বিশ্ব সাক্ষৰতা দিৱসত হিৰণ্য কুমাৰ নাথৰ গ্ৰন্থ "সময় আৰু সপোন" উন্মোচন

বিশ্ব সাক্ষৰতা দিৱসত হিৰণ্য কুমাৰ নাথৰ গ্ৰন্থ "সময় আৰু সপোন" উন্মোচন

বিশ্ব সাক্ষৰতা দিৱসত হিৰণ্য কুমাৰ নাথৰ গ্ৰন্থ "সময় আৰু সপোন" উন্মোচন
বিশ্ব সাক্ষৰতা দিৱসত হিৰণ্য কুমাৰ নাথৰ গ্ৰন্থ "সময় আৰু সপোন" উন্মোচন

বিশ্ব সাক্ষৰতা দিৱসত হিৰণ্য কুমাৰ নাথৰ গ্ৰন্থ "সময় আৰু সপোন" উন্মোচন

 ছিপাঝাৰ খণ্ড সমিতিৰ সহযোগত জ্ঞান বিজ্ঞান সমিতি অসমে বিশ্ব সাক্ষৰতা দিৱসটো এইবেলি দৰঙৰ গৰুখুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পালন কৰে ।

দিনযোৰা কাৰ্যসূচীৰে  আজি ছিপাঝাৰ খণ্ড সমিতিৰ প্ৰাক্তন সভাপতি তথা অৱসৰী শিক্ষক গোপাল হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত ৰাজ্যিক সমিতিৰ প্ৰধান সচিব জুলহাস উদ্দিন আহমেদ, প্ৰাক্তন প্ৰধান সচিব দিলীপ কুমাৰ কলিতা,  নৱসাক্ষৰ কবিখ্যাত ৰঙিলা মেধি, স্থানীয় উদ্যোক্তা অমৃত নাথ আদি বক্তাই সাক্ষৰতা দিৱসৰ গুৰুত্ব আৰু ইয়াৰ তাৎপৰ্য বিষদ ভাবে আলোকপাত কৰে। সভাৰ আৰম্ভণিতে সংশ্লিষ্ট বিদ্যালয়খনৰ কেইবাগৰাকী ছাত্ৰীয়ে সমবেত সংগীত পৰিবেশন কৰে। ইয়াৰ উপৰি নকুল ডেকা,  নলিনী দেৱী, পংখী নাথ, উৰ্মিমালা দেৱীয়ে গীত ,নৃত্য পৰিবেশন কৰি আমোদ দিয়ে।

এই সভাৰ মাজতে সাক্ষৰতা কৰ্মী তথা ৰাজ্যিক বঁটাপ্ৰাপ্ত কৃতী শিক্ষক হিৰণ্য কুমাৰ নাথৰ প্ৰবন্ধ সংকলন "সময় আৰু সপোন" উন্মোচন কৰে দৰঙৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ, অবসৰী প্ৰধান শিক্ষক তথা জ্ঞান বিজ্ঞান সমিতি অসমৰ কাৰ্যকৰী সভাপতি আনন্ত চৰণ শৰ্মাই। তেওঁ উন্মোচনী ভাষণত গ্ৰন্থখনৰ লেখনি সমূহ ইতিপূৰ্বে প্ৰকাশিত যদিও ইয়াৰ প্ৰাসঙ্গিকতা আৰু মূল্য আজিও বৰ্তি আছে বুলি কয়। সাক্ষৰতা আন্দোলনৰ প্ৰতিজন কৰ্মী , শিক্ষানুৰাগীৰ লগতে ছাত্ৰ ছাত্ৰীৰ মনত গ্ৰন্থখনে চিন্তাৰ খোৰাক যোগাব বুলি আশা প্ৰকাশ কৰে।

উন্মোচনৰ পূৰ্বে লেখক হিৰণ্য কুমাৰ নাথে গ্ৰন্থখনৰ পটভূমিৰ বিষয়ে কবলৈ গৈ ৰাষ্ট্ৰীয় সাক্ষৰতা মিচনৰ পৃষ্ঠপোষকতাত জ্ঞান বিজ্ঞান সমিতি অসমে কুৰি শতিকাৰ নব্বৈৰ দশকতে অসমতো আৰম্ভ কৰা পূৰ্ণ সাক্ষৰতা অভিযান আৰু পৰবৰ্তী সময়ত উত্তৰ সাক্ষৰতা, অবিৰত শিক্ষাৰ সমান্তৰালভাৱে ৰূপায়িত পৰিৱেশ, স্বাস্থ্য, মহিলা সবলীকৰণ, তৃণমূল পৰ্যায়ত পঞ্চায়ত পৰিকল্পনা, বিজ্ঞান জনপ্ৰিয়কৰণ, ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক বিকাশ  আদি অনেক কাৰ্যসূচীৰ প্ৰচাৰ প্ৰসাৰ আৰু স্বেচ্ছাসেবী কৰ্মী সকলৰ দক্ষতা বৃদ্ধিৰ বাবে  সমিতিৰ নৱসাক্ষৰৰ বাবে প্ৰকাশিত পষেকীয়া কাকত 'জ্ঞান বিজ্ঞান বাৰ্তা' ত প্ৰয়োজনৰ তাগিদাত এলানি প্ৰবন্ধ লিখাৰ কথা ব্যক্ত কৰে। সেই সমূহৰ পৰা কিছু সংখ্যক নিৰ্বাচিত লেখনি একগোট কৰি জ্ঞান বিজ্ঞান সমিতি অসমে গ্ৰন্থ আকাৰে "সময় আৰু সপোন" এই গ্ৰন্থখন প্ৰকাশ কৰাত তেওঁ প্ৰকাশকক ধন্যবাদ জ্ঞাপন কৰে। উল্লেখ্য যে পশ্চিম দৰঙৰ বিষ্ণুপুৰস্থ বাপুজী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শিক্ষক হিচাপে কৰ্মৰত লেখক গৰাকীৰ এইখন হৈছে ষষ্ঠখন প্ৰকাশিত গ্ৰন্থ।

সাক্ষৰতা আন্দোলনৰ হোতা তথা বি বৰুৱা কলেজৰ প্ৰাক্তন অধ্যাপক ড: দেৱদত্ত বৰকটকীৰ স্মৃতিত উৎসৰ্গ এই সংকলিত গ্ৰন্থখনত মুঠ তিনি কুৰিৰো অধিক প্ৰবন্ধ সন্নিৱিষ্ট হৈছে। সামৰণিত খণ্ড সমিতিৰ সভাপতি প্ৰবীন চন্দ্ৰ নাথে শলাগৰ শৰাই আগবঢ়ায়।