দৰঙত বিভাগীয় কাম-কাজৰ অগ্ৰগতিৰ বুজ ললে মন্ত্ৰী অশোক সিংহলে
দৰঙত বিভাগীয় কাম-কাজৰ অগ্ৰগতিৰ বুজ ললে মন্ত্ৰী অশোক সিংহলে
জনসংযোগ, দৰং
প্ৰেছ বিজ্ঞপ্তি নং-৮৫/২০২৩
*দৰঙত বিভাগীয় কাম-কাজৰ অগ্ৰগতিৰ বুজ ললে মন্ত্ৰী অশোক সিংহলে*
*খাৰুপেটীয়াত এফ এচ টি পিৰ আধাৰশিলা স্থাপন*
মঙলদৈ, ১৪ নৱেম্বৰ: আজি অসম চৰকাৰৰ গৃহ নিৰ্মাণ, নগৰ পৰিক্ৰমা আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে খাৰুপেটীয়া পৌৰসভাৰ কাৰ্যালয় প্ৰাঙ্গনত আয়োজিত এক অনুষ্ঠানত ফেইকল শ্লাজ ট্ৰিটমেন্ট প্লেন্ট ( এফ এচ টি পি) এটাৰ আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে জনসাধাৰণৰ সৰ্বাংগীন কল্যাণৰ বাবে বিভিন্ন আঁচনি আৰু পদক্ষেপ গ্ৰহণ কৰিছে । ৰাজ্য চৰকাৰে নগৰসমূহ পৰিকল্পিত ৰূপত গঢ় দিয়াৰ লগতে এক সুস্থ আৰু স্বাস্থ্যকৰ পৰিৱেশ গঢ় দিয়াৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিছে । খাৰুপেটীয়া পৌৰসভাৰ অধীনত নিৰ্মাণ হ'বলগীয়া এফ এচ টি পিয়ে পৌৰ এলেকাৰ নাগৰিকৰ বাবে স্বাস্থ্যকৰ পৰিৱেশ গঢ়ি তোলাত সহায় কৰিব বুলি তেওঁ মন্তব্য কৰে। তেওঁ লগতে কয় যে খাৰুপেটীয়া পৌৰ এলেকাত ৰাইজৰ সুবিধাৰ্থে এখন উদ্যানো নিৰ্মাণ কৰা হ'ব ।
আজিৰ এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি মঙলদৈৰ সাংসদ দিলীপ শইকীয়াই ৰাজ্যখন সৰ্বাংগীন উন্নয়নৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা আঁচনি আৰু পদক্ষেপৰ শলাগ লয়। সাংসদগৰাকীয়ে মন্ত্ৰী অশোক সিংহলে দৰং জিলাৰ নগৰ কেইখনৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰো প্ৰশংসা কৰে। উল্লেখ্য যে পঞ্চদশ বিত্তীয় আয়োগৰ প্ৰায় ১.১২ কোটি টকা ব্যয়ৰে এই এফ এচ টি পি নিৰ্মাণ কৰা হ'ব ।
আজিৰ এই আধাৰশিলা অনুষ্ঠানত অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস,গৃহ নিৰ্মাণ, নগৰ পৰিক্ৰমা আৰু জলসিঞ্চন বিভাগৰ সচিব পবিত্ৰ ৰাম খাউণ্ড, দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে, খাৰুপেটীয়া পৌৰসভাৰ সভাপতি কৃষ্ণা সাহা উপস্থিত আছিল।
এই অনুষ্ঠানৰ পূৰ্বে মন্ত্ৰী অশোক সিংহলে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত আয়োজিত এক পৰ্যালোচনা সভাত গৃহনিৰ্মাণ, নগৰ পৰিক্ৰমা আৰু জলসিঞ্চন বিভাগৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয় । মন্ত্ৰীগৰাকীয়ে জনসাধাৰণৰ সৰ্বাংগীন কল্যাণ সাধনৰ প্ৰতি লক্ষ্য ৰাখি বিভাগকেইটাৰ কাম-কাজ চৰকাৰী বিধি অনুসৰি সময়োচিতভাৱে সম্পূৰ্ণ কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। মঙলদৈ পৌৰসভা এলেকাতো এখন উদ্যান নিৰ্মাণ কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে কয় । এই পৰ্যালোচনা সভাত মঙলদৈৰ সাংসদ দিলীপ শইকীয়া, ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশী, অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস,গৃহ নিৰ্মাণ, নগৰ পৰিক্ৰমা আৰু জলসিঞ্চন বিভাগৰ সচিব পবিত্ৰ ৰাম খাউণ্ড, দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে, জিলাখনৰ তিনিখন পৌৰসভাৰ সভাপতিকেইগৰাকী আৰু সংশ্লিষ্ট বিভাগৰ বিষয়াসকল উপস্থিত আছিল।
মন্ত্ৰীগৰাকীয়ে আজি জিলাখনত চি এম দত্ত বান্ধ, সুখাজান জলসিঞ্চন প্ৰকল্প আদি কেইবাটাও প্ৰকল্প পৰিদৰ্শন কৰে।