ছিপাঝাৰ শিক্ষাখণ্ডত প্ৰায় নিয়মীয়া শিক্ষকৰ অৱস্থান ধৰ্মঘট

চাৰিদিন ধৰি বিদ্যালয়ৰ পাঠদানত অচলাৱস্থা

সংবাদ ডিজিটেল,ছিপাঝাৰ ২৯ জানুৱাৰী: সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ ছিপাঝাৰ খণ্ড সমিতিৰ উদ্যোগত প্ৰায় নিয়মীয়া শিক্ষকসকলে আজি দুপৰীয়া ১২.০০ বজাৰ পৰা ছিপাঝাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত ৪ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।

ৰাজ্য চৰকাৰে প্ৰায় নিয়মীয়া শিক্ষকসকলৰ নিয়মীয়াকৰণৰ নামত কৌশলগতভাৱে জাৰি কৰা বিকল্প বাছনি ব্যৱস্থা প্ৰত্যাহাৰ কৰাৰ লগতে বেতন সুৰক্ষাসহ নিয়মীয়াকৰণ নকৰা পৰ্যন্ত শিক্ষা সেতুত উপস্থিতি দিয়া, ইউ-ডাইচ প্ৰ-পত্ৰ পূৰ কৰা আদি আনুসংগিক কাম কৰাৰ পৰা বিৰত থকাৰ সংকল্প গ্ৰহণ কৰে।

অৱস্থান ধৰ্মঘটত সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক জ্যোতিৰ্ময় নাথ, দৰং জিলা সমিতিৰ কাৰ্যকৰী সভাপতি ধকমান শ্ৰেষ্ঠ, সাধাৰণ সম্পাদক জেহেৰুল হক, জিলা বিষয়ববীয়া প্ৰণৱ কুমাৰ ডেকা, খণ্ড সমিতিৰ সভাপতি মজনুৰ হক, সম্পাদক পিংকু ৰাজবংশী, সহকাৰী সম্পাদক কৰ্ণ ডেকাৰ লগতে তিনি শতাধিক প্ৰায় নিয়মীয়া শিক্ষক উপস্থিত থাকে।