দৰঙৰ আদৰ্শ মহিলা মহাবিদ্যালয়ৰ চৌহদত অমৃত বৃক্ষ আন্দোলনৰ অধীনত গছপুলি ৰোপণৰ শুভাৰম্ভ

দৰঙৰ আদৰ্শ মহিলা মহাবিদ্যালয়ৰ চৌহদত অমৃত বৃক্ষ আন্দোলনৰ অধীনত গছপুলি ৰোপণৰ শুভাৰম্ভ

দৰঙৰ আদৰ্শ মহিলা মহাবিদ্যালয়ৰ চৌহদত অমৃত বৃক্ষ আন্দোলনৰ অধীনত গছপুলি ৰোপণৰ শুভাৰম্ভ
দৰঙৰ আদৰ্শ মহিলা মহাবিদ্যালয়ৰ চৌহদত অমৃত বৃক্ষ আন্দোলনৰ অধীনত গছপুলি ৰোপণৰ শুভাৰম্ভ

দৰঙৰ আদৰ্শ মহিলা মহাবিদ্যালয়ৰ চৌহদত অমৃত বৃক্ষ আন্দোলনৰ অধীনত গছপুলি ৰোপণৰ শুভাৰম্ভ

মঙলদৈ, ৩ আগষ্ট: আজি দৰং জিলাৰ নিজ খাৰুপেটীয়াৰ আদৰ্শ মহিলা মহাবিদ্যালয়ৰ প্ৰাঙ্গনত অমৃত বৃক্ষ আন্দোলন কাৰ্যসূচীৰ অংশ হিচাপে গছপুলি ৰোপণ কৰা হয়। জিলাখনত কেন্দ্ৰীয়ভাৱে শুভাৰম্ভ কৰা এই গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মঙলদৈৰ বিধায়ক বসন্ত দাসে কয় যে ৰাজ্যখনত সেউজ আৱৰণ বৃদ্ধিৰ কাৰণে এই আন্দোলনে যথেষ্ট অৰিহণা আগবঢ়াব।

অমৃত বৃক্ষ আন্দোলনৰ অংশ হিচাপে ৰোপণ কৰা গছপুলিয়ে ৰাজ্যখনৰ বৃক্ষ অৰ্থনীতি গঢ়ি তোলাত সহায় কৰিব বুলিও তেওঁ মন্তব্য কৰে। তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই কাৰ্যসূচীয়ে চৌপাশৰ পৰিৱেশ  সুৰক্ষিত কৰাৰ লগতে ভবিষ্যত প্ৰজন্মৰ বাবে এখন সুন্দৰ পৃথিৱী গঢ় দিয়াৰ বাবেও অৱদান আগবঢ়াব।

এই আন্দোলনত অংশগ্ৰহণ কৰি গছপুলি ৰোপণ কৰাতো এক পৱিত্ৰ সামাজিক কৰ্তব্যৰূপে গ্ৰহণ কৰিবলৈ তেওঁ সকলোৰে প্ৰতি আহ্বান জনায়। আজিৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে কয় যে জীয়াই থাকিবৰ বাবে আমি সকলো গছ-গছনিৰ ওপৰত নিৰ্ভৰশীল। গছৰ পৰাই আমি  অক্সিজেন লাভ কৰো।

জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় অক্সিজেনৰ পৰা খাদ্য উপাদানলৈকে সকলো ক্ষেত্ৰতে গছৰ ওপৰত নিৰ্ভৰশীলতাৰ কথা উল্লেখ কৰি তেওঁ কয় যে আমাৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ বাবে সেউজ আৱৰণ বৃদ্ধি পাব লাগিব। কেৱল গছ তথা বৃক্ষইহে গোলকীয় উষ্ণতা বৃদ্ধি, জলবায়ু পৰিৱৰ্তন আদিৰ পৰা উদ্ভৱ হোৱা সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ আমাক সহায় কৰিব।

এইক্ষেত্ৰত অমৃত বৃক্ষ আন্দোলনৰ দৰে কাৰ্যসূচীৰ গুৰুত্ব ব্যাখ্যা কৰি গছপুলিসমূহ ৰোপণ কৰাৰ লগতে সঠিকভাৱে আপডাল কৰি জীয়াই ৰখাৰ ওপৰতো গুৰুত্ব দিবলৈ তেওঁ সকলোকে আহ্বান জনায়। অনুষ্ঠানত খাৰুপেটীয়া পৌৰসভাৰ পৌৰপতি কৃষ্ণা সাহায়ো ভাষণ প্ৰদান কৰে। আজিৰ অমৃত বৃক্ষ আন্দোলনৰ অংশ হিচাপে মহাবিদ্যালয়ৰ চৌহদত সৌন্দৰ্যবৰ্দ্ধনকাৰী আৰু মূল্যবান বৃক্ষৰ পুলি ৰোপণ কৰা হয়। মঙলদৈৰ বিধায়ক বসন্ত দাস, জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে, পৌৰপতি কৃষ্ণা সাহা আদি বিশিষ্ট ব্যক্তিসকলে মহাবিদ্যালয়ৰ চৌহদত গছপুলি ৰোপণ কৰে।

         আজিৰ অনুষ্ঠানত উত্তৰ কামৰূপ বন সংমণ্ডলৰ সংমণ্ডল বন বিষয়া ছানী চৌধুৰী, দৰঙৰ অতিৰিক্ত জিলা আয়ুক্ত মানস কুমাৰ শইকীয়াৰ লগতে জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী আৰু প্ৰকৃতিপ্ৰেমী ৰাইজ উপস্থিত আছিল।