দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ মৃত্যুত শোকৰ ছাঁ।

দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ মৃত্যুত শোকৰ ছাঁ।

দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ মৃত্যুত শোকৰ ছাঁ।
দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ মৃত্যুত শোকৰ ছাঁ।

দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ মৃত্যুত শোকৰ ছাঁ।

সংবাদ ডিজিটেল, : দৰঙ জিলাৰ দেওমৰনৈ গাঁও পঞ্চায়তৰ অন্তৰ্গত বড়িগাঁও নিৱাসী তথা লোক নিৰ্মাণ  বিভাগৰ   ছিপাঝাৰ উপ সংমণ্ডলৰ কনিষ্ঠ অভিযন্তা  দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ কালি নিশা প্ৰায় ৮ বজাত মৃত্যু হোৱাত  বড়িগাঁৱৰ, কুমাৰপাৰাৰ লগতে দেওমৰনৈ অঞ্চলত শোকৰ ছাঁ পৰে। ৫৪ বছৰ বয়সত স্বৰ্গগামী হোৱা শৰ্মাৰ বিয়োগত বড়ি গাঁও মিলন সংঘ, শ্ৰী শ্ৰী মাটীয়া গোঁসাই ঘৰ মন্দিৰ পৰিচালনা সমিতি, বড়িগাঁৱস্থিত শ্ৰী শ্ৰী মা কামাখ্যা মন্দিৰ পৰিচালনা সমিতি, বড়িগাঁও কৃষি আৰু গ্ৰামোন্নয়ন সংঘ, পুথিভঁৰাল,ভাৰতীয় জনতা দলৰ বড়িগাঁও বুথ সমিতি আৰু বড়ি গাঁও শাখা ব্ৰাহ্মণ সভাৰ লগতে বিভিন্ন জন গুনমুগ্ধই গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। অমায়িক আৰু ৰসিক স্বভাৱৰ শৰ্মাৰ মৃত্যুৰ সময়ত এগৰাকী পুত্ৰ আৰু পত্নীৰ লগতে বহুতো আত্মীয়ক ইহ সংসাৰত এৰি থৈ যায়।