ছিপাঝাৰ শিক্ষাখণ্ডত নিপুণ অসমৰ বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ প্ৰশিক্ষণ সমাপ্ত

ছিপাঝাৰ শিক্ষাখণ্ডত নিপুণ অসমৰ বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ প্ৰশিক্ষণ সমাপ্ত

ছিপাঝাৰ শিক্ষাখণ্ডত নিপুণ অসমৰ বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ প্ৰশিক্ষণ সমাপ্ত
ছিপাঝাৰ শিক্ষাখণ্ডত নিপুণ অসমৰ বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ প্ৰশিক্ষণ সমাপ্ত

ছিপাঝাৰ শিক্ষাখণ্ডত নিপুণ অসমৰ বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ প্ৰশিক্ষণ সমাপ্ত
সংবাদ ডিজিটেল, ছিপাঝাৰ, ১৪ ডিচেম্বৰ: সমগ্ৰ শিক্ষা, দৰঙৰ অধীনত ছিপাঝাৰ শিক্ষাখণ্ডৰ উদ্যোগত যোৱা ৫ ডিচেম্বৰৰ পৰা ১৪ ডিচেম্বৰলৈ পাঁচ দিনীয়াকৈ অনুষ্ঠিত হোৱা নিপুণ অসমৰ বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সামৰণি পৰে।

ছিপাঝাৰ শিক্ষা খণ্ডৰ মুঠ চাৰিটা প্ৰশিক্ষণ কেন্দ্ৰ ক্ৰমে বৰদৌলগুৰি উচ্চ মাধ্যমিক বিদ্যালয়, ছিপাঝাৰ একাডেমী, বৰনৈ ছিনিঅ'ৰ চেকেণ্ডাৰী আৰু নেহৰু স্মৃতি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত চাৰি শতাধিক শিক্ষকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। ইতিমধ্যে ১৬ নবেম্বৰৰ পৰা ২১ নবেম্বৰলৈ অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণতো চাৰি শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল।

খণ্ড ভিত্তিত অনুষ্ঠিত এই প্ৰশিক্ষণৰ চাৰিটা কেন্দ্ৰ পৰিচালনাৰ দায়িত্ব পালন কৰে বৰদৌলগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ কেন্দ্ৰত ঢেকীপাৰা মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক প্ৰণৱ কুমাৰ ডেকা, ছিপাঝাৰ একাডেমী কেন্দ্ৰত ব্যাসপাৰা মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক জ্যোতিৰ্ময় নাথ, বৰনৈ ছিনিঅ'ৰ চেকেণ্ডাৰী কেন্দ্ৰত গণেশ কুঁৱৰী মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক বন্তিউৰ ৰহমান আৰু নেহৰু স্মৃতি বালিকা উচ্চ মাধ্যমিক বিদ্যালয় কেন্দ্ৰত হাজৰিকা পাৰা মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক প্ৰণৱ কুমাৰ নাথে।

এই প্ৰশিক্ষণ কাৰ্যসূচীত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে ক্ৰমে ধকমান শ্ৰেষ্ঠ, মিতালী দাস, কৌশিক ডেকা, ৰীতা গয়াৰী, পূৰবী বৰুৱা, নিভা ডেকা মহন্ত, দয়াৰাম শইকীয়া, প্ৰণিতা ৰাভা, দ্বীপজ্যোতি বড়ো, নাজিজুল হক, সোনাৰুদ্দিন আহমেদ, ইন্দ্ৰাণী দত্ত, চাবিনা ইয়াচমিন, দিপক কুমাৰ ডেকা, দিপাংকৰ শৰ্মা, পিংকু পাটোৱাৰীয়ে।

প্ৰশিক্ষণ কেন্দ্ৰ কেইটিত সমগ্ৰ শিক্ষা, দৰং জিলাৰ শিক্ষক প্ৰশিক্ষণ বিভাগৰ জিলা আঁচনি বিষয়া হেমপ্ৰভা ডেকা, প্ৰগ্ৰেমাৰ দিব্যপদ নাথ, ছিপাঝাৰ শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া গীতা দেৱী, সহঃ পৰিদৰ্শক লক্ষ্যধৰ শৰ্মা, খণ্ড সমল ব্যক্তি গীতাৰাণী ডেকা, পিংকী তালুকদাৰ, দীপক কলিতাই প্ৰশিক্ষণ কেন্দ্ৰসমূহ নিৰীক্ষণ কৰাৰ লগতে বিভিন্ন দিহা-পৰামৰ্শ গৈ আগবঢ়ায়। লগতে নিপুণ অসমৰ প্ৰশিক্ষণত পোৱা জ্ঞান, অভিজ্ঞতা আৰু কৌশল শ্ৰেণীকোঠাত সঠিকভাৱে ব্যৱহাৰ কৰাৰ বাবে শিক্ষক সকলক আহ্বান জনায়।

উল্লেখ্য যে উক্ত প্ৰশিক্ষণত প্ৰতিদিনে সমগ্ৰ শিক্ষা, অসমৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা দৰং জিলাৰ নিপুণ অসমৰ প্ৰশিক্ষণৰ নিৰীক্ষণৰ দায়িত্বত থকা ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ অৱসৰী বিষয়া ড০ মিজোপ্ৰভা বৰাই ভিডিঅ' কলিং যোগে চাৰিওটা কেন্দ্ৰৰ প্ৰশিক্ষণ কাৰ্যসূচী নিয়মিতভাৱে নিৰীক্ষণ কৰি বহুমূলীয়া দিহা-পৰামৰ্শ প্ৰদান কৰে। ইফালে আজি বৰদৌলগুৰি উচ্চ মাধ্যমিক বিদ্যালয় কেন্দ্ৰত প্ৰশিক্ষণৰ এটি সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। কেন্দ্ৰ পৰিচালক প্ৰণৱ কুমাৰ ডেকাই পৰিচালনা কৰা এই অনুষ্ঠানত প্ৰশিক্ষাৰ্থী শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে সমল ব্যক্তিসকলে বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে জীপাল কৰি তোলে।