দৈনিক ৰাশিফল
দৈনিক ৰাশিফল
*দৈনিক ৰাশিফল*
শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:
২৬ আঘোন, বুধবাৰ ইং ১৩ ডিচেম্বৰ ২০২৩ ।
*সূৰ্য্যোদয়* ঘ:- ৬/৫/১১ *সূৰ্য্যাস্ত* ঘ:- ৪/২৯/৪৯
*ৰাশি:-* বৃশ্চিক ৰাশি। দি:ঘ:- ১১/৫৯/৪৫ যোৱাত ধনু ৰাশি।
*তিথি :-* শুক্লা প্ৰতিপদ। শে:ৰা:ঘ:- ৩/৫৮/২৮ লৈ।
*নক্ষত্ৰ :-* জেষ্ঠ্যা। দি:ঘ:- ১১/৫৯/৪৫ লৈ।
*শুভ সংখ্যা:-* ৫/১
*শুভ ৰং:-* বগা/ সেউজীয়া।
*আদ্যঋতু হলে :-* প্ৰতিহীনা যোগ।
*মৰণত দোষ*:- নাই । ৰা:ঘ:- ৩/৫৮/২১ যোৱাত এপদ।
*যাত্ৰা:-* পূৱ দিশত নাই। শে:ৰা:ঘ:- ৩/৫৮/২১ যোৱাত উত্তৰ দিশত নাই।
*যোগিনী* :- পূৱ দিশত । শে:ৰা:ঘ:- ৩/৫৮/২১ যোৱাত উত্তৰ দিশত ।
*ভক্ষাভক্ষ্য* :- কোমোৰা খোৱা নিষেধ। শে:ৰা:ঘ:- ৩/৫৮/২১ যোৱাত তিতা খোৱা নিষেধ।
YouTube:- https://youtube.com/@astrologernayanjyotisarma8497
১. *মেষ ৰাশি* (অ,ল) : - মেষ
ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত আশা নকৰাকৈ আনৰ পৰা মৰম চেনেহ লাভ কৰিব, আনৰ সহায় সহযোগিতা মাজেৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, লগতে আজি আপোনাৰ কৰ্মৰ প্ৰতি আগ্ৰহ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
২. *বৃষ ৰাশি* (উ,ব) :- বৃষ ৰাশিৰ জাতিক জাতিকা আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সামান্য পৰিবৰ্তন আহিব পাৰে, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য সৰু সুৰা সমস্যাৰ সৃষ্টি হ'ব পাৰে লগতে আজি আপোনাৰ বিপদ হ'ব পৰা কৰ্মৰ পৰা আতৰি থাকিবৈ চেষ্টা কৰিব।
৩. *মিথুন ৰাশি*(ক,ছ):- মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে সফলতা লাভ কৰিব, উৎপাদন মুখি কৰ্মত সফলতা লাভ কৰিব, লগতে আজি আপোনাৰ কৰ্মত সকলো দিশতে উন্নতি লাভ হোৱাৰ যোগ দেখা যায়।
৪. *কৰ্কট ৰাশি*(ড,হ) : - কৰ্কত ৰাশিৰ জাতক - জাতিকাসকলৰ সকলৰ আজিৰ দিনটোত আয় উপাৰ্জন বাঢ়িব, সঞ্চয় বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সামান্য পৰিবৰ্তন হোৱাৰ যোগ দেখা যায়।
৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ প্ৰেমত শুভ হ'ব, আজি দিনটোত অভিনয় শিল্পীসকলৰ সুনাম বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে সৰু- সুৰা কথাই আপোনাৰ মনত চিন্তা বৃদ্ধি কৰাৰ যোগ দেখা যায়।
৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত নিবনুৱা সকলে নতুন নতুন কৰ্মত যোগাযোগ কৰিবলৈ সক্ষম হব, নতুন কৰ্ম লাভ কৰিব পাৰে যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত ৰোগ বৃদ্ধি হ'ব পাৰে, লগতে আজি আপুনি চিকিৎসাৰ ক্ষেত্ৰত সাৱধান হোৱাটো ভাল হ'ব।
৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সকলো দিশতে সিদ্ধি লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।
৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত সম্পদ বৃদ্ধি হ'ব, যদিও আজি আপুনি সজাগ নহ'লে সৰু সুৰা কথাই আপোনাৰ মনত সামান্য হতাশাৰ ভাৱ সৃষ্টি কৰিব পাৰে লগতে আজি আপুনি আপোন ব্যক্তিৰ পৰা নিন্দনীয় হ'ব পৰা কৰ্মৰ পৰা আতৰি থাকিবৈ চেষ্টা কৰিব।
৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, মনৰ আশা পূৰণ হ'ব যদিও আজি আপোনাৰ হীনমান্যতাত ভুগিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
১০. *মকৰ ৰাশি* (খ,জ): - মকৰ ৰাশি জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ভাল খাদ্য গ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব, আজি আপোনাৰ শত্ৰু নাশ হব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য সৰু- সুৰা বাধাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত মনত নতুন আশাৰ সঞ্চাৰ হ'ব, শিক্ষক সকলৰ মনত আনন্দ বাঢ়িব, লগতে আজি আপোনাৰ পুৰণি সমস্যাৰ সমাধান হোৱাৰ যোগ দেখা যায়।
১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰবাত পাবলগীয়া ধন ঘূৰাই পাৱ পাৰে, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য বুদ্ধি ভ্ৰষ্ট হ'ব পাৰে, লগতে আজি আপুনি সজাগ নহ'লে আপোনাৰ মনত সামান্য অশান্তিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
( *বি:দ্ৰ:-* আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
*জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা*
-: নৱগ্ৰহ জ্যোতিষালয় :- " মা কামাখ্যা গেট " (নাৰ্চাৰী)
গুৱাহাটী - ৯
ফোন:- 9101096481
9577136205