পুনিয়া প্ৰাথমিক বিদ্যালয়ৰ বিহু নৃত্য কৰ্মশালাৰ সামৰণি
পুনিয়া প্ৰাথমিক বিদ্যালয়ৰ বিহু নৃত্য কৰ্মশালাৰ সামৰণি
ছিপাঝাৰত চৰকাৰী বিদ্যালয়ৰ আদৰণীয় পদক্ষেপ পুনিয়া প্ৰাথমিক বিদ্যালয়ৰ বিহু নৃত্য কৰ্মশালাৰ সামৰণি
১৮ মাৰ্চ,ছিপাঝাৰ:ছিপাঝাৰ শিক্ষা খণ্ডৰ ঢেকীপাৰা চি আৰ চি চি ৰ অন্তৰ্গত "পুনিয়া প্ৰাথমিক বিদ্যালয়"ৰ উদ্যোগত আগন্তুক অসমীয়াৰ বাপোতি সাহোন বহাগ বিহু উপলক্ষে ছাত্ৰ ছাত্ৰীৰ সহ বিদ্যায়তনিক দিশত আগবঢ়াই নিবৰ বাবে যোৱা ১১মাৰ্চৰ পৰা ১৬ মাৰ্চলৈ পাঁচ দিনীয়া এটি বিহু নৃত্যৰ কৰ্মশালাৰ অনুষ্ঠিত হৈ যায়।
বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মিতালী দাসৰ উদ্যোগত আৰু ঢেকীপাৰা আৰু ঘোৰাবান্ধা চি আৰ চি ৰ চি আৰ চি চি প্ৰণৱ কুমাৰ ডেকাৰ সহযোগত প্ৰশিক্ষক ক্ৰমে ছিপাঝাৰৰ নিখিল কুমাৰ নাথ, হীৰক জ্যোতি নাথ আৰু মাধুৰ্য শৰ্মাই তেওঁলোকৰ অপূৰ্ব কলাশৈলীৰে ছাত্ৰ ছাত্ৰীবোৰক হেৰাই যাবলৈ ধৰা গছৰ তলৰ বিহু নৃত্যৰ সুন্দৰ প্ৰশিক্ষণ দিয়ে ।
কৰ্মশালাত বিহু নৃত্যৰ লগতে বাদ্য যন্ত্ৰ ঢোল, পেপা, তাল আৰু গগনা বজোৱাৰো প্ৰশিক্ষণ দিয়া হয় ।অৰ্ধ শতাধিক ছাত্ৰ ছাত্ৰী য়ে অংশগ্ৰহণ কৰা এই কৰ্মশালাত সামৰণিৰ দিয়া এক অনুষ্ঠানত ঢেকীপাৰা সমল কেন্দ্ৰৰ সমন্বয়ক প্ৰণৱ কুমাৰ ডেকা আৰু বিদ্যালযৰ অৱসৰী প্ৰধান শিক্ষক ভুৱনেশ্বৰ শইকীয়া দেৱৰ উপস্থিতিত এখনি সভা অনুষ্ঠিত হয়।চৰকাৰী বিদ্যালয়ৰ এনে পদক্ষেপক পুনিয়া , গৰৈমাৰাবাসী ৰাইজ উৎফুল্লিত হয়।আৰু অনাগত দিনত বিদ্যালয়ৰ অধিক উন্নয়নৰ বাবে কামনা কৰে।
বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী মৌচুমী কলিতা আৰু ভায়োলিনা ভাৰতীয়েও এই কৰ্মশালাত সম্পূৰ্ণ সহযোগিতা আগবঢ়ায়।