অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলন

অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলন

অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলন
অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলন

অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলন দুনী শাখাৰ ১০৫ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশন সফল সামৰণিঃ

সংবাদ ডিজিটেল, দিপিলা ৫ ফেব্ৰুৱাৰী: অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলন দুনী শাখাৰ ১০৫ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশন টেঙেৰা-বগাছলা খেলৰ আতিথ্যত সোণেশ্বৰ চহৰীয়া সোঁৱৰণী ক্ষেত্ৰ, বগাছলাত এদিনীয়াকৈ ব্যাপক বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়।

ৰাতিপুৱা বন্তি প্ৰজ্বলনৰে আৰম্ভ হোৱাৰ পিছতেই ভিন্নকাৰ্যসূচী ৰূপায়নৰ মাজেৰে দুপৰীয়া ১-৩০ বজাত দুনী শাখা কলিতা জনগোষ্ঠীৰ সদ্য বিদায়ী সভাপতি ৰামেশ্বৰ কলিতাই সভাপতিত্ব কৰা মুকলি সভাৰ শুভউদ্বোধন কৰে অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলনৰ প্ৰাক্তন সভাপতি খিতেশৰ কলিতাই।ভিন্নপ্ৰান্তৰ পুৰুষ মহিলা যুৱক যুৱতীৰে পৰিপূৰ্ণ মুকলি সভাত অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠীৰ সন্মিলনৰ সম্পাদক অজিত কুমাৰ ডেকা, মঙলদৈ বানিজ্য মহাবিদ্যালয়ৰ প্ৰবক্তা ড° ৰমেন কলিতা,আদিত চন্দ্ৰ বৰুৱা,চন্দ্ৰ বৰুৱা,পুৰণ চন্দ্ৰ কলিতা,ৰাম চন্দ্ৰ চহৰীয়াকে আদি কৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপষ্ঠিত থাকে।

গীতেমাতে জীপাল হৈ পৰা অধিবেশনৰ অন্যতম কাৰ্যসূচী প্ৰতিনিধি সভাত আগন্তক দুই বৰ্ষৰ বাবে এখনি পূৰ্ণাংগ কমিতি গঠন কৰি সভাপতি হিচাবে ধনেশ্বৰ চহৰীয়া আৰু গজেন কলিতাক সম্পাদকৰ দায়িত্ব অৰ্পন কৰে।উৎসৱ মূখৰ হৈ পৰা অধিবেশনৰ সমূহ কাৰ্যসুচীত ৰাইজৰ উপস্থিতি আৰু সহায়-সহযোগিতাৰ বাবে দুনী শাখা কলিতা জনগোষ্ঠী সন্মিলনৰ সদ্য বিদায়ী সম্পাদক ধৰণীধৰ কলিতা আৰু অভ্যৰ্থনা সমিতিৰ সভাপতি বীৰেন্দ্ৰ কলিতা,সম্পাদক দুল চহৰীয়াই ধন্যবাদ জ্ঞাপন কৰে।

দিপীলাৰ পৰা পংকজ ডেকাৰ ৰিপৰ্ট।সংবাদ ডিজিটেল।