দুমুনিচকী সার্বজনীন শ্রীশ্রী দুর্গাপূজা।

দুমুনিচকী সার্বজনীন শ্রীশ্রী দুর্গাপূজা।

দুমুনিচকী সার্বজনীন শ্রীশ্রী দুর্গাপূজা।
দুমুনিচকী সার্বজনীন শ্রীশ্রী দুর্গাপূজা।

দৰং কামৰূপ জিলাৰ সীমান্তবৰ্তী অঞ্চল ডুমুনিচকীত সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰা সার্বজনীন শ্রীশ্রী দুর্গাপূজা এইবেলি সোণালী জয়ন্তী বর্ষ উদযাপন। 

১৯৭৪ খ্রীষ্টাব্দত আৰম্ভ হোৱা কামৰূপ জিলাৰ বৃহত্তৰ ডুমুনিচকী সার্বজনীন শ্রীশ্রী দুর্গাপূজাই এইবেলি সোণালী জয়ন্তী বর্ষ উদযাপনৰ পূৰ্ণ প্ৰস্তুতি আৰম্ভ কৰিছে। সেইমৰ্মে দৰঙৰ দুমুনিচকীত দৰং দুৱাৰ ক্লাবৰ উদ্যোগত দুমুনিচকী চকত এখনি কাৰ্য্য নিৰ্বহক সভা অনুষ্ঠিত হয়।

সমাজকৰ্মী মমতাজ আলীৰ সভাপতিত্বত অনুস্থিত সভাখনত  সোণালী জয়ন্তীবৰ্ষ সফলভাৱে উদযাপন কৰাত পূৰ্ণ সহায়-সহযোগিতা কৰাৰ কথা উল্লেখ কৰে দৰঙৰ দুমুনিচকী অঞ্চলৰ ৰাইজে । 

সোণালী জয়ন্তী বৰ্ষ উদ্যযাপন সমিতিৰ মুখ্য সম্পাদক মহেশ্বৰ বড়া, ভৈৰৱ চৌধুৰী, বিশিষ্ট সমাজকৰ্মী লুটফুৰ ৰহমান, মৃদুল আহমেদ সহ অঞ্চলটোৰ কেইবা গৰাকী বিশিষ্ট ব্যক্তি তথা উদযাপন সমিতিৰ বিষয়বীয়া সকল উপস্থিত থাকি বক্তব্য প্রদান কৰে।

সভাখনত সোণালী জয়ন্তী উদ্যযাপন সমিতিৰ সকলো বিষয়বীয়াকে এখনি ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনোৱা হয়।

বিগত বছৰকেইটিৰ দৰে এইবেলিও ডুমুনিচকী সার্বজনীন শ্রীশ্রী দুর্গাপূজাই এক সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিব বুলি উল্লেখ কৰে অঞ্চলটোৰ ৰাইজে।