দৰঙত অমৃত বৃক্ষ আন্দোলনৰ অগ্ৰগতিৰ বুজ ল'লে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে
দৰঙত অমৃত বৃক্ষ আন্দোলনৰ অগ্ৰগতিৰ বুজ ল'লে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে
দৰঙত অমৃত বৃক্ষ আন্দোলনৰ অগ্ৰগতিৰ বুজ ল'লে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে
মঙলদৈ, ৬আগষ্ট: পৰিৱেশ আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি দৰঙৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত এখন সভাত জিলাখনত অমৃত বৃক্ষ আন্দোলনৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। সভাত মন্ত্ৰীগৰাকীয়ে অমৃত বৃক্ষ আন্দোলনৰ অধীনত জিলাখনলৈ গছপুলি অনা, গছপুলি বিতৰণ, ৰোপণ আৰু ফটো আপলোডৰ সবিশেষ বুজ লয়। দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে আৰু বন বিভাগৰ উত্তৰ কামৰূপ মণ্ডলৰ মাণ্ডলিক বিষয়া ছানীদেও চৌধুৰীয়ে মন্ত্ৰীগৰাকীক এই বিষয়ে সবিশেষ অৱগত কৰে। ছানীদেও চৌধুৰীয়ে কয় যে এইবাৰ জিলাখনত প্ৰায় ৯,৭৩,০০০ গছপুলি ৰোপণৰ লক্ষ্য স্থিৰ কৰা হৈছে আৰু আজিলৈকে মুঠ ৬,৬৪,৭৬৮ টা গছপুলি বিতৰণ কৰা হৈছে। পৰিৱেশ আৰু বন মন্ত্ৰীগৰাকীয়ে জলবায়ু পৰিৱৰ্তন, গোলকীয় উষ্ণতা বৃদ্ধি আদিৰ প্ৰসংগ উল্লেখ কৰি কয় যে এনে সমস্যাৰ সৈতে মোকাবিলা কৰি ভৱিষ্যত প্ৰজন্মৰ বাবে এখন সুন্দৰ পৃথিৱী থৈ যাবৰ কাৰণে গছপুলি ৰোপণত গুৰুত্ব দিবই লাগিব। পৃথিৱীৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত গছপুলি ৰোপণ এক পৱিত্ৰ কৰ্তব্য হিচাপে গণ্য কৰিবলৈ তেওঁ সকলোৰে প্ৰতি আহ্বান জনায়। আজিৰ সভাত দৰং জিলাৰ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলক 'সংৰক্ষিত বনাঞ্চল'লৈ ৰূপান্তৰিত কৰাৰ বিষয়েও আলোচনা কৰা হয়। প্ৰস্তাৱিত গণেশ পাহাৰ সংৰক্ষিত বনাঞ্চলক 'সংৰক্ষিত বনাঞ্চল'ৰ ৰূপ দিবলৈ প্ৰাথমিক কাম সম্পূৰ্ণ কৰাৰ বাবে তেওঁ বিভাগীয় বিষয়াসকলক প্ৰয়োজনীয় নিৰ্দেশ দিয়ে।
আজিৰ সভাত ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশী, মঙলদৈৰ বিধায়ক বসন্ত দাস, অসম ৰাজ্যিক মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে জিলাখনত বনাঞ্চল সংৰক্ষণ, উদ্যান নিৰ্মাণ,মূল্যবান গছপুলি ৰোপণ, জলাভূমিত পৰিভ্ৰমী পক্ষী বিচৰণ আদি বিভিন্ন বিষয়ে উত্থাপন কৰে আৰু এই বিষয়সমূহৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয়। সভাত দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মানস দাস, অতিৰিক্ত জিলা আয়ুক্তসকল আৰু বিভিন্ন বিভাগৰ জিলা পৰ্যায়ৰ মূৰব্বী বিষয়াসকল উপস্থিত আছিল।