ছিপাঝাৰ আঞ্চলিক ছাত্র সন্থাৰ অন্তৰ্গত গৰুখুটি শাখা ছাত্ৰ সন্থা গঠন

২২ ছেপ্টেম্বৰ ২০২৪ তাৰিখে: ছিপাঝাৰ আঞ্চলিক ছাত্র সন্থাৰ অন্তৰ্গত গৰুখুটি, সানোৱা আৰু সাতখলি গাঁও সামৰি গৰুখুটি শাখা ছাত্ৰ সন্থা গঠন কৰা হয়। আজি অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাত সভাপতি হিচাপে জয়ন্ত নাথ আৰু সম্পাদক হিচাপে জিন্টুমনি নাথক লগত লৈ এখন ২৫ জনীয়া শক্তিশালী সমিতি গঠন কৰা হয়। প্ৰতিনিধি সভাৰ উদ্বোধক হিচাপে উপস্থিত থাকে ছিপাঝাৰ আঞ্চলিক ছাত্র সন্থাৰ কাৰ্যালয় সম্পাদক নীলোৎপল নাথ। সভাত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে ছিপাঝাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ অক্ষয় কুমাৰ ডেকা, ধনমনি নাথ আৰু বিকাশ নাথ। তাৰ সমান্তৰাল ভাবে এখনি দৰং জিলা ভিক্তিত স্কুল কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

কুইজ প্ৰতিযোগিতাৰ উদ্ধোধক হিচাপে উপস্থিত থাকে গৰুখুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দন্দধৰ নাথ ডাঙৰীয়া। কুইজ প্ৰতিযোগিতাখনি পৰিচালনা কৰে পেমেশ্বৰ নাথ আৰু ইকবাল ৰচিদ হাজৰিকাই ডাঙৰীয়া। কুইজ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে ছিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমূখী বিদ্যালয়ৰ জিজ্ঞাস কুমাৰ নাথ আৰু নিবিড় নাথৰ দলে। দ্বিতীয় স্থান লাভ কৰে সানোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নুৰ আলম, মাচুম নাজিমা, চাফিকা চিদ্দিকা আৰু চেমিম চেহেনাচৰ দলে। তৃতীয় স্থান লাভ কৰে গৰুখুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মনজিৎ নাথ, উদিপ্ত নাথ, সমিৰ নাথ আৰু দিক্ষু নাথৰ দলে।