কামৰূপৰ ঐতিহ্যমণ্ডিত বিদ্যাভাৰতী মহাবিদ্যালত বৃত্তীয় খেলিমেলিৰ অভযোগ।

কামৰূপৰ ঐতিহ্যমণ্ডিত বিদ্যাভাৰতী মহাবিদ্যালত বৃত্তীয় খেলিমেলিৰ অভযোগ।মহাবিদ্যালয় খনৰ এটি RCC গৃহ নিৰ্মানৰ ক্ষেত্ৰত ব্যাপক খেলিমেলিৰ অভিযোগ স্থানীয় ৰাইজৰ। স্থানীয় ৰাইজৰ অভিযোগ মৰ্মে ২০১৭-১৮ চনতে মুখ্যমন্ত্ৰীৰ আৰ্থিক সাহাৰ্য্যৰ দ্বাৰা অনুমোদিত প্ৰায় এক কোটি টকাৰ এই গৃহনিৰ্মান কাৰ্য্যত সংঘটিত হৈছে ব্যাপক অনিময়। নিৰ্মান কাৰ্য্য সম্পুৰ্ণ নৌ হওতে RCC গৃহটিৰ পকীবেৰৰ সিংহভাগতে দেখা গৈছে বৃহৎ বৃহৎ ফাঁট। পিচত বালি-চিমেণ্টেৰে লিপি-মচি প্ৰলেপ দিয়াৰ অপচেষ্টাত লিপ্ত হৈছে নিৰ্মাণ কাৰি সংস্থা ।। প্ৰায় সাত হাজাৰ বৰ্গফুটৰ এই RCC গৃহটিৰ নিৰ্মানৰ ক্ষেত্ৰত মহাবিদ্যালয় কৰ্তৃপক্ষ্যৰ তৰফৰ পৰা অতিৰিক্ত অনুদান আগবঢ়োৱাৰ পিছতো বৰ্তমানলৈ গৃহটি সম্পুৰ্ণ কৰিব নোৱাৰাটো ঠিকাদাৰগৰাকীৰ চুড়ান্ত ব্যৰ্থতা। ইফালে মহাবিদ্যালয়খনৰ অধ্যক্ষ তথা বিদ্যালয় পৰিচালনা সমিতিৰ সম্পাদকগৰাকীয়ে জনোৱা অনুসৰি নিৰ্মানৰত RCC গৃহটিৰ নিৰ্মানৰ বাবে ৭৫ শতাং ধন ঠিকাদাৰক মোকলায় দিয়া হৈছে।কিন্তু ইয়াৰ পিছতো আশ্বৰ্য্যজনক ভাৱে গৃহটি সম্পুৰ্ণ কৰিব নোৱাৰাটো পৰিতাপৰ বিষয়।স্থানীয় সাংবাদিকৰ এটি দলৰ প্ৰশ্নৰ উত্তৰত অধ্যক্ষ গৰাকীয়ে নিম্ন মানৰ নিৰ্মান কাৰ্যৰ তদাৰক কৰাৰ পিছতহে পৰবৰ্তী পৰ্যায়ৰ বিলসমুহ মোকলায় দিয়াৰ সিদ্ধান্ত লব বুলি জানিব দিয়ে। চুড়ান্ত পৰ্যায়ৰ বিল সমাগত দুৰ্গা পুজাৰ পুৰ্বে মোকলাই দিয়াৰ বাবে ঠিকাদাৰ গৰাকীয়ে চেষ্টা অব্যাহত ৰখা বুলি অধ্যক্ষ গৰাকীয়ে সংবাদ মাধ্যমক জানিব দিয়ে ।উল্লেখ্য স্থানীয় ৰাইজে এই গৃহটিৰ নিম্ন মানদণ্ড কামৰ বাবে মহাবিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া,ঠিকাদাৰ খনিন্দ্ৰ কলিতা আৰু অভিযন্তা দেবজিত ডেকাক জগৰীয়া কৰে । ইয়াৰ লগতে ৰঙিয়াস্থিত লোক নিৰ্মান বিভাগ(গৃহ)ৰ কাৰ্যবাহী অভিযন্তা গৰাকীৰ গৃহনিৰ্মানটিৰ কাম-কাজসমুহ পৰিদৰ্শনৰ ক্ষেত্ৰত হেমাহিৰ অন্য এক অভিযোগ উথ্বাপিত হৈছে । সেয়ে কোটিটকীয়া গৃহটিৰ নিৰ্মান কাৰ্য্যৰ সকলো দিশ তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰীৰ তদন্তকাৰী সংস্থাক মুকলি আহ্বান জনাইছে স্থানীয় ৰাইজে।

বাইহাটা চাৰিআলিৰ পৰা দুলাল ডেকা।