ছিপাঝাৰত প্ৰাক্ শৈশৱকালীন শিশুৰ যতন আৰু শিক্ষা প্ৰশিক্ষণ
ছিপাঝাৰত প্ৰাক্ শৈশৱকালীন শিশুৰ যতন আৰু শিক্ষা প্ৰশিক্ষণ
ছিপাঝাৰত প্ৰাক্ শৈশৱকালীন শিশুৰ যতন আৰু শিক্ষা প্ৰশিক্ষণৰ সমাপন।
তিনিখন হাতেলিখা আলোচনী উন্মোচন
সংবাদ ডিজিটেল, ছিপাঝাৰ,২৮ ডিচেম্বৰ: সমগ্ৰ শিক্ষা দৰঙৰ অধীনত ছিপাঝাৰ শিক্ষা খণ্ডৰ উদ্যোগত যোৱা ১৯ ডিচেম্বৰৰ পৰা ২৭ ডিচেম্বৰলৈ পাঁচ দিনীয়াকৈ অনুষ্ঠিত হোৱা প্ৰাক্ শৈশৱকালীন যতন আৰু শিক্ষা প্ৰশিক্ষণ (ECCE) কাৰ্যসূচীৰ কালি সামৰণি পৰে। ছিপাঝাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত বৰদৌলগুৰি উচ্চ মাধ্যমিক বিদ্যালয় আৰু নেহৰু স্মৃতি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত এই প্ৰশিক্ষণ অনুষ্ঠিত হৈছিল।
ছিপাঝাৰ শিক্ষা খণ্ডৰ প্ৰাক্ প্ৰাথমিক শ্ৰেণী থকা বিদ্যালয়ৰ প্ৰায় দুই শতাধিক শিক্ষকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। খণ্ড ভিত্তিত অনুষ্ঠিত এই প্ৰশিক্ষণৰ বৰদৌলগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ কেন্দ্ৰত- ঢেকীপাৰা আৰু ঘোৰাবান্ধা মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক প্ৰণৱ কুমাৰ ডেকাই পৰিচালনা কৰা প্ৰশিক্ষণৰ শুভাৰম্ভণী কৰে ছিপাঝাৰ শিক্ষা খণ্ডৰ বিদ্যালয় সমূহৰ সহ: পৰিদৰ্শক লক্ষ্যধৰ শৰ্মাই। শুভাৰম্ভনী অনুষ্ঠানত উপস্থিত থাকে বৰদৌলগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰশান্ত ডেকা আৰু নমাটি মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক ধৰ্মেন্দ্ৰ নাথে।
এই প্ৰশিক্ষণত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিছে ক্ৰমে ৰঞ্জুমণি নাথ ,কৰবী দাস, ফাৰহিনা বেগম,গীতিকা বড়া, বাবলী দেৱী,দীপিকা কলিতা, নিবেদিতা লহকৰ আৰু নাজৰিণ চুলতানাই। প্ৰশিক্ষণত সমগ্ৰ শিক্ষাৰ দৰং জিলাৰ আঁচনি বিষয়া ধনজিত ৰাজবংশী ,দৰং জিলা ডায়েটৰ প্ৰবক্তা পিংকী ঘোষ, ড;মধুস্মিতা শৰ্মা, ছিপাঝাৰ শিক্ষা খন্ডৰ খণ্ডৰ প্ৰাথমিক শিক্ষা বিষয়া গীতা দেৱী ,খণ্ড সমল ব্যক্তি গীতাৰানী দেৱী, পিংকী তালুকদাৰে প্ৰশিক্ষণত উপস্থিত থাকি প্ৰশিক্ষাৰ্থীসকলৰ লগত মত বিনিময় কৰে। লগতে ইয়াক সঠিকভাৱে শ্ৰেণীকোঠাত ব্যৱহাৰ কৰাৰ বাবে শিক্ষক সকলক আহ্বান জনায়।
উল্লেখ্য যে উক্ত প্ৰশিক্ষণত প্ৰতিদিনে সমগ্ৰ শিক্ষাৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা দৰং জিলাৰ এই প্ৰশিক্ষণৰ দায়িত্বত থকা বিষয়া সুপ্ৰিয়া বড়াই ভিডিঅ' কলিং যোগে প্ৰশিক্ষণ চোৱা-চিতা কৰি আছিল।ইয়াৰোপৰি বৰদৌলগুৰি উচ্চ মাধ্যমিক বিদ্যালয় কেন্দ্ৰত প্ৰশিক্ষণৰ অন্তিম দিনা এটি সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। কেন্দ্ৰ পৰিচালক তথা ঢেকীপাৰা আৰু ঘোঁৰাবান্ধা মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক প্ৰণৱ কুমাৰ ডেকাই পৰিচালনা কৰা এই অনুষ্ঠানত শিক্ষক সকলে গীত -নৃত্য -কবিতা-কথাৰে জীপাল কৰি তোলে। লগতে প্ৰশিক্ষাৰ্থী সকলে প্ৰস্তুত কৰা হাতেলিখা আলোচনী "ৰামধেনু"উন্মোচন কৰে প্ৰাথমিক শিক্ষা বিষয়া গীতা দেৱীয়ে। অনুষ্ঠানত উপস্থিত থাকে ডুমুনীচকী মন্ডল সমল কেন্দ্ৰৰ সমন্বয়ক নাজিজুল হক। ইফালে নেহৰু স্মৃতি বালিকা বিদ্যালয় কেন্দ্ৰৰ পৰিচালক হিচাপে থাকে হাজৰিকাপাৰা আৰু দেবানন্দ মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক প্ৰণৱ কুমাৰ নাথ।
উক্ত কেন্দ্ৰটোতো সামৰণি অনুষ্ঠানত গীত মাত নৃত্য অনুষ্ঠানৰ লগতে শিক্ষক সকলৰ দ্বাৰা প্ৰকাশ কৰি উলিওৱা হয় দুখনকৈ হাতেলিখা আলোচনী- যথাক্ৰমে বিমান হাজৰিকাৰ দ্বাৰা সম্পাদিত ''জ্ঞানম" আৰু ক্ষীৰোদ কুমাৰ চহৰীয়াৰ দ্বাৰা সম্পাদিত "ফেঁহুজালী"। সামৰণি অনুষ্ঠানৰ সঞ্চালক হিচাপে উপস্থিত থকা ৰাজ্যিক বঁটা প্ৰাপক অৱসৰী কৃতী শিক্ষক শিৱপ্ৰসাদ শৰ্মা আৰু বিশিষ্ট সমাজ সংগঠক শৈলেন ডেকাৰ দ্বাৰা এই দুয়োখন আলোচনী উন্মোচন কৰা হয়। শিক্ষক প্ৰশিক্ষাৰ্থী পংকজ শৰ্মাই আঁতধৰা আৰু দয়াৰাম শইকীয়াই সহযোগিতা কৰা উক্ত সামৰণি অনুষ্ঠানত উপস্থিত থাকে খণ্ড সমল ব্যক্তি গীতাৰাণী ডেকা আৰু দুমুনীচকী মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক নাজিজুল হক।