পথৰুঘাটৰ ৰণে অসমীয়াৰ অদম্য সাহস, আত্মত্যাগ আৰু দেশপ্ৰেমৰ স্বাক্ষৰ বহন কৰিছে - মন্ত্ৰী পীযুষ হাজৰীকা
পথৰুঘাটৰ ৰণে অসমীয়াৰ অদম্য সাহস, আত্মত্যাগ আৰু দেশপ্ৰেমৰ স্বাক্ষৰ বহন কৰিছে - মন্ত্ৰী পীযুষ হাজৰীকা
পথৰুঘাটৰ ৰণে অসমীয়াৰ অদম্য সাহস, আত্মত্যাগ আৰু দেশপ্ৰেমৰ স্বাক্ষৰ বহন কৰিছে - মন্ত্ৰী পীযুষ হাজৰীকা
সংবাদ ডিজিটেল,মঙলদৈ, ২৮ জানুৱাৰী: পথৰুঘাটত অনুষ্ঠিত কৃষক শ্বহীদ দিৱস উদযাপন আৰু ৰাইজমেলাত উপস্থিত থাকি আজি জলসম্পদ, সংসদীয় পৰিক্ৰমা, তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই ঐতিহাসিক কৃষক বিদ্ৰোহৰ শ্বহীদসকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।
আজিৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে পথৰুঘাটৰ ৰণ হৈছে অসমীয়া ৰাইজৰ অদম্য সাহস, আত্মত্যাগ আৰু দেশপ্ৰেমৰ উজ্জ্বল উদাহৰণ।মন্ত্ৰীগৰাকীয়ে কয় যে জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ কথা সমগ্ৰ দেশে জানে।বিশ্বৰ ইতিহাসতে ই আলোচিত আৰু পৰিচিত ঘটনা।কিন্তু এই হত্যাকাণ্ডৰ প্ৰায় ২৫ টা বছৰৰ আগতে অসমৰ পথৰুঘাটত বৃটিছৰ নিৰ্বিচাৰ গুলীচালনাত এশৰো অধিক নিৰস্ত্ৰ কৃষকৰ মৃত্যু হৈছিল।
এই ঘটনাই বৰ্তমানলৈকে ইতিহাসত প্ৰাপ্য স্বীকৃতি লাভ কৰা নাই। পথৰুঘাটৰ কৃষক বিদ্ৰোহ সমগ্ৰ দেশৰে স্বাধীনতা সংগ্ৰামৰ ইতিহাসৰ আত্মত্যাগ, অদম্য সাহস আৰু দেশপ্ৰেমৰ অন্যতম ঘটনা । পথৰুঘাটৰ বিদ্ৰোহৰ বিষয়ে ব্যাখ্যা আগবঢ়াই মন্ত্ৰীগৰাকীয়ে কয় যে কোনো এজন নেতা নোহোৱাকৈয়ে দৰঙৰ কৃষকসকলে অন্যায়ৰ বিৰুদ্ধে সুসংগঠিতভাৱে ওলাই আহিছিল আৰু তেওঁলোকে বৃটিছৰ নীতিৰ বিৰুদ্ধে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছিল।
ইতিহাসৰ ছাত্ৰৰ বাবে ই এক লক্ষণীয় বিষয় বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বৰ্তমানৰ ৰাজ্য চৰকাৰে পথৰুঘাটৰ কৃষক শ্বহীদসকলৰ স্মৃতি যুগমীয়া কৰিবৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে উল্লেখ কৰে। তেওঁ লগতে চৰকাৰখনে ৰাজ্যখনৰ কৃষকসকলৰ উপাৰ্জন বৃদ্ধিৰ বাবে নুন্যতম সমৰ্থন মূল্যত ধান ক্ৰয়কে ধৰি গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ আৰু আঁচনিৰ বিষয়ে উল্লেখ কৰে।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি সাহিত্য অকাডেমী অনুবাদক বঁটা প্ৰাপক বিশিষ্ট লেখক দিগন্ত বিশ্ব শৰ্মাই পথৰুঘাটৰ শ্বহীদসকলৰ ত্যাগ আৰু অৱদানৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰে। অনুষ্ঠানত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডা: অচ্যুৎ চন্দ্ৰ বৈশ্যয়ো ভাষণ প্ৰদান কৰে। কৃষক শ্বহীদ দিৱস উদযাপন আৰু ৰাইজমেলা উপলক্ষে আয়োজিত সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে বিশিষ্ট শল্য চিকিৎসক পদ্মশ্ৰী বঁটা প্ৰাপক ডা: ইলিয়াছ আলীয়ে।
আজি পথৰুঘাটত নতুনকৈ নিৰ্মাণ হ'বলগীয়া স্মৃতি সৌধৰ ভূমিপূজন কৰে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই। এই কাৰ্যসূচীত বিধায়ক ড০ পৰমানন্দ ৰাজবংশী, মজিবুৰ ৰহমান, সুখ্যাত ভাস্কৰ্য শিল্পী বীৰেন সিংহ, দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন্দ্ৰ ডেকা, জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।