দৈনিক ৰাশিফল
দৈনিক ৰাশিফল
???? *দৈনিক ৰাশিফল* ????
???? শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:????
৬ আঘোন, বৃহস্পতিবাৰ ইং ২৩ নৱেম্বৰ ২০২৩ ।
*সূৰ্য্যোদয়* ঘ:- ৫/৫১/৫৪ *সূৰ্য্যাস্ত* ঘ:- ৪/২৮/৭
*ৰাশি:-* মীন ৰাশি।
*তিথি :-* শুক্লা একাদশী। ৰা:ঘ:- ৮/২০/৫৭ লৈ।
*নক্ষত্ৰ :-* উত্তৰভাদ্ৰপদ । দি:ঘ:- ২/৬/৩৫ লৈ।
*শুভ সংখ্যা:-* ৫/৩
*শুভ ৰং:-* হালধীয়া/ ৰঙা ।
*আদ্যঋতু হলে :-* দুৰ্ভগা যোগ।
*মৰণত দোষ*:- নাই । ৰা:ঘ:- ৮/২০/৫৭ যোৱাত এপদ।
*যাত্ৰা:-* অগ্নি কোনত নাই । ৰা:ঘ:-৮/২০/৫৭ যোৱাত নৈঋত কোনত নাই।
*যোগিনী* :- অগ্নি কোনত। ৰা:ঘ:-৮/২০/৫৭ যোৱাত নৈঋত কোনত।
*ভক্ষাভক্ষ্য* :- উৰহী খোৱা নিষেধ। ৰা:ঘ:- ৮/২০/৫৭ যোৱাত পূৰৈ শাক খোৱা নিষেধ।
১. *মেষ ৰাশি* (অ,ল) : - মেষ
ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত সাহসেৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, হাতলৈ ধন ধান আহিব, লগতে আজি আপোনাৰ ভ্ৰমণত শুভ হোৱাৰ যোগ দেখা যায়।
২. *বৃষ ৰাশি* (উ,ব) :- বৃষ ৰাশিৰ জাতিক জাতিকা আজিৰ দিনটোত জ্ঞান বাঢ়িব , আনক ভাল ভাব পৰামৰ্শ দিবলৈ সুযোগ সুবিধা লাভ কৰিব, ঘৰুৱা সম্পত্তি বাঢ়িব, যদিও আজি আপুনি ঠগ প্ৰৱঞ্চকৰ পৰা সাৱধান হোৱাটো ভাল হ'ব।
৩. *মিথুন ৰাশি*(ক,ছ):- মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত জেঠ্য ব্যক্তিৰ পৰা ভাল ভাল উপদেশ লাভ কৰিব, ভ্ৰমণত সামান্য বাধা আহিব পাৰে লগতে আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য জটিলতা সৃষ্টি হোৱাৰ যোগ দেখা যায়।
৪. *কৰ্কট ৰাশি*(ড,হ) : - কৰ্কত ৰাশিৰ জাতক - জাতিকাসকলৰ সকলৰ আজিৰ দিনটোত ধনৰ সামান্য নাটনি হব পাৰে, মনত সামান্য অশান্তিৰ সৃষ্টি হ'ব পাৰে, লগতে আজি আপুনি সন্মান হানি হ'ব পৰা কৰ্মৰ পৰা আতৰি থাকিব চেষ্টা কৰিব।
৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত হাতলৈ ধন ধান আহিব, ছাত্ৰ ছাত্ৰী সকলৰ সুনাম বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে বঞ্চিত হোৱাৰ যোগ দেখা যায়।
৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব , মনত সুখ শান্তি বাঢ়িব যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত সম্পত্তি বাঢ়িব, ধন ধান লাভ কৰিব, লগতে আজি সমাজ কৰ্মী সকলে ৰাজহুৱা কৰ্মত জড়িত হ'বলৈ সক্ষম হোৱাৰ যোগ দেখা যায়।
৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত হাতলৈ ধন- ধান আহিব, ব্যৱসায় বানিজ্য ক্ষেত্ৰত লাভাম্বিত হ'ব পাৰিব, লগতে আজি সাহিত্য চৰ্চা কৰা সকলৰ সাহিত্যৰ প্ৰতি আগ্ৰহ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হ'ব, আৰ্থিক দিশটো টনকিয়াল হ'ব ধন লাভ কৰিব পাৰিব, লগতে আজি আপোনাৰ মনত শ্ৰদ্ধা ভক্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১০. *মকৰ ৰাশি* (খ,জ): - মকৰ ৰাশি জাতক - জাতিকা সকলৰ আজিৰ দিনটোত আনৰ পৰা মৰম চেনেহ লাভ কৰিব, ধন সম্পত্তি বাঢ়িব, যদিও আজি আপুনি কৰ্মত সজাগ নহ'লে আনৰ পৰা নিন্দনীয় হোৱাৰ যোগ দেখা যায়।
১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত স্বাস্থ্যৰ উন্নতি হ'ব, ৰোগ নাশ হব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য সামান্য বাধাৰ সৃষ্টি হ'ব পাৰে লগতে আজি ছোৱালী সকলে সজাগ নহলে মনত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।
১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত লগ বন্ধুৰ পৰা সহায় সহযোগিতা লাভ কৰিব, কৰ্মত সকলো দিশতে সুৰক্ষিত হ'ব, যদিও আজি আপোনাৰ মনত অশান্তি সৃষ্টি কৰিব পাৰা কৰ্মৰ পৰা নিজে আতৰি থাকিবৈ চেষ্টা কৰিব।
( *বি:দ্ৰ:-* আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
*জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা*
-: নৱগ্ৰহ জ্যোতিষালয় :- " মা কামাখ্যা গেট " (নাৰ্চাৰী)
গুৱাহাটী - ৯
ফোন:- 9101096481
9577136205