মাৰুৱাচকী যুৱ- একতা সংঘৰ উদ্যোগত সজাগতা সভা।

মাৰুৱাচকী যুৱ- একতা সংঘৰ উদ্যোগত সজাগতা সভা।

মাৰুৱাচকী যুৱ- একতা সংঘৰ উদ্যোগত সজাগতা সভা।
মাৰুৱাচকী যুৱ- একতা সংঘৰ উদ্যোগত সজাগতা সভা।

মাৰুৱাচকী যুৱ- একতা সংঘৰ উদ্যোগত সজাগতা সভা।

সংবাদ ডিজিটেল দুমুনিচকী, ৬ নবেম্বৰ: দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত মাৰুৱাচকী যুৱ একতা সংঘৰ উদ্যোগত মাৰুৱাচকী উচ্চ মাধ্যমিক বিদ্যালয়ত এখনি সজাগতামূলক ৰাজহুৱা সভা অনুষ্ঠিত হয়।এই সভাত মূলতঃ 'মাদক দ্রব্য নিবাৰণত সমাজৰ ভূমিকা,'  'শিশু শ্রমিক ৰোধত স্থানীয় সংঘ' আৰু অন্যান্য অনুষ্ঠান-প্ৰতিষ্ঠানৰ ভূমিকা আৰু নৱ প্ৰজন্মক সু-নাগৰিক হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত অভিভাবক তথা সমাজৰ কৰণীয় ' শীৰ্ষক  তিনিটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত বিস্তাৰিত ভাবে আলোচনা কৰা হয় ৷


ছিপাঝাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কমলজিৎ শৰ্মা, ক্ষেত্র বিষয়া প্ৰাৰ্থ প্রতীম ডেকা, দৰং জিলা আবকাৰী বিভাগৰ অধীক্ষক অনন্ত কলিতা, জিলা দুর্যোগ
ব্যৱস্থাপনা প্ৰাধিকৰনৰ জিলা প্ৰকল্প বিষয়া জগদিশ ভট্টাচাৰ্য, আইন সেৱা প্ৰাধিকৰণৰ পৰা দীপশিখা শৰ্মা, দৰং অসামৰিক প্ৰতিৰক্ষা বিভাগৰ পৰা সহকাৰী উপ নিয়ন্ত্ৰক পলাশ বৰুৱা, মাৰুৱাচকী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মথুৰা মোহন নাথ,
ব্ৰহ্মপুত্র বিজ্ঞান বিদ্যালয়ৰ প্ৰধান শিক্ষক কিৰণ চন্দ্ৰ কাকতি, দৈপাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক জামালুদ্দিন আহমেদ, পাথৰিঘাট জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক ইমৰান হুছেইন, বৈতুল্লাহ আহমেদ , অবসৰ প্ৰাপ্ত মীন বিভাগৰ কৰ্মচাৰী, জছিমদ্দিন আহমেদ,বিষয় শিক্ষক লাউজান উচ্চ মাধ্যমিক বিদ্যালয়, এক নং মাৰুৱাচকী প্রাথমিক বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষক আব্দুল লতিফ,ছত্র  বেচৰকাৰী সংস্থাৰ বিষয়া শশীন শৰ্মা, চ'ছাইটি ফ'ৰ ব্ৰাইথ ফিউচাৰ(SBF) বেচৰকাৰী সংস্থাৰ সমন্বয়ক মতিউৰ ৰহমান, বিশিষ্ট সমাজকর্মী আলাউদ্দিন আহমেদ তথা আন বহু সমাজ সচেতন ব্যক্তি সকলে অংশ গ্ৰহণ কৰে ।

কিৰণ চন্দ্ৰ কাকতি সভাপতিত্ব কৰা এই অনুস্থানত শতাধিক ৰাইজে অংশ গ্ৰহণ কৰে। আজিৰ কাৰ্যসূচীত মাৰুৱাচকী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহলৈ মনোনীত ছাত্ৰী চুমাইয়া চেহনাজ হুছেইনকো বিশেষ ভাবে সম্বৰ্দ্ধনা জনোৱা হয়। আজি সজাগতা সভাত আগন্তুক দিনত ৰাইজ তথা প্রশাসনে সমন্বিত ভাবে সামাজিক ব্যাধি সমূহ দূৰ কৰাৰ ক্ষেত্ৰত একত্রিত ভাবে কাম কৰি যাবলৈ সিদ্ধান্তত উপনীত হয়।

আজিৰ সভাখন আয়োজন কৰাত মাৰুৱাচকী যুৱ একতা সংঘৰ পৰা হেকিমুল হক, মতিবুল হক, ইনামুল হাছান, আচিকুৰ ৰহমান, সমীৰ হুছেইন, মনোৱাৰ হুছেইনে আৰু আন আন বিষয়ববীয়া সকলে সক্রিয় ভূমিকা পালন কৰে।