অসম সাংস্কৃতিক মহাসংগ্ৰামৰ মঙলদৈ বিধানসভা সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান
অসম সাংস্কৃতিক মহাসংগ্ৰামৰ মঙলদৈ বিধানসভা সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান
অসম সাংস্কৃতিক মহাসংগ্ৰামৰ মঙলদৈ বিধানসভা সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান
সংবাদ ডিজিটেল, মঙলদৈ, ৭ ডিচেম্বৰ: আজি দৰঙৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অসম সাংস্কৃতিক মহাসংগ্ৰামৰ মঙলদৈ বিধানসভা সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতাৰ শুভ উদ্ধোধনী অনুষ্ঠান অনুষ্ঠিত হয়। আজিৰ অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাসে দৰঙৰ বৈশিষ্ট্যপূৰ্ণ সাংস্কৃতিক ঐতিহ্যৰ কথা উল্লেখ কৰি এই সমষ্টিৰ পৰা ক্ৰমান্বয়ে জিলা আৰু ৰাজ্যিক পৰ্যায়তো নৱপ্ৰজন্মৰ শিল্পীয়ে সুনাম অৰ্জন কৰিব বুলি আশা প্ৰকাশ কৰে।
আজিৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে অসম সাংস্কৃতিক মহাসংগ্ৰামত সমষ্টি পৰ্যায়লৈকে নিৰ্বাচিত হৈ অহা শিল্পীসকলৰ মাজৰ পৰাই জিলা আৰু ৰাজ্যিক পৰ্যায়ত সফলতা লাভ কৰা শিল্পী ওলাব বুলি আশা ব্যক্ত কৰে । নৱপ্ৰজন্মই দৃঢ়সংকল্প, উৎসৰ্গিত মন আৰু নিষ্ঠাৰে সৈতে আগবাঢ়ি গ'লে সাংস্কৃতিক ক্ষেত্ৰখনৰ লগতে জীৱনৰ সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব বুলি তেওঁ মন্তব্য কৰে।
আজিৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মানস দাসে নাট্যকাৰ, গীতিকাৰ হেমন্ত দত্তৰ গীতৰ উদ্ধৃতিৰে সাংস্কৃতিক মহাসংগ্ৰামৰ অংশগ্ৰহণকাৰীসকললৈ শুভেচ্ছা জ্ঞাপন কৰে। আজিৰ অনুষ্ঠানত গীতিকাৰ প্ৰভাত চৌধুৰী, শিল্পী চন্দ্ৰশেখৰ ৰয়ক সম্বৰ্দ্ধনা জনোৱা হয়।
আজিৰ অনুষ্ঠানত মঙলদৈ পৌৰসভাৰ সভাপতি নিৰ্মালী দেৱী শৰ্মা, জিলা উন্নয়ন আয়ুক্ত পংকজ কুমাৰ ডেকা, সাংস্কৃতিক মহাসংগ্ৰামৰ সমষ্টি পৰ্যায়ৰ সমিতিৰ সভাপতি দ্বিজেন্দ্ৰ মোহন দেৱশৰ্মা, অতিৰিক্ত জিলা আয়ুক্ত উপাসনা দত্ত, জিলা সাংস্কৃতিক বিষয়া ধনদা দাস হাজৰিকা, প্ৰতিযোগীসকল, ছাত্ৰ-ছাত্ৰী, সাংস্কৃতিক কৰ্মী, বিশিষ্ট নাগৰিক আৰু সংস্কৃতিপ্ৰেমী ৰাইজ উপস্থিত আছিল।