দৰঙৰ অন্যতম লোকসংস্কৃতি  মথনী উৎসৱ

দৰঙৰ-অন্যতম-লোকসংস্কৃতি- মথনী-উৎসৱ

দৰঙৰ অন্যতম লোকসংস্কৃতি  মথনী উৎসৱ
দৰঙৰ অন্যতম লোকসংস্কৃতি  মথনী উৎসৱ

দৰঙৰ অন্যতম লোকসংস্কৃতি  মথনী উৎসৱ


 

দৰঙৰ আপুৰুগীয়া লোকসংস্কৃতি সমূহৰ ভিতৰত অন্যতম হ'ল মথনী উৎসৱ।ছিপাঝাৰৰ ঐতিহাসিক দেৱানন্দ সত্ৰত কাতি বিহুৰ দিনা পালন কৰি অহা হৈছে 'মথনী' উৎসৱ।সত্ৰখনৰ সত্ৰাধিকাৰসকলৰ দ্বাৰা এই মথনী উৎসৱ পালন কৰি অহা হৈছে যদিও ইয়াত ৰাইজৰ সম্পূৰ্ণ সহায় সহযোগিতা আছে।সুদূৰ অতীতৰে পৰা চলি অহা এই মথনী উৎসৱ দৰঙী কোচ ৰজা সকলে পৃষ্ঠপোষকতা কৰি অধিক জনমুখী কৰি তোলে।মথনী উৎসৱত দেৱতা -দানৱৰ সাগৰ মন্থনৰ পৌৰাণিক কাহিনীৰ দৃশ্য ৰূপান্তৰিত কৰা হয়।মথনী উৎসৱৰ দিনাখন মন্দিৰৰ সমীপত দিয়া ৰভাতলীত অগণন মানুহৰ সমাগম হয়। সেইদিনা পুৱাৰে পৰা বিষ্ণুমন্দিৰত হোম, নাম -কীৰ্তন আদি কৰা হয়।ৰভাতলীৰ সোঁমাজত ডাঙৰ কলহ এটা পুতি তাৰ মাজত চক্ৰ এটা বহুৱাই এডাল দীঘল মথনীৰ দণ্ড দিয়া হয়।মথনী দণ্ডৰ ওপৰত ৰং-বিৰঙৰ চাৰিখন ধনু আঁৰি দিয়া হয়।তাত দধি,দুগ্ধ আদি পঞ্চমৃত পিঠাগুৰিৰে মিহলাই ওপৰত বান্ধি দিয়া হয়।এই অনুষ্ঠানৰ প্ৰতীকী অৰ্থ এনে ধৰণৰ -দ-গাঁতটো ক্ষীৰ সাগৰ,চক্ৰটো কুৰ্মৰূপী বিষ্ণু,দণ্ডডাল মন্দৰ পৰ্বত আৰু দণ্ডত মেৰিয়াই থোৱা ৰচীডাল বাসুকী নাগ। মথনী উৎসৱৰ আগদিনা সন্ধিয়াতে নামতী সকলে পানী তোলে, উৰুলী জোকাৰেৰে মথনীৰ কলহটোত পানী ভৰাই ঘট প্ৰতিষ্ঠা কৰে।তামোল পান,মাননি,সেৱাৰে গোঁসাই পৰিয়ালৰ মূল তিৰোতা গৰাকীয়ে পানী তোলা ঘট লয় আৰু প্ৰথমতে তিনিবাৰমান মথনীৰ ৰচীডাল লৰাই গুচি যায়।ইয়াৰ পিছত চাৰিজন ল'ৰা আহি নামুৱৈৰ দধি মথনৰ গীত আৰু তালৰ সৈতে সামঞ্জস্য ৰাখি দধি মথাৰ অভিনয় প্ৰদৰ্শন কৰে।উৎসৱৰ দিনাও একেদৰে দধি মথনৰ আয়োজন হয়।মূল সাগৰ মন্থনৰ অভিনয় উৎসৱৰ দিনা ৰাতিহে অনুষ্ঠিত হয়।নামধৰা দলে নাম লগাই দিয়ে।সত্ৰৰ বয়োজ্যেষ্ঠ,জ্ঞানোজ্যেষ্ঠ সকলে সুন্দৰ বগা সাজ পোচাকেৰে তাত নৃত্য ভংগিমাৰে তাত প্ৰবেশ কৰে। এগৰাকী সত্ৰীয়াই হাতত চোঁৱৰ লৈ দলটোৰ আগত থাকে। এওঁ সূত্ৰধাৰ।কথা আৰু গীতেৰে বিষ্ণু বন্দনা,সাগৰ মন্থনৰ কাৰণ বৰ্ণনা কৰে। ছোৱালী সকলে দেৱতাৰ ভাওলৈ আৰু সত্ৰৰ শিষ্য প্ৰশিষ্যই মানৱৰ ভাওলৈ মথনী দণ্ডৰ ৰছীৰ দুয়োমূৰে ধৰি সাগৰ মন্থনৰ দৃশ্য ৰূপায়িত কৰে।ভাউৰীয়া সকলে চং হৈ পৰিৱেশ মুখৰিত কৰি তোলে।এই দৃশ্যই মথনীৰ অন্যতম বৈশিষ্ট্য।মন্থনৰ সমাপ্তি ঘটে -মথনীৰ জৰী ছিগিলে।তাৰ পিছত দণ্ডৰ ওপৰত থকা পঞ্চামৃত ভাণ্ডটি আনি সকলোৱে আনন্দৰে অমৃত জ্ঞান কৰি খায়।মথনীৰ সাগৰ মন্থনত জনসমাজৰ লোকবিশ্বাস জড়িত হৈ আছে। ঐতিহ্য বিভূতিৰ দেৱীয়ে লক্ষ্মীয়ে নানা অপায় অমংগল নাশক অমৃত খুৱাই সাগৰ মন্থনৰ পিছত মাৰি মাৰি মকৰ নাশ কৰি ৰাইজক সুখ আনন্দ দিয়ক- এয়েই হয়তো মথনীৰ সাগৰ মন্থন দৃশ্যৰ অন্তৰালত নিহিত তাৎপৰ্য।সেয়ে মথনীৰ জৰীৰ অংশ ঘৰলৈ নি পবিত্ৰতাৰে ৰখাটো ৰাইজৰ হাবিয়াস।

মঃইন্দাদুল হক।

ছিপাঝাৰ, চেঙেলীয়াঝাৰ