দৰঙ জিলাৰ দেওমৰনৈ বড়িগাৱৰ মিনাক্ষী গোস্বামী আৰু কপিলীসত্ৰ সুস্মিতা ডেকাই আৰ্টিষ্টিক পেয়াৰ শাখাত *সোনৰ পদক
দৰঙ জিলাৰ দেওমৰনৈ বড়িগাৱৰ মিনাক্ষী গোস্বামী আৰু কপিলীসত্ৰ সুস্মিতা ডেকাই আৰ্টিষ্টিক পেয়াৰ শাখাত *সোনৰ পদক

অসমৰ হৈ দৰঙ জিলাৰ দেওমৰনৈ বড়িগাৱৰ মিনাক্ষী গোস্বামী আৰু কপিলীসত্ৰ সুস্মিতা ডেকাই আৰ্টিষ্টিক পেয়াৰ শাখাত *সোনৰ পদক* পাবলৈ সক্ষম
খেল'ইণ্ডিয়া প্ৰকল্পৰ অধীনত খেল প্ৰাধিকৰন অসমৰ তত্বাৱধানত সদৌ অসম যোগাসন ক্ৰীড়া সন্থাৰ পৰিচালনাত জ্যোতি চিত্ৰবন গুৱাহাটীত অনুষ্ঠিত হোৱা খেল'ইণ্ডিয়া অস্মিতা মহিলা ইষ্ট জ'নৰ *আঠ খন ৰাজ্যৰ যোগাসন প্ৰতিযোগিতাত* অসমৰ হৈ দৰঙ জিলাৰ দেওমৰনৈ বড়িগাৱৰ মিনাক্ষী গোস্বামী আৰু কপিলীসত্ৰ সুস্মিতা ডেকাই আৰ্টিষ্টিক পেয়াৰ শাখাত *সোনৰ পদক* পাবলৈ সক্ষম হৈছে।
ইয়াৰ জৰিয়তে তেওঁ লোকে ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ নিৰ্বাচিত হৈছে।বড়িগাও কৃষি আৰু গ্ৰামোন্নয়ন সংঘ,পুথিভঁৰাল আৰু শ্ৰী শ্ৰী মা কামাখ্যা মন্দিৰ পৰিচালনা সমিতি,বড়িগাও মিলন সংঘ,জাপ মৰা বড়ি আঞ্চলিক শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰ পৰিচালনা সমিতি আদি অনুষ্ঠানে দুজনীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।দুজনী কন্যাই *পূব বড়িগাও প্ৰাথমিক বিদ্যালয়স্থিত জিৰণি যোগ কেন্দ্ৰত* যোগ প্ৰশিক্ষক জিতু মহন্ত ৰ তত্বাবধানত প্ৰশিক্ষণ লৈ আছিল। খবৰ টো পোৱাৰ লগে লগে গাওঁ অঞ্চল টোত আনন্দৰ ঢৌ উঠা পৰিলক্ষিত হৈছে।।