দৈনিক ৰাশিফল
দৈনিক ৰাশিফল
*দৈনিক ৰাশিফল*
শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:
২৫ আঘোন, মঙ্গলবাৰ ইং ১২ ডিচেম্বৰ ২০২৩ ।
*সূৰ্য্যোদয়* ঘ:- ৬/৪/৩০ *সূৰ্য্যাস্ত* ঘ:- ৪/২৯/৪৪
*ৰাশি:-* বৃশ্চিক ৰাশি।
*তিথি :-* অমাৱস্যা। শে:ৰা:ঘ:- ৪/৫৯/৪২ লৈ।
*নক্ষত্ৰ :-* অনুৰাধা। দি:ঘ:- ১২/৫/২১ লৈ।
*শুভ সংখ্যা:-* ৪/৯
*শুভ ৰং:-* ৰঙা/ সোনালী।
*আদ্যঋতু হলে :-* প্ৰতিহীনা যোগ।
*মৰণত দোষ*:- এপদ।
*যাত্ৰা:-* ঈশান কোনত নাই। শে:ৰা:ঘ:- ৪/৫৯/৪২ যোৱাত পূৱ দিশত নাই।
*যোগিনী* :- ঈশান কোনত । শে:ৰা:ঘ:- ৪/৫৯/৪২ যোৱাত পূৱ দিশত ।
*ভক্ষাভক্ষ্য* :- মাছ মাংস খোৱা নিষেধ। শে:ৰা:ঘ:- ৪/৫৯/৪২ যোৱাত কোমোৰা খোৱা নিষেধ।
YouTube:- https://youtube.com/@astrologernayanjyotisarma8497
১. *মেষ ৰাশি* (অ,ল) : - মেষ
ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত উত্তম খাদ্য গ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব, যদিও আজি আপুনি ঠগ- প্ৰৱঞ্চকৰ পৰা সাৱধান হ'ব লগতে আজি আপোনাৰ মনত বিদ্বেষ ভাৱ সৃষ্টি কৰিব পাৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
২. *বৃষ ৰাশি* (উ,ব) :- বৃষ ৰাশিৰ জাতিক জাতিকা আজিৰ দিনটোত মানসিক শান্তি বাঢ়িব, লগতে আজি আপোনাৰ সমাজৰ প্ৰতি দ্বায়িত্ব বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৩. *মিথুন ৰাশি*(ক,ছ):- মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম মৰ্য্যদা বাঢ়িব, খেলুৱৈ সকলৰ আনন্দ বাঢ়িব, যদিও আজি আপোনাৰ মনত বিৰক্তিৰ ভাৱ সৃষ্টি কৰিব পাৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
৪. *কৰ্কট ৰাশি*(ড,হ) : - কৰ্কত ৰাশিৰ জাতক - জাতিকাসকলৰ সকলৰ আজিৰ দিনটোত আনৰ প্ৰৰা প্ৰসংঙ্গা লাভ কৰিব, ব্যৱসায়িক ভাৱে সফলতা লাভ কৰিব, লগতে আজি আপোনাৰ সম্পদ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হ'ব , শিল্পী সকলৰ শুভ হ'ব, যদিও আজি আপুনি বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সজাগ নহ'লে আপোনাৰ ক্ষতি হোৱাৰ যোগ দেখা যায়।
৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আয় বাঢ়িব , প্ৰেমত আনন্দ বাঢ়িব, নতুন প্ৰেমত সহাৰি লাভ কৰিব পাৰে, লগতে আজি আপোনাৰ মনটো সামান্য চঞ্চল হোৱাৰ যোগ দেখা যায়।
৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, আয়- উপাৰ্জন বাঢ়িব, উৎপাদন মুখি কৰ্মত আত্মনিয়োগ কৰিবলৈ সক্ষম হব, যদিও আজি আপোনাৰ আৰ্থিক দিশত ক্ষতি হব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত দেহ- মনত সামান্য আঘাত পাৱ পাৰে, লগতে আজি আপুনি সজাগ নহ'লে শৰীৰত ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব,নতুন নতুন কাপোৰ লাভ কৰিব পাৰে, যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত পুৰণি ৰোগৰ প্ৰকোপ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১০. *মকৰ ৰাশি* (খ,জ): - মকৰ ৰাশি জাতক - জাতিকা সকলৰ আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব, প্ৰেমত আনন্দ বাঢ়িব যদিও আজি আপোনাক আনে সন্দেহ কৰিব পৰা কৰ্মৰ পৰা আতৰি থাকিবৈ চেষ্টা কৰিব।
১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত ব্যৱসায়িক দিশত আয় উপাৰ্জন বাঢ়িব, ভ্ৰমণৰ সুযোগ লাভ কৰিব, লগতে আজি সাহিত্যক সকলে সাহিত্য সেৱাত মনোনিবেশ কৰিব পাৰিব।
১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব পাৰে যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য জটিলতা আহিব পাৰে, লগতে আজি আপুনি হীনমান্যতাত ভুগিব পৰা কৰ্মৰ পৰা আতৰি থাকিবৈ চেষ্টা কৰিব।
( *বি:দ্ৰ:-* আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
*জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা*
-: নৱগ্ৰহ জ্যোতিষালয় :- " মা কামাখ্যা গেট " (নাৰ্চাৰী)
গুৱাহাটী - ৯
ফোন:- 9101096481
9577136205