পথৰু সমন্বয় গোষ্ঠী, পথৰুঘাটৰ সুকনানি সংগীতৰ দিনৰ
পথৰু সমন্বয় গোষ্ঠী, পথৰুঘাটৰ সুকনানি সংগীতৰ দিনৰ
পথৰু সমন্বয় গোষ্ঠী, পথৰুঘাটৰ সুকনানি সংগীতৰ দিনৰ
অনুষ্ঠানত শিল্পী বলোৰাম বৈশ্যক তৌৰ্যত্ৰিক পাৰংগত মুক্তাৰাম বৰুৱা ওজা সন্মানঃ ২০২৪ প্ৰদান
সুকনানি সংগীতৰ দিনৰ অনুষ্ঠানটি অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত অনুষ্ঠিত কৰাৰ পোষকতা বিধায়ক ডঃ পৰমানন্দ ৰাজবংশীৰ
দৰং জিলাৰ এটি আগশাৰীৰ সামাজিক, সাংস্কৃতিক আৰু বৌদ্ধিক অনুষ্ঠান পথৰু সমন্বয় গোষ্ঠী, পথৰুঘাটৰ উদ্যোগত যোৱা কালি পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হৈ যায় সুকনানি সংগীতৰ দিন। পথৰু সমন্বয় গোষ্ঠী, পথৰুঘাটৰ সম্পাদক মোস্তাক হুছেইনে আঁত ধৰা গাম্ভীয্যপূৰ্ণ অনুষ্ঠানটোত সভাপতিত্ব কৰে গোষ্ঠীৰ সভাপতি দিবাকৰ বৰুৱাই। ছিপাঝাৰ জনতা চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা সাহিত্যক, সাংবাদিক হৰেন ডেকাই উদ্বোধন কৰা সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ডঃ পৰমানন্দ ৰাজবংশীয়ে মুক্তাৰাম বৰুৱা ওজা বিৰল সাংগীতিক প্ৰতিভাৰ অধিকাৰী আছিল বুলি উল্লেখ কৰে ।
তেওঁ গোষ্ঠীৰ পদক্ষেপৰ উচ্চ প্ৰশংসা কৰি সুকনানি সংগীতৰ দিন আৰু তৌৰ্যত্ৰিক পাৰংগত মুক্তাৰাম বৰুৱা ওজা সন্মান প্ৰদান অনুষ্ঠানটি আগন্তুক দিনত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত অনুষ্ঠিত কৰাৰ পোষকতা কৰে আৰু এইক্ষেত্ৰত বিধায়ক ডঃ ৰাজবংশীয়ে সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস প্ৰদান কৰে। অনুষ্ঠানত দিপীলা আঞ্চলিক চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ বিষয় শিক্ষক তথা সাহিত্যক, সাংবাদিক অখিল ৰঞ্জন ভট্টই স্মাৰক বক্তৃতা প্ৰদান কৰি কয় -মুক্তাৰাম বৰুৱা ওজা দৰঙী লোকসংগীতৰ অবিসম্বাদী কলাসাধক আছিল আৰু সংগীতেই তেওঁৰ প্ৰাণ আছিল ।ভট্টই সাধক শিল্পী গৰাকীয়ে সংগীত নাটক অকাডেমি বঁটা লাভ নকৰাটো দুঃখৰ বিষয় বুলি বক্তব্য প্ৰদান কৰি মৰণোত্তৰভাৱে হ'লেও এই সন্মান প্ৰদানত গুৰুত্ব আৰোপ কৰে।তেওঁ ওজাগৰাকীৰ স্মৃতিত প্ৰৱৰ্তিত সন্মান টি ৰাজ্যিক ভিত্তিত প্ৰদানৰ বাবে পথৰু সমন্বয় গোষ্ঠীক পৰামৰ্শ আগবঢ়ায়। ।
বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে দৰং জিলা পৰিষদৰ প্ৰাক্তন সভাপতি ধীৰেন্দ্ৰ ডেকা, অশীতিপৰ বিশিষ্ট সমাজকৰ্মী আবুল হুছেইন, শিল্পী, শিক্ষক প্ৰফুল্ল কুমাৰ বৰুৱা,পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দুলাল চন্দ্ৰ কলিতা, দৰং জিলা নাগাৰা নাম সংঘৰ সম্পাদক মুকুত চন্দ্ৰ হাজৰিকা । অনুষ্ঠানৰ আৰম্ভণিতে মুক্তাৰাম বৰুৱা ওজাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে মুক্তাৰাম বৰুৱা ওজাৰ সহধৰ্মিণী নৰ্মদা বৰুৱা ,পুষ্পাঞ্জলি অৰ্পণ কৰে ক্ৰমে দৰঙী কলা কৃষ্টি উন্নয়ন সংঘৰ সভাপতি কুলেন্দ্ৰ নাথ ডেকা আৰু নান্দনিক সাহিত্য চ'ৰা,পথৰুঘাটৰ সম্পাদক কমলাকান্ত ডেকাই। অনুষ্ঠানত অসম সাহিত্য সভাৰ মঙ্গলদৈ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক সৎৰাম ডেকা,অৱসৰপ্ৰাপ্ত জিলা কৃষি পৰিদৰ্শক তথা পথৰু সমন্বয় গোষ্ঠী, পথৰুঘাটৰ উপদেষ্টা যোগেন্দ্ৰ শৰ্মা,সংগীত পৰিচালক প্ৰভাত বণিয়া, অৱসৰপ্ৰাপ্ত শিক্ষক জানিৰাম ডেকা,পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক চাহাবুদ্দিন আহমেদ, সহকাৰী শিক্ষক ইলতাফ আলি ,পাথৰিঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ ডেকা, যুৱ সাহিত্য সেৱী আব্দুল মোস্তাক,মহিলা নেত্ৰী ৰূপালী দেৱী,সমাজকৰ্মী ৰমণীকান্ত ডেকা, কৃষি বিভাগৰ কৰ্মচাৰী ডঃ ভাস্বতী বৰুৱা আদিকে ধৰি ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
উল্লেখ্য যে অনুষ্ঠানত পথৰুঘাটৰ স্বনামধন্য সুকনানি ওজা, তৌৰ্যত্ৰিক পাৰংগত "মুক্তাৰাম বৰুৱা ওজা শিল্পী সন্মান ২০২৪" গ্ৰহণ কৰি সদৌ অসম নাগাৰা নাম সংঘৰ প্ৰাক্তন সভাপতি, বিশিষ্ট শিল্পী, স্বনামধন্য পাঠক আৰু নাগাৰা নামৰ গুৰু দৰং জিলাৰ হুছেইন চুবুৰিৰ নিৱাসী বলোৰাম বৈশ্যই নিজৰ অনুভৱ ব্যক্ত কৰে। বঁটাত আছে এখনি ফুলাম গামোচা, চেলেং চাদৰ,এটি জাপি,গ্ৰন্থৰ টোপোলা, স্মাৰক, প্ৰশস্তি পত্ৰ আৰু নগদ ধন। উল্লেখ্য যে সুকনানি সংগীতৰ মহীৰূহ্ নাগাৰা নামৰ খ্যাতনামা শিল্পী মুক্তাৰাম বৰুৱা ওজাৰ ১৯ আগষ্টৰ মৃত্যু দিৱসটি পথৰু সমন্বয় গোষ্ঠী, পথৰুঘাটে সুকনানি সংগীতৰ দিন হিচাপে পালন কৰি আহিছে। ইতিপূৰ্বে এই সন্মান ক্ৰমে কান্তৰাম ডেকা ওজা,ৰামাকান্ত শৰ্মা ওজা আৰু ৰাজেন্দ্ৰ নাথ ওজাক প্ৰদান কৰা হৈছে। অনুষ্ঠানত সুকনানি সংগীতৰ শিল্পী ৰাজেন্দ্ৰ নাথ ওজাই সুকনানি,নাগাৰা নামৰ পাঠিকা জ্ঞানদা বৰুৱাই নাগাৰা নাম, শিশু শিল্পী ফাৰিহা আহমেদে
চিয়াগীত পৰিবেশন কৰাৰ উপৰিও পথৰু সমন্বয় গোষ্ঠী, পথৰুঘাটৰ শিল্পী সকলে সমবেত সংগীত পৰিবেশন কৰে। অনুষ্ঠানত পথৰু সমন্বয় গোষ্ঠী, পথৰুঘাটৰ সদস্য ইমৰান হুছেইন, সাংবাদিক ক্ৰমে হেমচন্দ্ৰ শৰ্মা,পৰশমণি হাজৰিকা আৰু জিতুমণি ভূঞা,পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক চলমান খান, প্ৰাক্তন ছাত্ৰ নেতা হৰকান্ত ডেকা,হাৰুনাৰ ৰচিদ ,সমাজসেৱিকা আনজুমান বেগম,চেলিম ইলাহি আদি ভিন্ন ক্ষেত্ৰৰ শতাধিক লোক উপস্থিত থাকে।