ্জুন শিৱ থাপাই নিজৰ একাগ্ৰতা, কঠোৰ অনুশীলন আৰু অধ্যৱসায়ৰ জৰিয়তে লাভ কৰা সফলতাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে লাভলীনা বৰগোহাঁই, হিমা দাস, শিৱ থাপা, নয়নমনি শইকীয়াৰ দৰে খেলুৱৈৰ আদৰ্শ অনুকৰণ কৰি আগবাঢ়ি যাবলৈ নৱপ্ৰজন্মৰ প্ৰতি আহ্বান জনায়। আজিৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশীয়ে খেল মহাৰণৰ দৰে অভিনৱ কাৰ্যসূচী গ্ৰহণ কৰি ৰাজ্যৰ নৱপ্ৰজন্মৰ ক্ৰীড়া প্ৰতিভাসমূহক আগবঢ়াই নিয়াৰ পদক্ষেপ লোৱাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শলাগ লয়।

বিধায়কগৰাকীয়ে তেওঁৰ ভাষণত ক্ৰীড়াক্ষেত্ৰত ছিপাঝাৰ সমষ্টিৰ সফলতা আৰু গৌৰৱৰ কথাও উল্লেখ কৰে। 
      অনুষ্ঠানত ভাষণ প্ৰদান কৰি বক্সাৰ শিৱ থাপাই খেল মহাৰণৰ দৰে বিশাল ক্ৰীড়া প্ৰতিযোগিতা আয়োজন কৰাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু অসম চৰকাৰৰ শলাগ লয়। তেওঁ নৱপ্ৰজন্মৰ খেলুৱৈসকলে একাগ্ৰতা আৰু কঠোৰ অনুশীলনৰে আগবাঢ়ি গ'লে নিশ্চয় সফলতা লাভ কৰিব বুলি মন্তব্য কৰে। আজিৰ অনুষ্ঠানত বক্সিং ফেডাৰেচন অৱ ইণ্ডিয়াৰ সচিব প্ৰধান হেমন্ত কলিতায়ো ভাষণ প্ৰদান কৰে।


       আজিৰ এই সামৰণি অনুষ্ঠানৰ অংশ হিচাপে দুনী গাঁও পঞ্চায়ত আৰু বৰমপুৰ গাঁও পঞ্চায়তৰ ১৯ বছৰৰ তলৰ দুই ফুটবল দলৰ মাজত ফুটবল খেল অনুষ্ঠিত হয়। এই খেলত দুনী গাঁও পঞ্চায়তৰ দলটোৱে ৪-৩ গ'লৰ ব্যৱধানত জয় লাভ কৰে।