দৰঙৰ বানেইকুছিত কেঞ্চাৰ সজাগতা সভা
দৰঙৰ বানেইকুছিত কেঞ্চাৰ সজাগতা সভা
দৰঙৰ বানেইকুছিত কেঞ্চাৰ সজাগতা সভা
????দৰঙৰ ছিপাঝাৰ বিধানসভা সমষ্টিৰ বৰমপুৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত বানেইকুছি মাতৃ সেৱা সংঘৰ প্ৰাঙ্গণত স্বেচ্ছাসেৱী সংগঠন নিৰাময় আৰু টাইড ট্ৰাষ্টৰ উদ্যোগত আৰু দৰং কেঞ্চাৰ কেন্দ্ৰৰ সহযোগত কেঞ্চাৰ সজাগতা সভা আৰু প্ৰাথমিক স্বাস্থ্য পৰীক্ষা অনুষ্ঠিত হয়।
স্বেচ্ছাসেৱী সংগঠন নিৰাময়ৰ সভাপতি কুশল ডেকাই আঁতধৰা কেঞ্চাৰ সজাগতা অনুষ্ঠানত উপস্থিত থাকি কেঞ্চাৰ ৰোগৰ সজাগ, সাৱধানতা অৱলম্বন, কেঞ্চাৰ ৰোগৰ কাৰণ আদিৰ ওপৰত বক্তব্য আগবঢ়ায় দৰং কেঞ্চাৰ কেন্দ্ৰৰ চিকিৎসক ডা০ ছহিদুল ইছলামে আৰু দৰং কেঞ্চাৰ কেন্দ্ৰত উপলব্ধ চিকিৎসা সেৱা সমূহৰ লগতে সকলো সুবিধা সমূহৰ বিষয়ে অৱগত কৰে দৰং কেঞ্চাৰ কেন্দ্ৰৰ ৰোগী সমন্বয়ক নিৰঞ্জন শইকীয়াই দৰং কেঞ্চাৰ কেন্দ্ৰৰ কেঞ্চাৰ ৰোগী সকলৰ কে'মো থেৰাপী আৰু ৰেডিঅ'চন থেৰাপীৰ উপৰিও সকলো ৰোগীৰ বাবে উপলব্ধ এম আৰ আই, চিটি স্কেন, এস্ক-ৰে,আল্টাচাউণ্ড মে'মোগ্ৰাফী, তেজ পৰীক্ষা,ই চি জি আদি পৰীক্ষা সমূহ কম খৰছত উপলব্ধ আছে আৰু দৰং কেঞ্চাৰ কেন্দ্ৰত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা সেৱা প্ৰদানৰ লগতে দৰং কেঞ্চাৰ কেন্দ্ৰত উপলব্ধ সকলো ব্যৱস্থাৰ বিষয়ে অৱগত কৰে ৰাইজৰ মাজত। কেঞ্চাৰ সজাগতা সভাত উপস্থিত থাকি ৰাইজক প্ৰাথমিক চিকিৎসা পৰীক্ষা,স্ক্ৰীনিং আদি প্ৰদান কৰে দৰং কেঞ্চাৰ কেন্দ্ৰৰ জিলা স্বাস্থ্য বিষয়া দীপমনি শৰ্মা, নাৰ্চ জেচমিন আৰা বেগম, নয়না শৰ্মাই ।
অনুষ্ঠান উপস্থিত থাকে নিৰাময় ৰ কাৰ্য্যকৰী সভাপতি মীনাক্ষী বৰা, কাৰ্যকৰী সম্পাদক বিকাশ বৰুৱা, সদস্য ৰাজু সোণোৱাল,দেৱযানী চহৰীয়া,জিন্টু বৰুৱা ৰ লগতে টাইড ট্ৰাষ্টৰ সদস্য ৰেখাৰানী হাজৰিকা আৰু বানেইকুছি গাঁৱৰ গাওঁ প্ৰধান ধ্ৰুৱজ্যোতি চহৰীয়া,বানেইকুছি মাতৃ সেৱা সংঘৰ সম্পাদক ধীৰাজ কলিতাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কেঞ্চাৰ সজাগতা সভাত শতাধিক লোক উপস্থিত থাকি প্ৰাথমিক চিকিৎসা সেৱা গ্ৰহণ কৰে।