পশ্চিম দৰঙৰ বাপুজী বালিকা বিদ্যালয়ৰ ইয়থ এণ্ড ইকো ক্লাৱৰ উদ্যোগত ত্ৰিবেনী নদীৰ সংগমস্থলী তিনিসূঁতিমুখত ক্ষেত্ৰ অধ্যয়ন

দৰং জিলাৰ পশ্চিম প্ৰান্তৰ বিষ্ণুপুৰত অৱস্থিত নাৰী শিক্ষাৰ অগ্রণী শিক্ষানুষ্ঠান বাপুজী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ইয়থ এণ্ড ইকো ক্লাৱৰ এই বছৰৰ কাৰ্যসূচীৰ অধীনত আজি দৰং কামৰূপৰ সীমাৱৰ্তী তিনি নদীৰ সংগমস্থলী তিনিসূতিমুখত বিদ্যালয়ৰ দুই শতাধিক ছাত্ৰীয়ে শিক্ষক শিক্ষয়িত্ৰীৰ সহযোগত ক্ষেত্ৰ অধ্যয়ন কৰে ।
ছাত্ৰীসকলে ডিমিলা নৈৰ লগতে নৈখনৰ দাঁতি কাষৰীয়া এলেকাৰ জৈৱ বৈচিত্ৰ অধ্যয়ন কৰে। গতানুগতিক পাঠদানৰ পৰা আঁতৰি আহি ছাত্ৰী সকলে গছ গছনি , নৈ , বিভিন্ন চৰাই চিৰিকতি , প্ৰাণী আদি অধ্যয়ন কৰি আপ্লুত হৈ পৰে। পৰিৱেশ শিক্ষাৰ অভিজ্ঞতা আহৰণ কৰাত এই ক্ষেত্ৰ অধ্যয়নে যথেষ্ট ভাৱে উপকৃত কৰা বুলি ছাত্ৰী সকলে মত পোষন কৰে।
প্ৰীতি ভোজনৰ অন্তত আয়োজন কৰা সামৰণি অনুষ্ঠানত ছাত্ৰী সকলে গীত নৃত্য পৰিৱশন কৰি অনুষ্ঠানটি জীপাল কৰি তোলে। এই ক্ষেত্ৰ অধ্যয়নত তত্বাৱধায়ক শিক্ষক হিৰণ্য কুমাৰ নাথৰ লগতে প্ৰধান শিক্ষক পলাশ চমুৱা, সহকাৰী শিক্ষক লক্ষ্য চহৰীয়া, অণুমা চৌধুৰী, হৰিদেৱ বৰ্মন, খণ্ডকৰ ছাইফুদ্দিন, ৰেৱন চৌধুৰী, জ্যোতিষ নাথ, জোনমণি নাথৰ লগতে দুগৰাকী বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যয়ো অংশগ্ৰহণ কৰে।