ছিপাঝাৰ শিক্ষা খন্ডৰ সাফল্য , দৰং ডায়েটৰ "শ্ৰেষ্ঠ অনুশীলন প্ৰদৰ্শনত" তিনিটা বটা লাভ

ছিপাঝাৰ শিক্ষা খন্ডৰ সাফল্য , দৰং ডায়েটৰ "শ্ৰেষ্ঠ অনুশীলন প্ৰদৰ্শনত" তিনিটা বটা লাভ

ছিপাঝাৰ শিক্ষা খন্ডৰ সাফল্য , দৰং ডায়েটৰ "শ্ৰেষ্ঠ অনুশীলন প্ৰদৰ্শনত" তিনিটা বটা লাভ
ছিপাঝাৰ শিক্ষা খন্ডৰ সাফল্য , দৰং ডায়েটৰ "শ্ৰেষ্ঠ অনুশীলন প্ৰদৰ্শনত" তিনিটা বটা লাভ

ছিপাঝাৰ শিক্ষা খন্ডৰ সাফল্য , দৰং ডায়েটৰ "শ্ৰেষ্ঠ অনুশীলন প্ৰদৰ্শনত" তিনিটা বটা লাভ
শিক্ষামন্ত্ৰীৰ প্ৰশংসা শিক্ষয়িত্ৰী নিভা ডেকা মহন্তক


ছিপাঝাৰ ১২ জানুৱাৰী: দৰং জিলাৰ একমাত্ৰ  জিলা শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠান চমুকৈ  ডায়েটৰ উদ্যোগত   যোৱা  ৯ আৰু ১০ জানুৱাৰীত  অনুষ্ঠিত জিলা খনৰ তিনিটা শিক্ষা খন্ডৰ  শিক্ষক তথা মন্ডল সমল কেন্দ্ৰ সমন্বয়কৰ মাজত শৈক্ষিক উত্তৰণৰ বাবে জিলা ভিত্তি ক "শ্ৰেষ্ঠ অনুশীলন প্ৰদৰ্শন"(Best practice presentation) শিতানত এক প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাখন কেইবাটাও  দিশ সামৰি অনুষ্ঠিত হৈছিল ।

মূলত বিদ্যায়তনিক,সহ -বিদ্যায়তনিক,উদ্ভাবনীমূলক ক্ৰিয়া কলাপ ,সমাজ জড়িতকৰণকে আদি কৰি কেবাটাও দিশত শিক্ষক সকলে বিদ্যালয়ত বিভিন্ন সময়ত কৰা অভ্যাস সমূহ চমুকৈ ভিডিঅ' কৰি পি পি টি প্ৰস্তুত কৰি তাৰ লক্ষ্য ,উদ্দেশ্য আৰু শিকণীয় দিশ আদি  সামৰি প্ৰদৰ্শন কৰা হৈছিল।

