জাপ মৰা বড়িত কৃতি ছাত্ৰ ছাত্ৰী সম্বৰ্ধনা জ্ঞাপন
জাপ মৰা বড়িত কৃতি ছাত্ৰ ছাত্ৰী সম্বৰ্ধনা জ্ঞাপন
জাপ মৰা বড়িত কৃতি ছাত্ৰ ছাত্ৰী সম্বৰ্ধনা জ্ঞাপন
সংবাদ ডিজিটেল: দৰঙ জিলাৰ জাপ মৰা বড়ি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা বিগত শিক্ষা বৰ্ষত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক আঞ্চলিক ৰাইজৰ সহযোগত বিদ্যালয় পৰিচালনা সমিতিৰ তথা শিক্ষক কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীয়ে মিলি আজি সম্বৰ্ধনা জ্ঞাপন কৰে।
অনুষ্ঠানটিৰ লগত সংগতি ৰাখি কাৰ্যসূচী অনুযায়ী পূৱা ৮-৩০ বজাত বন্তি প্ৰজ্বলন কৰে সৰু ঔতলা উচ্চ মাধ্যমিক বিদ্যালয় অৱসৰী সহকাৰী প্ৰধান শিক্ষক অনন্ত দেৱ গোস্বামী দেৱে আৰু ৯ বজাত বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী হৰেশ্বৰী বৰুৱাই বিদ্যাযলয়ৰ পতাকা উত্তোলন কৰে। ৯-৩০ বজাত বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ভৱেশ শৰ্মাই ছহিদ তৰ্পণ কৰে আৰু ১০ বজাত বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক কৰুনা মহন্ত দেৱে স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ন কৰে।লগতে ১০-৩০ বজাত গছপুলি ৰোপন কাৰ্যসূচী ৰূপায়ন কৰে বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সম্পাদক মহেন্দ্ৰ হাজৰিকা দেৱে।
আনহাতে ১১বজাত বিদ্যালয়ৰ সভাপতি নন্দেশ্বৰ ডেকা দেৱে সভাপতিত্ব কৰা মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠানটি উদ্বোধন কৰে বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষক মহেশ্বৰ শৰ্মা দেৱে।ছিপাঝাৰ মহাবিদ্যালয়ৰ অৱসৰী উপাধ্যক্ষ ড° ৰাম চন্দ্ৰ ডেকা দেৱে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা অনুষ্ঠানটোত মুখ্য অতিথিৰ আসন অলংকৃত কৰে ছিপাঝাৰ বিধান সভা সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশী দেৱে।
জাপ মৰা বড়ি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা দেওমৰনৈ কেন্দ্ৰৰ ভিতৰত প্ৰথম স্থান লাভ কৰা কংগনা কলিতাৰ লগতে মুঠ ১২ গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা অনুষ্ঠানটিত বিশিষ্ট অতিথি গ্ৰহণ কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক মাননীয় শ্ৰীযাদৱ চন্দ্ৰ শৰ্মা,এ,পি,জে, আব্দুল কালাম আজাদ একাডেমীৰ অধ্যক্ষ লাহৰী কলিতা,দেওমৰনৈ গাওঁ পঞ্চায়তৰ সভাপতি পদ্মাৱতী দেৱী, লোজোৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰভাত কোচ,পাতিদৰং প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গোবিন্দ বৰুৱা,পালেং চুবুৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দীপক চহৰীয়া,ঝাৰগাও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰীণা বৰুৱাই।