ছিপাঝাৰৰ বৰকলিয়াঝাৰ বেংনৈ বুঢ়া গোসাঁই নামঘৰ সমিতিৰ উদ্যোগত প্ৰথম বাৰ্ষিক অখণ্ড ভাগৱৎ পাঠ।
ছিপাঝাৰৰ বৰকলিয়াঝাৰ বেংনৈ বুঢ়া গোসাঁই নামঘৰ সমিতিৰ উদ্যোগত প্ৰথম বাৰ্ষিক অখণ্ড ভাগৱৎ পাঠ।
সাদিনীয়া অখণ্ড ভাগৱৎ পাঠৰ প্ৰথম দিনটোতেই ভক্তিৰসৰে উখলমাখল বৰকলিয়াঝাৰঃ
ছিপাঝাৰৰ বৰকলিয়াঝাৰ বেংনৈ বুঢ়া গোসাঁই নামঘৰ সমিতিৰ উদ্যোগত প্ৰথম বাৰ্ষিক অখণ্ড ভাগৱৎ পাঠ।
৩০ অক্টোবৰৰ পৰা ৫ নৱেম্বৰলৈ অনুষ্ঠিত হবলগীয়া সাদিনীয়া অখণ্ড ভাগৱৎ পাঠ অনুষ্ঠানৰ প্ৰথম দিনটোতে আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰে।
ভাতৃত্ব,একতা আৰু বিশ্ব শান্তিৰ বাবে প্ৰভুৰ শ্ৰীচৰণত অগনণ ভক্ত-দৰ্শনাৰ্থীৰ সমাগমৰে অনুষ্ঠিত অখণ্ড ভাগৱৎ পাঠৰ শুভাৰম্ভনী কৰে চণ্ডিৰাম ডেকাই।
ভিন্নপ্ৰান্তৰ ভক্তদৰ্শনাৰ্থীৰ অংশগ্ৰহনৰে উলিওৱা ভাগৱত শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে অৱসৰী উপাধক্ষ্য ড°ৰামচন্দ্ৰ ডেকাই।
বিশ্বশান্তি সমন্বয়ৰ বাৰ্তা আৰু ভক্তিৰসৰ মাজেৰে আজিৰে পৰা আৰম্ভহোৱা অনুষ্ঠানৰ সাদিনীয়া অখণ্ড ভাগৱৎ পাঠৰ অহা ৫ নৱেম্বৰত সামৰণি পৰিব।
আনহাতে বৰকলিয়াঝাৰ বেংনৈ অখণ্ড ভাগৱৎ পৰিচালনা সমিতিৰ বিষয়ববীয়া ক্ৰমে ৰবিন্দ্ৰ শইকীয়া,অৰুণ ডেকা,দীনেশ্বৰ ডেকা. কৌশিক ডেকা,কংকন ডেকা,পিৰেন ডেকা আৰু ধীৰেন্দ্ৰ ডেকাই সাদিনীয়া ভাগৱৎ পাঠৰ সমূহ কাৰ্যসূচীত ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে
দিপীলাৰ পৰা পংকজ ডেকাৰ সহযোগত সুনীল চহৰীয়াৰ ৰিপৰ্ট।সংবাদ ডিজিটেল।