দৈনিক ৰাশিফল
দৈনিক ৰাশিফল
*দৈনিক ৰাশিফল*
শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:
১৭ কাতি , শনিবাৰ ইং ৪ নৱেম্বৰ ২০২৩ ।
*সূৰ্য্যোদয়* ঘ:- ৫/৩৭/৫ *সূৰ্য্যাস্ত* ঘ:- ৪/৩৭/১৭
*ৰাশি:-* কৰ্কট ৰাশি।
*তিথি :-* কৃষ্ণা সপ্তমী। ৰা:ঘ:- ১/৪৩/৪১ লৈ।
*নক্ষত্ৰ :-* পুনৰ্ব্বসু।প্ৰা:ঘ:- ৯/৫৪/১০ লৈ।
*শুভ সংখ্যা:-* ৪/৭
*শুভ ৰং:-* নীলা/ বেঙুনীয়া।
*আদ্যঋতু হলে :-* কান্তা যোগ।
*মৰণত দোষ*:- পূৰ্ণদোষ, ঘ:- ৯/৫৪/১০ যোৱাত দ্বিপদ, ৰা:ঘ:- ১/৪৩/৪১ যোৱাত এপদ ।
*যাত্ৰা:-* বাযু কোনত নাই। ৰা:ঘ:- ১/৪৩/৪১ যোৱাত ঈশান কোনত নাই।
*যোগিনী* :- বাযু কোনত। ৰা:ঘ:- ১/৪৩/৪১ যোৱাত ঈশান কোনত।
*ভক্ষাভক্ষ্য* :- তাল খোৱা নিষেধ।ৰা:ঘ:- ১/৪৩/৪১ যোৱাত নাৰিকল ,মাছ মাংস খোৱা নিষেধ।
১. *মেষ ৰাশি* (অ,ল) : - মেষ
ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত ভাল খাদ্য গ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব, পুৰণি বিবাদ নিষ্পত্তিৰ কৰিবলৈ সক্ষম হব, লগতে আজি আপোনাৰ নিজৰ শৰীৰৰ যত্ন লবলৈ সুযোগ লাভ কৰাৰ যোগ দেখা যায়।
২. *বৃষ ৰাশি* (উ,ব) :- বৃষ ৰাশিৰ জাতিক জাতিকা আজিৰ দিনটোত আৰ্শীবাদ মনোভাৱ বাঢ়িব, আপোনাৰ কথা-বতৰাই আনক আক্ৰমণ কৰিব পাৰিব, কৰ্মত সন্মান বাঢ়িব, যদিও আজি ছাত্ৰ ছাত্ৰী সকলে সজাগ নহ'লে সামান্য কষ্ট পোৱাৰ যোগ দেখা যায়।
৩. *মিথুন ৰাশি*(ক,ছ):- মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত আৰ্থিক দিশটো শুভ বুলি কব পাৰি, সাহিত্যক সকলে সাহিত্য চৰ্চাত মনোনিবেশ কৰিবলৈ সক্ষম হব, যদিও আজি আপোনাৰ মনত কষ্ট পাবলগীয়া কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
৪. *কৰ্কট ৰাশি*(ড,হ) : - কৰ্কত ৰাশিৰ জাতক - জাতিকাসকলৰ সকলৰ আজিৰ দিনটোত আপোনাৰ দ্বাৰা আজি আত্মীয় পৰিয়ালে সুখ লাভ কৰিব লাগে, মনৰ আশা পূৰণ হ'ব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।
৫. *সিংহ ৰাশিৰ* (ম,ট ৫. *সিংহ ৰাশিৰ* (ম,ট) :-সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত শ্ৰেষ্ঠ কৰিলে কৰ্মত সফলতা লাভ কৰিব পাৰিব, ৰাজনীতিৰ লগত জড়িত ব্যক্তি সকলে ৰাজনৈতিক সা-সুবিধা লাভ কৰিব পাৰিব যদিও আজি আপোনাৰ ঘৰৰ জেষ্ঠ্য ব্যক্তিৰ স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব।
৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ বুলি কব পাৰি, নতুন প্ৰেমৰ আৰম্ভণি হ'ব পাৰে, ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব যদিও আজি আপুনি সজাগ নহ'লে কৰ্মত সামান্য কষ্টৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।
৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত হয় আৰ্থিক দিশত উন্নতি লাভ কৰিব, সন্মান বাঢ়িব, আত্মীয় পৰিয়ালৰ সান্নিধ্য লাভ কৰিব, লগতে আজি আপোনাৰ প্ৰেমত শুভ হোৱাৰ যোগ দেখা যায়।
৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত নতুন নতুন কৰ্মৰ সন্ধান লাভ কৰিব, লগতে আজি আপুনি সজাগ নহ'লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৯. *ধনু ৰাশি* (ধ,ভ): ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, মনত নতুন আশাৰ সঞ্চাৰ হ'ব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য খৰচ বৃদ্ধি পোৱাৰ যোগ দেখা যায়।
১০. *মকৰ ৰাশি* (খ,জ): - মকৰ ৰাশি জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য জটিলতা আহিব পাৰে লগতে আজি আপুনি সজাগ নহ'লে দেহ মনত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।
১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব, দাম্পত্য জীৱত সুখ শান্তি বাঢ়িব যদিও আজি আপুনি সজাগ নহ'লে ভ্ৰমণত সামান্য কষ্ট পাবলগীয়া হোৱাৰ যোগ দেখা যায়।
১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত ভাল পৰিবেশ লাভ কৰিব, ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হ'ব, যদিও আজি আপোনাৰ ক্ষতি হব পৰা কৰ্মৰ পৰা পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
( *বি:দ্ৰ:-* আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
*জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা*
-: নৱগ্ৰহ জ্যোতিষালয় :- " মা কামাখ্যা গেট " (নাৰ্চাৰী)
গুৱাহাটী - ৯
ফোন:- 9101096481
9577136205