আজি দুমুনিচকীত সদৌ অসম ভিত্তিত দিবা-নৈশ ফুটবল

আজি দুমুনিচকীত সদৌ অসম ভিত্তিত দিবা-নৈশ ফুটবল

আজি দুমুনিচকীত সদৌ অসম ভিত্তিত দিবা-নৈশ ফুটবল
আজি দুমুনিচকীত সদৌ অসম ভিত্তিত দিবা-নৈশ ফুটবল

আজি দুমুনিচকীত সদৌ অসম ভিত্তিত দিবা-নৈশ ফুটবল ৩০০গৰাকী বিহুৱতীৰ বিহু নৃত্য প্রদর্শন

বিগত বৰ্ষসমূহৰ দৰে দৰং-কামৰূপ সীমান্তৰ দুমুনিচকীস্থিত বৰনৈ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ খেলপথাৰত ২৯, ৩০ নবেম্বৰ আৰু ১ ডিচেম্বৰত অনুষ্ঠিত হব সদৌ অসম ভিত্তিত এখন দিবা-নৈশ প্রাইজমানী ফুটবল খেল প্রতিযোগিতা।

পশ্চিম দৰং উন্নয়ন পৰিষদৰ উদ্যোগত অনুষ্ঠিত ফুটবল প্রতিযোগিতাখনিৰ প্রকাশিত কাৰ্যসূচী অনুসৰি ২৯ নৱেম্বৰৰ পুৱা ৯ বজাত মূল তোৰণ উন্মোচন, ১০ বজাত স্বেচ্ছাসেবী সংস্থাটোৰ পতাকা উত্তোলন আৰু সন্ধিয়া সম্বর্ধনা অনুষ্ঠানৰ পিছতে ফুটবল প্রতিযোগিতাখনিৰ শুভ উদ্বোধন কৰিব ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশীয়ে।

একেদৰে ৩০ নৱেম্বৰৰ দিনা ৰাতিপুৱা ৯ বজাৰ পৰা আৰম্ভ হ'ব খেল। উদ্বোধন কৰিব দুমুনিচকী ৰাজ্যিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ সত্যব্রত হাজৰিকাই। আনহাতে, ১ ডিচেম্বৰত প্ৰথম, দ্বিতীয় কোৱাৰ্টাৰ খেলৰ পিছতে দ্বিতীয় ছেমিফাইনেল শুভ উদ্বোধন কৰিব বিশিষ্ট ব্যৱসায়ী লুটফুৰ ৰহমানে। নিশা ৯ বজাত চূড়ান্ত খেলৰ শুভ উদ্বোধন কৰিব বিশিষ্ট সমাজকর্মী দুলু আহমেদে। প্রতিযোগিতাখনত বিজয়ী দলক ১০০০০১ টকা, বিজিত দলক ৭০,০০১ টকা আৰু শ্রেষ্ঠ খেলুৱৈকে ধৰি অন্যান্য বঁটা প্ৰদান কৰা হ'ব।

ইফালে শুভ উদ্বোধনী অনুষ্ঠানত ৩০০ গৰাকী বিহুৱতীৰ বিহু নৃত্য প্ৰদৰ্শন কৰাৰ লগতে সামৰণী অনুষ্ঠানত কেইবাগৰাকী কণ্ঠশিল্পীৰ গীতৰ অনুষ্ঠান অনুষ্ঠিত হ'ব বুলি জনাইছে উদ্যোক্তাসকলে। প্রতিযোগিতাখনত ৰাইজৰ সহায়-সহযোগ বিচাৰিছে পশ্চিম দৰং উন্নয়ন পৰিষদে।