শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ সভা
ছিপাঝাৰত কৃতী শিক্ষক , সাংস্কৃতিক কৰ্মী ,সমাজ সংগঠক ভদ্ৰকান্ত ডেকাৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ সভা
ছিপাঝাৰত কৃতী শিক্ষক , সাংস্কৃতিক কৰ্মী ,সমাজ সংগঠক ভদ্ৰকান্ত ডেকাৰ
ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ সভা
সংবাদ ডিজিটেল, ছিপাঝাৰ,২ ডিচেম্বৰ:ছিপাঝাৰৰ ঘোৰাৱা সোনাপুৰ (ক) গাৱত ১৯৫৯ চনত জন্মগ্ৰহণ কৰা অবসয় প্ৰাপ্ত কৃতী শিক্ষক,সমাজ সংগঠক, সাংস্কৃতিক কৰ্মী ভদ্ৰকান্ত ডেকাৰ স্মৃতিত আজি সমন্বয় গোষ্ঠী,পকাদলি আৰু আঞ্চলিক ৰাইজৰ সহযোগত নিজা বাসগৃহত তেখেতৰ জীবনযোৰা কৰ্মৰাজিৰ ওপৰত এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হয়।
সমন্বয় গোষ্ঠী ,পকাদলি আৰু পকাদলি আঞ্চলিক উন্নয়ন পৰিষদৰ সভাপতি প্ৰেমেশ্বৰ শৰ্মাদেৱেৰ সভাপতিত্ব অনুষ্ঠানত হোৱা উক্ত সভাত ডেকাদেৱৰ শিক্ষয়িত্ৰী পত্নী বৰ্ণালী বৰুৱাই বন্তি প্ৰজ্বলন কৰাৰ লগতে তেখেতৰ প্ৰতিচ্ছবিত পুস্পাঞ্জলি অৰ্পণ কৰে লগতে উপস্থিত সমূহ শুভাকাংক্ষীয়ে তেখেতৰ প্ৰতিচ্ছবিত পুস্পাঞ্জলি অৰ্পণ কৰে। সমন্বয় গোষ্ঠী ৰ সম্পাদক প্ৰণৱ কুমাৰ ডেকা আৰু ৰুদ্ৰ কান্ত নাথে আত ধৰা আৰু শতাধিক বিশিষ্ট ব্যক্তি উপস্থিত থকা এই অনুষ্ঠানত তেখেতৰ জীৱনযোৰা কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰে পকাদলি হাইস্কুলৰ অবসৰী প্ৰধান শিক্ষক ব্ৰজেন্দ্ৰ চন্দ্ৰ নাথ, অবসৰী শিক্ষক ফজনুৰ হক,অবসৰী অধ্যক্ষ প্ৰবীন দাস , ছিপাঝাৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শ ইকীয়া , অধিবক্তা জীৱন বৰুৱা,অবসৰী শিক্ষক অচ্যুত বৰুৱা,মাৰৈ বিজুলীবাৰী সাহিত্য সভাৰ সভাপতি চাহজামাল হক ,কৃতী শিক্ষক বটা প্ৰাপক হাফিজ হক ,ৰাজ্যিক বটা প্ৰাপ্ত কৃতী শিক্ষক হাফিজ আলি ডেকাদেৱে।
অনুষ্ঠানত তেখেতৰ স্মৃতিত পৰিয়ালৰ তৰফৰ পৰা প্ৰকাশ কৰা-প্ৰণৱ কুমাৰ ডেকা আৰু ৰুদ্ৰ কান্ত নাথে সম্পাদনা কৰা স্মৃতি পত্ৰিকা "স্মৃতিৰ সুবাস" উন্মোচন কৰে তেখেতে কৰ্মৰত দক্ষিণ চিনাকোণা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰবীন শৰ্মাই। তেখেতৰ একমাত্ৰ জীয়ৰী জাগৃতি ডেকা, ভাতৃ দিলীপ কুমাৰ ডেকা দেৱে ও তেখেতৰ স্মৃতিচাৰণ কৰে।অনুষ্ঠানত বিশিষ্ট ব্যক্তি অবসৰী শিক্ষক টোষেশ্বৰ নাথ শইকীয়া, ৰুদ্ৰ কান্ত বড়া, হৰেকৃষ্ণ শৰ্মা, প্ৰধান শিক্ষক ঠগীৰাম চহৰীয়া, সমাজকৰ্মী ভবেন্দ্ৰ চন্দ্ৰ নাথ,প্ৰদীপ শৰ্মা,সংগীত শিল্পী মুকুল শৰ্মা,দীপু কাশ্যপ, সমাজকৰ্মী ৰূপেশ্বৰ শৰ্মা, আইনজীৱী ধৰ্ম বৰুৱা, অবসৰী শিক্ষক কনক চন্দ্ৰ ডেকা , গ্ৰন্থগাৰিক মুকুট চন্দ্ৰ ডেকা ,ছিপাঝাৰ সাহিত্য সভাৰ উপ-সভাপতি গিৰীশ নাথ, লোকশিল্পী সত্য চহৰীয়া ,অবসৰী শিক্ষয়িত্ৰী নীলিমা বৰুৱা সাংবাদিক ৰঞ্জিত কুমাৰ নাথ,নিৰঞ্জন শৰ্মা, মনোজ আলিকে আদি কৰি অঞ্চলটোৰ ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে।
ডেকাদেৱে ওডালগুৰি জিলাৰ দক্ষিণ চিনাকোনা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ২০১৯ বৰ্ষত বিজ্ঞান শিক্ষক হিচাপে অবসৰ গ্ৰহণ কৰিছে। কৃতি শিক্ষক ডেকাদেৱে শিক্ষকতা কৰাৰ উপৰিও তেখেত সমাজৰ এজন আগৰণুৱা ব্যক্তি আছিল। বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠানত আগভাগ লৈ তেখেতে অঞ্চলটিত সুনাম ৰাখি থৈ গৈছে।
তেখেত বৰ্তমান মাৰৈ বিজুলীবাৰী শাখা সাহিত্য সভাৰ উপ সভাপতি,পকাদলি উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ উপ সভাপতি,পকাদলি আঞ্চলিক উন্নয়ন পৰিষদৰ এগৰাকী সক্ৰিয় সদস্য,উপাসনা ফাইন আৰ্টচ পকাদলিৰ সভাপতি ,জেচমিন ক্লাব মাৰৈ,সাৰংগ ছিপাঝাৰ,উদ্যাম নাট্য গোষ্ঠী ,গৰৈমাৰা নৱশক্তিপাৰা আঞ্চলিক গোবৰ্ধন পূজা , স্বেচ্ছাসেৱী অনুষ্ঠান ওৱাননেচ মাৰৈ,ননৈঘাট সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গোৎসৱ উদযাপন সমিতি ঢেকীপাৰা ,সদৌ দৰং কোচ ৰাজবংশী সন্মিলনী,সমন্বয় সমবায় সমিতি,প্ৰগতি সমবায় সমিতি ,সুৰশ্ৰুতি সংগীত মহাবিদ্যালয আদিৰ উপৰিও অনান্য বিভিন্ন অনুষ্ঠান ৰ লগত জড়িত আছিল। তেখেত মাৰৈ বিজুলীবাৰী উচ্চ মাধ্যমিক বিদ্যালয় প্ৰতিষ্ঠা কালৰ পৰাই জৰিত আছিল। সৎ, কৰ্মদক্ষ, নিষ্ঠাবান ,সময়ানুবৰ্তী ডেকাদেৱৰ মৃত্যু অঞ্চলটিৰ বাবে বৃহৎ ক্ষতি ।