অৱসৰী শিক্ষক দিলোৱাৰ হুছেইনৰ "মুকুতাৰ মালা" আৰু" বন্দিত্বৰ আৰ্তনাদ" উন্মোচন।
অৱসৰী শিক্ষক দিলোৱাৰ হুছেইনৰ "মুকুতাৰ মালা" আৰু" বন্দিত্বৰ আৰ্তনাদ" উন্মোচন।
অৱসৰী শিক্ষক দিলোৱাৰ হুছেইনৰ "মুকুতাৰ মালা" আৰু" বন্দিত্বৰ আৰ্তনাদ" উন্মোচন।
প্ৰকৃতি,ধৰ্ম, সামাজিক শিক্ষাই এজন ব্যক্তিৰ প্ৰকৃত বিদ্যাৰম্ভ।ডঃ অমৰ জ্যোতি চৌধুৰী।
সংবাদ ডিজিটেল, পুলক চমুৱা, দুমুনিচকী ৪ ডিচেম্বৰ:
পৃথিৱীৰ সকলো মানুহেই আমাৰ আপোন।জাতি, ধৰ্ম,ভাষা, সংস্কৃতি, খাদ্য বেলেগ হ'লেও আমি এক অসমৰ, এখন ভাৰতৰ আৰু এখন পৃথিৱীৰ বাসিন্দা। গতিকে পৃথিৱীত বসবাস কৰা সকলো মানুহে আমাৰ আপোন আৰু নিজৰ। প্ৰকৃতি, ধৰ্ম, সামাজিক শিক্ষাই এজন ব্যক্তিৰ প্ৰকৃত বিদ্যাৰম্ভ হয় বুলি কব পাৰি। বিদ্যালয়ত আনুষ্ঠানিক শিক্ষাৰ কাৰণে নাম ভৰ্তি কৰা মানে বিদ্যাৰম্ভ নুবুজায়।
এই মন্তব্য গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাচাৰ্য, শিক্ষাবিদ, চিন্তাবিদ,নিৱন্ধকাৰ তথা দৈনিক অসমৰ প্ৰাক্তন সম্পাদক ডঃ অমৰ জ্যোতি চৌধুৰীৰ। দুমুনিচকী (দৰং) ছোৱালী হাইস্কুল (বৰ্তমান উচ্চ মাধ্যমিক বিদ্যালয়)ৰ অৱসৰপ্ৰাপ্ত শিক্ষক, লেখক, সাংস্কৃতিক কৰ্মী, সমন্বয়ৰ বাৰ্তা কঢ়িয়াই অনা দিলোৱাৰ হুছেইনৰ" মুকুতাৰ মালা" আৰু "বন্দিত্বৰ আৰ্তনাদ" নামৰ গ্ৰন্থ দুখন উন্মোচন কৰি ডঃ অমৰ জ্যোতি চৌধুৰীয়ে কয় যে জাতি, ধৰ্ম, ভাষা, সংস্কৃতি আৰু প্ৰকৃতি শিক্ষাৰে মহিয়ান বাবেই আজি দুমুনিচকীৰ সু সন্তান দিলোৱাৰ হুছেইনে দুখনকৈ গ্ৰন্থ প্ৰকাশ কৰি সমাজত উপহাৰ দিব পাৰিছে।
যত দুমুনিচকী অঞ্চলৰ এটা সময়ৰ মুকুতাৰ মালা সদৃশ, স্বনামধন্য ব্যক্তি সকলৰ ব্যক্তিত্ব আৰু কৰ্মজীৱনৰ বহুতো নজনা কথা প্ৰকাশ পাইছে।যি সকল লোকৰ জীৱন আৰু কৰ্মৰাজিৰ বাবে পৃথিৱীতে গৌৰৱ কঢ়িয়াই আনিছিল দুমুনিচকীৰ। তেওঁ কয়,আমি যতেই নাথাকো কিয় উদ্ভিদৰ সৈতে মানুহৰ আত্মীক সম্পৰ্ক আছে।প্ৰকৃতিৰ আত্মাৰ লগত সম্পৰ্ক কৰিব পৰা জনেই প্ৰকৃত মানুহ বুলি মই বিশ্বাস কৰো।বিনয়ৰ পৰম্পৰা ৰক্ষা কৰাটো প্ৰকৃত মানৱ ধৰ্ম হিচাপে বিবেচনা কৰে তেখেতে। তেনে এজন ব্যক্তি হৈছে দুমুনিচকীৰ দিলোৱাৰ হুছেইন।
শিক্ষক আব্দুল ৰফ আহমেদে আঁতধৰা আৰু গ্ৰন্থ উন্মোচনী সভাৰ আয়োজক সমিতিৰ সভাপতি ডাঃ মুনীন্দ্ৰ নাথ চমুৱাই মুকলি কৰা গ্ৰন্থ উন্মোচনী সভাৰ উদ্বোধক ৰাজ্যৰ আন এগৰাকী বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি ইদ্ৰিছ আলীয়ে দুমুনিচকীৰ মুকুতা সদৃশ লোক সকলৰ অন্যতম কানাডা নিৱাসী পৃথিৱী বিখ্যাত বিজ্ঞানী,অংক বিদ ডঃ মতিউৰ ৰহমান,পৃথুৰাম বৰুৱা,ডাঃ ইলিয়াছ আলী, ফিজনুৰ আলী,দণ্ডধৰ বৰুৱা আদি লোক সকলৰ জীৱন কৃতিৰ আলামত অৱসৰী শিক্ষক দিলোৱাৰ হুছেইনে গ্ৰন্থ প্ৰকাশ কৰি জীৱন্ত চানেকিৰ পৰিচয় দিয়াত শলাগ লয়।
গ্ৰন্থ উন্মোচনী সভাৰ নিদিষ্ট বক্তা দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট চিকিৎসক,দৰঙৰ সমাজ সংগঠক ডাঃ অমৰেন্দ্ৰ নাৰায়ন দেৱে কয় আমি কেতিয়াবা কিয় অসন্তোষ আৰু সন্দেহৰ মাজত সোমাই পৰো।সময়ৰ গতিত নেতিবাচক দিশেৰে আগবাঢ়ি গ'লেহে ইতিবাচক দিশৰ সন্ধান পোৱা যায়।অৱসৰী শিক্ষক দিলোৱাৰ হুছেইনৰ আজিৰ ইতিবাচক পদক্ষেপে দুমুনিচকীৰ সমাজ খনক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব। উপস্থিত অভ্যাগত সকলক গ্ৰন্থ প্ৰকাশক অৱসৰী শিক্ষক দিলোৱাৰ হুছেইনে আদৰণি জনোৱা উন্মোচনী সভাত হাৰেজ আলী আৰু বন্দিতা চমুৱাই দুটি গীত পৰিৱেশন কৰে। উল্লেখ্য যে আজিৰ গাম্ভীৰ্যপূৰ্ণ পৰিবেশত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভা খনত দুমুনিচকীৰ সৈতে সংপৃক্ত দৰং আৰু কামৰূপ জিলাৰ লগতে মৰিগাঁও জিলাৰ মায়াঙৰ পৰা অহা বিশিষ্ট সমাজকৰ্মী, শিক্ষাবিদ, লেখক, সাহিত্যিক, অৱসৰী শিক্ষক কৰ্মচাৰী , চিকিৎসক, সংবাদকৰ্মী সহ দুই শতাধিক বৰেণ্য ব্যক্তি উপস্থিত থাকে।