দৰং কৰ্কট কেন্দ্ৰৰ উদ্যোগত চেঙ্গেলীয়াঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশ্ব ধঁপাত বিৰোধী দিৱস পালন

দৰং কৰ্কট কেন্দ্ৰৰ উদ্যোগত চেঙ্গেলীয়াঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশ্ব ধঁপাত বিৰোধী দিৱস পালন

দৰং কৰ্কট কেন্দ্ৰৰ উদ্যোগত চেঙ্গেলীয়াঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশ্ব ধঁপাত বিৰোধী দিৱস পালন
দৰং কৰ্কট কেন্দ্ৰৰ উদ্যোগত চেঙ্গেলীয়াঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশ্ব ধঁপাত বিৰোধী দিৱস পালন

দৰং কৰ্কট কেন্দ্ৰৰ উদ্যোগত চেঙ্গেলীয়াঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশ্ব ধঁপাত বিৰোধী দিৱস পালন????

দৰঙৰ ছিপাঝাৰ বিধানসভা সমষ্টিৰ চেঙ্গেলীয়াঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দৰং কৰ্কট কেন্দ্ৰৰ উদ্যোগত বিশ্ব ধঁপাত বিৰোধী দিৱস পালন কৰে। আজি বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে দৰঙৰ চেঙ্গেলীয়াঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দৰং কৰ্কট কেন্দ্ৰৰ উদ্যোগত আয়োজন কৰা কাৰ্যসূচীত প্ৰথমে চেঙ্গেলীয়াঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী এগৰাকীয়ে এটি গীত পৰিবেশনেৰে কাৰ্যসূচী আৰম্ভ হয় ।

দৰং কৰ্কট কেন্দ্ৰৰ ৰোগী সমন্বয়ক তথা ধঁপাত নিয়ন্ত্ৰকৰ নডেল বিষয়া নিৰঞ্জন শইকীয়াই আঁত ধৰা কাৰ্যসূচীত আদৰণী ভাষণ আগবঢ়াই চেঙ্গেলীয়াঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰতুল চহৰীয়াই,বিশ্ব ধঁপাত বিৰোধী দিৱসৰ উপলক্ষে উপস্থিত থকা দুই শতাধিক ছাত্ৰ ছাত্ৰী সকলৰ উদ্দ্যেশ্য ধঁপাতৰ পৰা সাৱধান হোৱা,গুটখা,বিড়ি,চিগাৰেট আদি সেৱনৰ পৰা ভয়ানক ৰোগ হোৱাৰ উপৰিও কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা থকাৰ বিষয়ে অৱগত কৰে দৰং কৰ্কট কেন্দ্ৰৰ অধীক্ষক ডা০ চৈয়দ ইফটিখাৰ চোভানীয়ে,ধঁপাত সেৱনৰ পৰা উদ্ভৱ হ'ব পৰা ৰোগৰ বিষয়ে আৰু সাৱধানতা,লক্ষ্যণ সমূহৰ বিষয়ে অৱগত কৰে দৰং কৰ্কট কেন্দ্ৰৰ চিকিৎসক ডা০ ছহিদুল ইছলামে। উক্ত কাৰ্যসূচীত উপস্থিত থাকে দৰং কৰ্কট কেন্দ্ৰৰ জিলা সমন্বয়ক দীপমনি শৰ্মা,নাৰ্চ জেচমিন আৰা বেগম,নাৰ্চ নয়না শৰ্মা। বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে দৰং কৰ্কট কেন্দ্ৰৰ উদ্যোগত ছেঙ্গেলীয়াঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুস্থিত কৰি পুৰস্কাৰ লাভ কৰা প্ৰতিযোগীসকলৰ মাজৰ পৰা তিনি গৰাকীক পুৰস্কাৰ ট্ৰফী আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰে।

চিত্ৰাংকন প্ৰতিযোগীতাত প্ৰথম স্থান লাভ কৰে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ এম ডি সাহিম মুৰচিড,দ্বিতীয় ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী ৰৌচানাৰা হাজৰিকা আৰু তৃতীয় ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী ইয়াছমিন চুলতানাই,শেষত ছেঙ্গেলীয়াঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী কৰৱী শৰ্মাই শলাগৰ শৰাইৰ আগবঢ়াই । বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে আয়োজন কৰা সজাগতা সভাৰ পিছতে ছাত্ৰ ছাত্ৰী,শিক্ষক কৰ্মচাৰী সকলৰ লগতে দৰং কৰ্কট কেন্দ্ৰৰ একাংশ চিকিৎসক ,কৰ্মচাৰীৰ অংশ গ্ৰহনেৰে ৰেলী উলিওৱা হয় । ধঁপাত বিৰোধী শ্লোগান সম্বলিত কাৰ্ড হাতত লৈ দুই শতাধিক ছাত্ৰ ছাত্ৰীয়ে ৰেলীত অংশ গ্ৰহন কৰে। ইয়াৰ লগতে দৰং কৰ্কট কেন্দ্ৰত অহা ৰোগী,ৰোগীৰ আত্মীয় আৰু দৰং কৰ্কট কেন্দ্ৰৰ একাংশ কৰ্মচাৰীৰ পৰা ধঁপাত জাতীয় সামগ্ৰী সংগ্ৰহ কৰি জলাই দিয়া হয় আৰু দৰং কৰ্কট কেন্দ্ৰত ৰোগী,ৰোগীৰ আত্মীয় আৰু দৰং কৰ্কট কেন্দ্ৰৰ চিকিৎসক,নাৰ্চ,কৰ্মচাৰী সকলৰ উপস্থিতিত এক সজাগতামুলক কাৰ্যসূচী ৰূপায়ন কৰে । বিশ্ব ধঁপাত বিৰোধী দিৱসৰ ২০২৫ ৰ বিশেষ শ্লোগান আকৰ্ষণ উন্মোচন কৰা,সোৱাদবোৰে সত্য লুকুৱাই আৰু মিছাত নকৰিব ।