দিবা নৈশ প্ৰাইজমানি ফুটবল খেল প্ৰতিযোগিতা

দিবা নৈশ প্ৰাইজমানি ফুটবল খেল প্ৰতিযোগিতা

দিবা নৈশ প্ৰাইজমানি ফুটবল খেল প্ৰতিযোগিতা
দিবা নৈশ প্ৰাইজমানি ফুটবল খেল প্ৰতিযোগিতা

বিগত বছৰকেইটিৰ দৰে এইবেইলিও দৰঙৰ দুমুনিচকীত ১৫, ১৬ আৰু ১৭ ডিচেম্বৰত অনুষ্ঠিত হব ফুটবলৰ মহাৰণ। পশ্চিম দৰং উন্নয়ন পৰিষদৰ উদ্যোগত অনুষ্ঠিত হব লগা  দিবা নৈশ প্ৰাইজমানি ফুটবল খেল প্ৰতিযোগিতাখনিৰ  উদ্বোধনী অনুষ্ঠানত ২০০ গৰাকী নাচনীয়ে বিহু নৃত্য প্ৰদৰ্শন কৰিব বুলি জানিব পৰা গৈছে। ৰবিবাৰে দৰঙৰ দুমুনীচকীৰ বৰনৈ চিনিয়ৰ চেকেণ্ডেৰী স্কুলত নাচনী সকলে এইদৰে আখৰা কৰা দেখা গৈছে । 

ট্ৰফী সহ বিজয়ী দলক ১০০০০১ (এক লাখ এক) টকা বিজিত দলক ৬০০০১ (ষাঠি হাজাৰ এক)টকাৰ লগতে শ্ৰেষ্ঠ খেলুৱৈক  অন্যান্য বঁটা প্ৰদান কৰা হব বুলি জনাইছে উদ্যক্তাই । দিবা নৈশ ফুটবলৰ লগত সংগতি ৰাখি সন্ধিয়া অনুষ্ঠিত হব বাৰেৰহনীয়া বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান । ৰাইজৰ সহায় সহযোগীতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তা সকলে ।