বিদায় সম্বৰ্ধনা সভা
বিদায় সম্বৰ্ধনা সভা
বিদায় সম্বৰ্ধনা সভা
দৰঙ জিলাৰ দেওমৰনৈৰ সমীপৰ ৫০১ নম্বৰ পূৱ বড়ি গাওঁ প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক মাননীয় শ্ৰী নাৰায়ন বৰদলৈ দেৱে চৰকাৰী ভাৱে অৱসৰ গ্ৰহণ কৰা বাবে আজি আঞ্চলিক ৰাইজৰ আৰু বিদ্যালয় পৰিচালনা সমিতিয়ে বিদায় সম্বৰ্ধনা সভা যোগে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে।সমাজ সেৱক মাননীয় শ্ৰী হৰি চন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুস্থিত সভাখনৰ আটধৰে উদীয়মান যুৱক মাননীয় শ্ৰী অপূৰ্ব চহৰীয়া দেৱে।বিদ্যালয় পৰিচালনা সমিতি সভাপতি মাননীয় শ্ৰী প্ৰেমানন্দ গোস্বামী ,প্ৰধান শিক্ষক মাননীয় শ্ৰী ৰজত হাজৰিকা দেৱে বিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে।
বিদ্যালয় কৰ্তৃপক্ষৰ লগতে বিভিন্ন জন গুণমুগ্ধই বৰদলৈ দেৱক গামোচা,শৰাই,ধৰ্ম পুথি,ছাতি আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰে।
সভাত উদীয়মান যুৱক অপূৰ্ব চহৰীয়াৰ লগতে প্ৰাক্তন ছাত্ৰ মাননীয় শ্ৰী ভৱেশ শৰ্মাই ভাষন আগবঢ়ায়।