সমষ্টি পৰ্যায়ৰ খেল মহাৰণৰ সামৰনি অনুষ্ঠান।

সমষ্টি পৰ্যায়ৰ খেল মহাৰণৰ সামৰনি অনুষ্ঠান।

সমষ্টি পৰ্যায়ৰ খেল মহাৰণৰ সামৰনি অনুষ্ঠান।
সমষ্টি পৰ্যায়ৰ খেল মহাৰণৰ সামৰনি অনুষ্ঠান।

বিশিষ্ট ক্ৰীড়াবিদৰ উপস্থিতিত সমষ্টি পৰ্যায়ৰ খেল মহাৰণৰ সামৰনি অনুষ্ঠান।

আজি ৬ডিচেম্বৰত ছিপাঝাৰ ষ্টেডিয়ামত সমষ্টি পৰ্যায়ৰ খেলমহাৰণৰ সামৰণি অনুষ্ঠান আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত হব। উক্ত অনুষ্ঠানত এথলেটিক্সৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান প্ৰাপ্ত খেলুৱৈ সকলক মেডেল আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰা হৱ ।লগতে দলীয় শাখাৰ চূড়ান্ত বিজয়ী আৰু বিজিত দলৰ খেলুৱৈ সকলক ট্ৰফী, মেডেল আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰা হৱ ।বিয়লি ৪ বজাত সামৰণি অনুষ্ঠানৰ মূখ্য অতিথি হিচাপে উপস্থিত থাকিব অৰ্জুন বঁটা বিজয়ী আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বক্সাৰ শিৱ থাপা, দৰঙৰ অভিভাৱক মন্ত্ৰী সন্মানীয় চন্দ্ৰমোহন পাটোৱাৰী দেৱ, সৰ্বভাৰতীয় বক্সিং ফেডাৰেচনৰ সাধাৰণ সম্পাদক সন্মানীয় হেমন্ত কলিতা দেৱ লগতে গণ্যমান্য ব্যক্তিসকল । এওঁলোকক আদৰিবলৈ বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে।আনহাতে  সন্ধিয়া ৫ বজাৰ পৰা  অনুষ্ঠিত হৱ বৰমপুৰ গাওঁ পঞ্চায়ত আৰু দুনী গাওঁ পঞ্চায়তৰ মাজত অনুৰ্ধ্ব-১৯ বছৰ ল'ৰাৰ ফুটবল খেল প্ৰতিযোগিতাৰ চূড়ান্ত খেল । আটাইকেইটা কাৰ্যসূচীত ক্ৰীড়ানুৰাগী ৰাইজৰ উপস্থিতি আয়োজক মণ্ডলীয়ে একান্ত ভাৱে কামনা কৰিছে।