বাপুজী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত বেগ বিহীন বিদ্যা আৰম্ভ
বাপুজী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত বেগ বিহীন বিদ্যা আৰম্ভ
বাপুজী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত বেগ বিহীন বিদ্যা আৰম্ভ।
নতুন শিক্ষা নীতি ২০২০ ৰ আধাৰত চৰকাৰৰ শিক্ষা বিভাগৰ অধীনত অসমতো আৰম্ভ হৈছে বেগ বিহীন শিক্ষা আঁচনি। এই আঁচনিৰ অধীনত ছাত্ৰী সকলক বৃত্তিমূলক শিক্ষাৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লগতে আনন্দৰ মাজেৰে যাতে ছাত্ৰী সকলে ব্যৱহাৰিক শিক্ষা লাভ কৰিব পাৰে সেই উদ্দেশ্যে আজি পশ্চিম দৰঙৰ বুঢ়া বিষ্ণুপুৰ স্থিত বাপুজী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ উচ্চ প্ৰাথমিক স্তৰৰ ছাত্ৰী সকলক স্থানীয় কেইবাখনো স্থানলৈ নি শিক্ষা প্ৰদান কৰা হয়। ইয়াৰ ভিতৰত বুঢ়াৰ নাৰ্চাৰী কেন্দ্ৰ, বুঢ়া গাঁৱৰ ইছাৰাম ডেকাৰ গৃহত কুটীৰ শিল্প, বুঢ়াদৈ ভূখিতা দাসৰ বাসগৃহত মৃৎ শিল্প, তিতকুছি গাঁৱৰ দেবেশ্বৰ কুমাৰৰ বয়ন শিল্প অন্যতম ।
ছাত্ৰী সকলে আনকি নিজ হাতেৰেও মাটিৰ পাত্ৰ নিৰ্মাণ কৰি আনন্দ লাভ কৰে। কিতাপ নোহোৱাকৈও যে ছাত্ৰী সকলে দেখি, শুনি, নিজ হাতেৰে কৰি শিক্ষা লাভ কৰিব পাৰে সেই কথা এই বেগ বিহীন শিক্ষাই প্ৰতিপন্ন কৰে। ইয়াৰ লগতে ছাত্ৰী সকলে যাতে শ্ৰমৰ মৰ্যাদা অনুভৱ কৰিব পাৰে , শ্ৰম কৰা লোক সকলক শ্ৰদ্ধা আৰু সন্মান কৰিবলৈ শিকে, ছাত্ৰী সকলৰ যাতে সৰ্বাংগীন বিকাশ ঘটে আৰু ছাত্ৰী সকলৰ মাজত বন্ধুত্ব, সহযোগিতা, দলগত ভাবে কাম কৰাৰ দক্ষতা বাঢ়ে তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ নিৰ্দেশমৰ্মে এই ব্যতিক্ৰমি শিক্ষা বিদ্যালয়খনে আৰম্ভ কৰিছে। আজিৰ এই ক্ষেত্ৰ অধ্যয়নত বিদ্যালয় প্ৰধান পলাশ চমুৱাৰ লগতে বিজ্ঞান শিক্ষক হিৰণ্য কুমাৰ নাথৰ উপৰি শিক্ষক জ্যোতিষ নাথ আৰু নৃপেন্দ্ৰনাথ কুমাৰে সহযোগিতা কৰে।