ছিপাঝাৰ শিক্ষাখন্ডৰ মেটাপাৰা প্ৰাথমিক বিদ্যালয়ত সামূহিক উৎসৱ উদযাপন।
ছিপাঝাৰ শিক্ষাখন্ডৰ মেটাপাৰা প্ৰাথমিক বিদ্যালয়ত সামূহিক উৎসৱ উদযাপন।
ছিপাঝাৰ শিক্ষাখন্ডৰ মেটাপাৰা প্ৰাথমিক বিদ্যালয়ত সামূহিক উৎসৱ উদযাপন।
চৰকাৰী শিক্ষক হ'বলৈ চৰকাৰী বিদ্যালয় জীয়াই ৰাখিব লাগিব।
সংবাদ ডিজিটেল, ছিপাঝাৰ,৮ জানুৱাৰী: চৰকাৰী বিদ্যালয় সমূহত চাকৰি পাবলৈ আমি বিদ্যালয় সমূহ জীয়াই ৰাখিব লাগিব। দিনক দিনে নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে আৰু বিপৰীতে চৰকাৰী বিদ্যালয় বিলাক বন্ধ হৈ আহিছে। চৰকাৰী অনুষ্ঠান বন্ধ হৈ গৈ থাকি চৰকাৰী চাকৰি বিচাৰিলে কত হ'ব।
সেয়ে ৰাইজ সজাগ হৈ চৰকাৰী বিদ্যালয় সমূহত ল'ৰা-ছোৱালীৰ নামভৰ্তি কৰাওক। এই ব্যক্তব্য আগবঢ়াই আজি দিনযোৰা কাৰ্যসুচীৰে অনুষ্ঠিত সামূহিক উৎসৱত লোক্ৰাই মন্ডল সমল কেন্দ্ৰৰ সমন্বয়ক মৃণাল শৰ্মাই। সমগ্ৰ শিক্ষা দৰং জিলাৰ ছিপাঝাৰ শিক্ষা খন্ডৰ অন্তৰ্গত ঢেকীপাৰা মন্ডল সমল কেন্দ্ৰৰ উদ্যোগত মেটাপাৰা প্ৰাথমিক বিদ্যালয়ত আজি দিনযোৰা কাৰ্যসূচীৰে সামূহিক উৎসৱ উদযাপন কৰা হয়।
ঢেকীপাৰা আৰু ঘোৰাবান্ধা মন্ডল সমল কেন্দ্ৰৰ সমন্বয়ক প্ৰণৱ কুমাৰ ডেকাৰ পৰিচালনাত চলা উক্ত অনুষ্ঠানত কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে মেটাপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী গুণলতা দেৱীয়ে। গছপুলি ৰোপণ কৰে অসম চৰকাৰৰ জনসংযোগ বিভাগৰ অবসৰী কৰ্মচাৰী ভবেন্দ্ৰ চন্দ্ৰ নাথে। ইয়াৰ পিছত এটি বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।
শোভাযাত্ৰা উদ্বোধন কৰে ব্যাসসংগীতৰ ওজা হৰেন্দ্ৰ চন্দ্ৰ নাথে। শিক্ষক শিক্ষয়িত্ৰী ক্ৰমে মিতুল লহকৰ,গকুল ডেকা, আৰু মিতালী দাসৰ পৰিচালনা ত ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন ধৰণৰ খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হয়। ঢেকীপাৰা মন্ডল সমল কেন্দ্ৰৰ সমন্বয়ক প্ৰণৱ কুমাৰ ডেকা ই আত ধৰা কেন্দ্ৰটোৰ অন্তৰ্গত আটাইকেইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱকে অংশগ্ৰহণ কৰা এটি গীত-মাত- -নৃত্য -কবিতাৰ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ।
অনুষ্ঠানত আমন্ত্ৰিত অতিথি ছিপাঝাৰ শিক্ষা খন্ডৰ লোক্ৰাই মন্ডল সমল কেন্দ্ৰৰ সমন্বয়ক মৃণাল শৰ্মাই সাবলীন ব্যক্তব্য ৰখাৰ উপৰিও গীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে। দুই শতাধিক ব্যক্তি উপস্থিত থকা উক্ত অনুষ্ঠানত ডুমুনীচকী মন্ডল সমল কেন্দ্ৰৰ সমন্বয়ক নাজিজুল হক আৰু পুনিয়া শ্ৰীমন্ত শঙ্কৰদেৱ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক টংকেশ্বৰ নাথে উপস্থিত ৰাইজক উদ্দেশ্যি বক্তব্য দিয়ে।
শিক্ষয়িত্ৰী ক্ৰমে ভায়লিনা ভাৰতী আৰু মিতালী দাসে নৃত্য পৰিবেশন কৰাৰ উপৰিও অংগনাবাদী কৰ্মী জ্যোতিৰেখা শইকীয়াই নৃত্য পৰিবেশন কৰে। শিক্ষক শিক্ষয়িত্ৰী ক্ৰমে যামিনী দেৱী, প্ৰিয়ংকা বৈশ্য,ৰজী আহমেদ, মৌচুমী কলিতা,জোনতি বৰুৱাৰ লগতে ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থকা সভাৰ অন্তত খেল-ধেমালি প্ৰতিযোগিতাৰ পুৰস্কাৰ প্ৰাপ্ত সকলক পুৰস্কাৰ সমূহ বিতৰণ কৰা হয়।শলাগৰ শৰাইৰ আগবঢ়ায় ঢেকীপাৰা আৰু ঘোৰাবান্ধা মন্ডল সমল কেন্দ্ৰৰ সমন্বয়ক প্ৰণৱ কুমাৰ ডেকাই। এই অনুষ্ঠানৰ মুখ্য উদ্দেশ্য হল ৰাইজক বিদ্যালয়ত জড়িত কৰি বিদ্যালয় সমূহৰ সৰ্বাঙ্গীন বিকাশ সাধন কৰা।