পুনিয়া প্ৰাথমিক বিদ্যালয়ত সজাগতা সভা
পুনিয়া প্ৰাথমিক বিদ্যালয়ত সজাগতা সভা
ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ শিশুৰ যতন আৰু শিক্ষা
ছিপাঝাৰৰ পুনিয়া প্ৰাথমিক বিদ্যালয়ত সজাগতা সভা
"ক " শ্ৰেণীৰ সামগ্ৰীৰ প্ৰদৰ্শনীৰ আয়োজন
ছিপাঝাৰ,১৮ ফ্ৰেব্ৰুৱাৰী: ৰাষ্ট্ৰীয় শিক্ষা নীতি :২০২০ য়ে শিশুৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত প্ৰাক - প্ৰাথমিক শিক্ষাৰ ওপৰত অত্যাধিক গুৰুত্ব আৰোপ কৰিছে।প্ৰাক - প্ৰাথমিক পৰ্যায়ৰ শিক্ষা লাভ নকৰা শিশুৰে প্ৰাথমিক পৰ্যায়ৰ শিক্ষাত নানান সমস্যাৰ সন্মুখীন হয়। প্ৰাক- প্ৰাথমিক শিক্ষাৰ জৰিয়তে শিশুৰ ঘৰুৱা পৰিবেশৰ পৰা বিদ্যালয়ত নিজকে খাপ খুওৱাৰ লগতে শাৰীৰিক, ভাষিক,বৌদ্ধিক, সামাজিক আবেগিক আৰু সৃজনীমূলক বিকাশ ঘটাই আনুষ্ঠানিক শিক্ষা গ্ৰহণ অৰ্থাৎ প্ৰাথমিক শিক্ষা গ্ৰহণৰ বাবে প্ৰস্তুত কৰে। সেয়ে প্ৰাক শৈশৱকালত কেনেকৈ শিশুৰ যতন আৰু শিক্ষা লাভ কৰিব পাৰি য'ত শিশুক গুণগত প্ৰাথমিক শিক্ষা প্ৰদান কৰিব পাৰি আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি: ২০২০,ৰ যি নতুন শৈক্ষিক পৰিকল্পনা ৫+৩+৩+৪ ব্যৱস্থা প্ৰবৰ্তনৰ জৰিয়তে বিদ্যালয়ৰ শিক্ষাৰ যি পৰিকল্পনা কৰিছে সেই সন্দৰ্ভত এক সজাগতাৰ বাবে সমগ্ৰ শিক্ষা দৰং জিলাৰ ছিপাঝাৰ শিক্ষা খন্ডৰ উদ্যোগত পুনিয়া প্ৰাথমিক বিদ্যালয়ত আজি এক সজাগতা সভাৰ আয়োজন কৰা হয়। লগতে প্ৰাক - প্ৰাথমিক"ক" শ্ৰেণীৰ শৈক্ষিক সামগ্ৰীৰ এক প্ৰদৰ্শনীও অনুষ্ঠিত হয়।
ছিপাঝাৰ শিক্ষা খন্ডৰ ভাৰপ্ৰাপ্ত প্ৰাথমিক শিক্ষা বিষয়া ও খন্ড মিছন সমন্বয়ক হেমন্ত বৰুৱাৰ তত্বাৱধানত আৰু ঢেকীপাৰা মন্ডল সমল কেন্দ্ৰৰ সমন্বয়ক প্ৰণৱ কুমাৰ ডেকাৰ পৰিচালনাত চলা উক্ত অনুষ্ঠানত ৰাতিপুৱা সমগ্ৰ শিক্ষাৰ দৰং জিলাৰ জিলা আচনি বিষয়া ধনজিত ৰাজবংশী য়ে বন্তি প্ৰজ্বলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।
ইয়াৰ পিছত "ক" শ্ৰেণীৰ সামগ্ৰীৰ প্ৰদৰ্শনীৰ দ্বাৰ উদঘাটন কৰে পুনিয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মিতালী দাসে। ইয়াৰ পিছত ঢেকীপাৰা মন্ডল সমল কেন্দ্ৰৰ সমন্বয়ক প্ৰণৱ কুমাৰ ডেকাৰ সঞ্চালনাত প্ৰাক- শৈশৱকালীন শিশুৰ যতন আৰু শিক্ষা বিষয়ত নিদিষ্ট বক্তাৰ ভাষণ ৰাখে বৰচলা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী প্ৰিয়ংকা ভৰদ্বাজে। তেখেতে প্ৰাক শৈশৱকালীন শিশুৰ যতন, শিক্ষাৰ উদ্দেশ্য,শিক্ষাৰ গুৰুত্ব, শিশুৱে কি কৰি ভাল পায় , অভিভাৱক, পিতৃ-মাতৃ,পৰিয়ালৰ দায়িত্ব , বিদ্যালয় প্ৰস্তুতি কৰণ আৰু ইয়াৰ প্ৰয়োজনীয়তা, শিশুৰ বিকাশৰ বিভিন্ন স্তৰ , বৈশিষ্ট্য , শিশুৰ সৰ্বাংগীন বিকাশৰ বাবে কৰিবলগীয়া বিভিন্ন ক্ৰিয়া আলাপ সমূহ পুংখানুপুংখ ভাবে ৰাইজক উদ্দেশ্যি বক্তব্য ৰাখে।
ইয়াৰ পিছত নিদিষ্ট বক্তাৰ ভাষণ ৰাখি অসমীয়া খবৰ সাংবাদিক গগণ কুমাৰ নাথে শিশুৰ দৈনন্দিন জীৱনত কেনেকৈ সৃজনীশীল চিন্তাৰ বিকাশ কৰি বৰ্তমান সময়ৰ সৈতে খাপ খুৱাই অধিক আগবঢ়াই নিব পাৰি তাৰ ওপৰত ব্যক্তব্য ৰাখে। শিশু ৰ স্বাস্থ্য পৰীক্ষা, প্ৰতিষেধক,টিকাকৰণ, পৰিস্কাৰ পৰিচ্ছন্নতা ,সুঅভ্যাস গঠন,ৰোগ নিৰাময়ৰ উপায় অবলম্বণৰ আদিৰ বিষয়ে বক্তব্য ৰাখে পকাদলি সামূহিক স্বাস্থ্য আৰু কল্যান কেন্দ্ৰৰ সামূহিক স্বাস্থ্য বিষয়া খুৰচীদা বেগমে।
তিনি শতাধিক ব্যক্তি উপস্থিত থকা এই সভাখনত ছিপাঝাৰ শিক্ষা খন্ডৰ খন্ড গাণণিক দীপক ডেকা,পকাদলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক অতুল চহৰীয়া , অবসৰী শিক্ষক দুতি কেওঁট, গোবিন্দ শইকীয়া,পদ্মেশ্বৰ শইকীয়া,শিক্ষয়িত্ৰী মৌচুমী কলিতা,ভায়লিনা ভাৰতী , বিভিন্ন বিদ্যালয়ৰ শিক্ষকৰ লগতে গাওপ্ৰধান পবিত্ৰ কুমাৰ নাথ,জয়ন্ত বড়া, অঞ্চলটোৰ অংগনাবাদী কেন্দ্ৰ কেইটিৰ কৰ্মী- সহায়িকা সকল,পঞ্চায়তৰ প্ৰতিনিধি সকলৰ লগতে বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে। অনুষ্ঠানৰ বিদ্যালয়ৰ শিক্ষাৰ্থী সকলে এটি বৃন্দ গীত , দলীয় নৃত্য আৰু ধ্যান জ্যোতি বড়া এটি ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰে।