প্ৰদীপ চন্দ্ৰ নাথৰ আকস্মিক  মৃত্যু

প্ৰদীপ চন্দ্ৰ নাথৰ আকস্মিক  মৃত্যুত

প্ৰদীপ চন্দ্ৰ নাথৰ আকস্মিক  মৃত্যু
প্ৰদীপ চন্দ্ৰ নাথৰ আকস্মিক  মৃত্যু

প্ৰধান শিক্ষক,সমাজ সেৱক প্ৰদীপ চন্দ্ৰ নাথৰ আকস্মিক  মৃত্যুত দেওমৰনৈত শোকৰ ছাঁ।

দৰং জিলা সাহিত্য সভাৰ বিগত দুটা কাৰ্যকালৰ হিচাব পৰীক্ষক তথা চলিত কাৰ্যকালৰ এগৰাকী সন্মানীয় আমন্ত্ৰিত সদস্য, সাহিত্য সংগঠক, সমাজকৰ্মী, বৰেৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক  প্ৰদীপ চন্দ্ৰ নাথ দেৱ যোৱা নিশা নাৰায়না হস্পিতালত বৈকুণ্ঠগামী হয়।কৃতী শিক্ষক তথা সমাজ সংগঠক গৰাকীৰ বিয়োগত বৃহত্তৰ দেওমৰনৈ অঞ্চলত শোকৰ ছাঁ পৰিছে।
        তেখেতৰ মৃত্যুত দৰং জিলা সাহিত্য সভা,দেওমৰনৈ শাখা সাহিত্য সভা,বৰেৰি  প্ৰাথমিক বিদ্যালয় কতৃপক্ষ, দেওমৰনৈ  অঞ্চলৰ অনুষ্ঠান প্ৰতিষ্ঠানকে ধৰি  অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা,দৰং জিলা সাহিত্য সভা,সম্পাদক বসন্ত শইকীয়া আৰু তেখেতৰ গুণমুগ্ধ সকলে গভীৰ শোক প্ৰকাশ  কৰি শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।