 দৰং জিলাৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষক তথা মন্ডল সমল কেন্দ্ৰৰ সমন্বয়কে অংশ গ্ৰহণ কৰা উক্ত প্ৰতিযোগিতাত ছিপাঝাৰ শিক্ষাখণ্ডই তিনিটা পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। বাজানা পথাৰ মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত ২নং শুক্তাগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ফাৰুক ইছলামে দ্বিতীয় স্থান, দুমনীচকী মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক নাজিজুল হকে তৃতীয় স্থান আৰু ঘোৰাবান্ধা মন্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত ঘোঁৰাবান্ধা নিম্ন বুনিয়াদী বিদ্যালয়ৰ  সহ:শিক্ষয়িত্ৰী নিভা ডেকা মহন্তই উদগণি বঁটা লাভ কৰি ছিপাঝাৰ শিক্ষা খন্ডলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে ২নং শুক্তাগুৰী প্ৰাথমিক বিদ্যালয়ৰ  প্ৰধান শিক্ষক ফাৰুক ইছলামে বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি বৃদ্ধিৰ বাবে অভিভাৱক তথা সমাজ জড়িতকৰণৰ  উদ্ভাৱনীমূলক পন্থা অৱলম্বন কৰা বিষয়ত তেখেতে প্ৰদৰ্শন কৰিছিল। তেখেতৰ "শৈক্ষিক দিশত সমাজ জড়িতকৰণ" বিষয়টো য়ে বিশেষ ভাবে স্বীকৃতি লাভ কৰে। আনহাতে ডুমুনীচকী মন্ডল সমল কেন্দ্ৰৰ সমন্বয়ক নাজিজুল হকে "ডিজিটেল তথ্য সংৰক্ষণ আৰু শৈক্ষিক সমল প্রস্তুত"ৰ ভিডিও প্ৰদৰ্শন কৰিছিল।লগতে উদগনি মূলক বঁটা লাভ কৰা ঘোৰাবান্ধা নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী নিভা ডেকা মহন্তই চৰকাৰী বিদ্যালয়ত  ছাত্ৰ-ছাত্ৰী সকলক ইংৰাজী ভাষাৰ প্ৰতি আগ্ৰহী কৰিবলৈ শিকনৰ বাবে প্ৰয়োগ কৰা কৌশল সমূহ প্ৰদৰ্শন কৰিছিল।

উল্লেখ্য যে দুদিন আগতে অসমৰ শিক্ষামন্ত্ৰীয় ৰনোজ পেগুই তেখেতে সামাজিক মাধ্যমত শিক্ষয়িত্ৰী নিভা ডেকা মহন্তৰ  তেখেতে পাঠদান কৰা বিদ্যালয়ৰ ইংৰাজী বিষয়ৰ শিক্ষণ শৈলীৰ এটি ভিডিঅ' আপলোড কৰি  তেখেতৰ এই  প্ৰচেষ্টাৰ শলাগ লোৱাৰ লগতে চৰকাৰী মাধ্যমৰ বিদ্যালয় সমূহ যে ক্ৰমাগত ভাৱে আগবাঢ়ি গৈ আছে তাক ৰাইজৰ আগত দাঙি ধৰিছে।দৰং ডায়েটে অনুষ্ঠিত কৰা এই প্ৰতিযোগিতা খনিত জিলাখনৰ ছিপাঝাৰ, কলাইগাঁও আৰু দলগাওঁ শিক্ষাখণ্ডৰ অন্তৰ্গত মুঠ ৩০খন বিদ্যালয়  আৰু মণ্ডল সমল কেন্দ্ৰই এই কার্যসূচীত অংশগ্ৰহণ কৰি নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰিছিল। পাঁচ গৰাকী বিচাৰক মণ্ডলীৰ দ্বাৰা বিবেচিত এই প্ৰদৰ্শন ত দলগাওঁ শিক্ষা খণ্ডৰ অন্তৰ্গত দলগাওঁ বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক আকবৰ ই জাহানে প্ৰথম পুৰস্কাৰ আৰু কলাইগাঁও শিক্ষাখণ্ডৰ  শিক্ষয়িত্ৰী ৰিপলিকা ৰাভাই উদগনি বঁটা লাভ কৰে। ডায়েটৰ অধ্যক্ষা মঞ্জু চুতীয়াৰ সভাপতিত্বত অনুষ্ঠিত কৰা বঁটা বিতৰণী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে দলগাওঁ ডায়েটৰ প্ৰাক্তন অধ্যক্ষ নাজিবুৰ ৰহমানে। উক্ত অনুষ্ঠানত দলগাওঁ তথা ছিপাঝাৰ শিক্ষাখণ্ডৰ  প্ৰাথমিক শিক্ষা বিষয়া ক্ৰমে সিতেশ্বৰ নাথ আৰু গীতা  দেৱীৰ লগতে ডায়েটৰ সমূহ প্ৰবক্তা, তিনিওটা শিক্ষা খণ্ডৰ খণ্ড সমল ব্যক্তি আৰু  মণ্ডল সমন্বয়ক সকল উপস্থিত থাকে।