দেওমৰনৈত আধুনিক নৃত্য কৰ্মশালাৰ সামৰণি ।

দেওমৰনৈত আধুনিক নৃত্য কৰ্মশালাৰ সামৰণি ।

দেওমৰনৈত আধুনিক নৃত্য কৰ্মশালাৰ সামৰণি ।
দেওমৰনৈত আধুনিক নৃত্য কৰ্মশালাৰ সামৰণি ।

দেওমৰনৈত আধুনিক নৃত্য কৰ্মশালাৰ সামৰণি ।


দৰং জিলাৰ ছিপাঝাৰ বিধানসভা সমষ্টিৰ দেওমৰনৈ গাওঁ পঞ্চায়তৰ অন্তৰ্গত দেওমৰনৈত থকা কৌশিকী গংগা সাংস্কৃতিক প্ৰকল্প ক্ষিৰোদানন্দ গোস্বামী সোঁৱৰণী ভৱনত ১৩ জুলাইৰ পৰা ১৭ জুলাইলৈ অনুষ্ঠিত হোৱা আধুনিক নৃত্য কৰ্মশালাৰ আজি সামৰণি পৰে । এই পাঁচ দিনীয়া আধুনিক নৃত্য কৰ্মশালাৰ সামৰণি অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্থিত থাকি প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰশিক্ষাৰ্থী সকলক প্ৰশংসা পত্ৰ প্ৰদান কৰে আৰু লগতে শুভেচ্ছা মুলক বক্তব্য আগবঢ়ায় ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশীয়ে ।

আধুনিক নৃত্য কৰ্মশালাৰ সামৰণি অনুষ্ঠানত অসম নাট্য সন্মিলন দেওমৰনৈ শাখাৰ সম্পাদক নিৰঞ্জন শইকীয়াই আঁত ধৰা কাৰ্যসূচীত উপস্থিত থাকি প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰশিক্ষাৰ্থী সকলক প্ৰশংসা পত্ৰ প্ৰদান আৰু শুভেচ্ছামুলক বক্তব্য আগবঢ়ায় অসম নাট্য সন্মিলন দৰং জিলা সমিতিৰ সভাপতি মহেন্দ্ৰ ডেকা, কাৰ্যকৰী সভাপতি মৃণাল ৰাজবংশী, সাংগঠনিক সম্পাদক মুকুট চন্দ্ৰ হাজৰিকা, দেওমৰনৈ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ উপ অধিক্ষক ডা০ কমলাকান্ত শৰ্মা,বিশিষ্ট অভিনেতা পৰেশ গোস্বামী, দেওমৰনৈ সাহিত্য সভাৰ সভাপতি জিতেন্দ্ৰনাথ শৰ্মা,সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি খনিন্দ্ৰ ৰাজবংশী, জেষ্ঠ্য সাংবাদিক ৰত্নেশ্বৰ চহৰীয়া, খাৰখোৱাপাৰা গাঁৱৰ গাওঁ প্ৰধান নিৰঞ্জন নাথ ,ভেৰগাঁও মহকুমা আৰক্ষী বিষয়া দুৰ্গা কিংকৰ শৰ্মা,সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি পাৰ্থ জ্যোতি ডেকা ,

দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰফিকুদ্দিন আহমেদ,অসম নাট্য সন্মিলন দেওমৰনৈ শাখাৰ কাৰ্যকৰী সভাপতি হৰি ডেকা, উপসভাপতি প্ৰাণেশ্বৰ শৰ্মা, সাধনা যোগ কেন্দ্ৰৰ অধ্যক্ষা হিৰামনি গোস্বামী,অসম নাট্য সন্মিলন দেওমৰনৈ শাখাৰ সভাপতি হেমচন্দ্ৰ বৰুৱা,সদৌ অসম গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক চাহাবুদ্দিন আহমেদ,কলাইগাঁও শিক্ষা খণ্ডৰ গাণনিক পাৰ্থজিৎ কুমাৰ, দেওমৰনৈ বি.এড মহাবিদ্যালয়ৰ প্ৰৱক্তা হেমন্ত শৰ্মা, স্বাস্থ্য কৰ্মী পৰেশ চহৰীয়া,অৱসৰপ্ৰাপ্ত শিক্ষক পৰমেশ মহন্ত, বিশিষ্ট নৃত্যশিল্পী আৰ জে অংশুমানে এই বিশেষ আধুনিক নৃত্য কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰি আজি সামৰণি অনুষ্ঠানত সকলোকে শুভেচ্ছা মুলক বক্তব্য আগবঢ়ায়।

আধুনিক নৃত্য কৰ্মশালাত প্ৰায় ৩৫ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে আৰু প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰশিক্ষাৰ্থী সকলকে দলীয় নৃত্য প্ৰদৰ্শন কৰে। অনুষ্ঠান খনিত শলাগৰ শৰাই আগবঢ়াই মৰনৈ ডান্স একাডেমীৰ অধ্যক্ষা বিনীতা চহৰীয়াই ।