ছিপাঝাৰৰ গৰুখুটি বহুমুখী কৃষি প্ৰকল্পই আজি তিনিটাকৈ বছৰ অতিক্ৰম কৰিলে।
ছিপাঝাৰৰ গৰুখুটি বহুমুখী কৃষি প্ৰকল্পই আজি তিনিটাকৈ বছৰ অতিক্ৰম কৰিলে।
ছিপাঝাৰৰ গৰুখুটি বহুমুখী কৃষি প্ৰকল্পই আজি তিনিটাকৈ বছৰ অতিক্ৰম কৰিলে। এই উপলক্ষে প্ৰকল্পৰ কৃষি ভূমিত তৃতীয় বাৰ্ষিকী আৰু ভূমি পূজন অনুষ্ঠান পালন কৰা হয়। পুৱা বন্তি প্ৰজ্বলন, পতাকা উত্তোলন কাৰ্যসূচী ৰূপায়ণ হৈ যোৱাৰ পাছত অনুষ্ঠিত হয় ভূমি পূজন অনুষ্ঠান। লক্ষণীয় যে তৃতীয় বাৰ্ষিকীৰ লগত সংগতি ৰাখি দুটিকৈ নৱ নিৰ্মিত ভৱন আৰু এখন নাৰ্চাৰীও উদ্বোধন কৰা হয়। উদ্বোধন কৰা হয় এপাৰ্টৰ অধীনত নিৰ্মিত জিৰণি ঘৰ, গুদাম ঘৰ, এটি গো-শালাও। একেদৰে ৰেচম বিভাগৰ দ্বাৰা নিৰ্মিত সামূহিক এৰীপলু পালন কেন্দ্ৰৰ লগতে সামূহিক এৰী সূঁতা কটা কেন্দ্ৰ এটিও আজি প্ৰকল্পটোৰ তৃতীয় বৰ্ষপূৰ্তী উপলক্ষে উদ্বোধন কৰা হয়। উক্ত উদ্বোধনী অনুষ্ঠান সম্পাদন কৰে প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাই। আনহাতে বিয়লি অনুষ্ঠিত হয় মুকলি সভা। প্ৰকল্পৰ অধ্যক্ষ হাজৰিকাৰ সঞ্চালনাত অনুষ্ঠিত সভাখনত দৰঙৰ উপায়ুক্ত মুনিন্দ্ৰ নাথ ঙাটেৰ লগতে অসম চৰকাৰৰ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী সকল উপস্থিত থাকে। উল্লেখ্য যে, উক্ত সভাত প্ৰকল্পৰ তৃতীয়টো বৰ্ষৰ আয়-ব্যয়ৰ হিচাপ আদিও দাখিল কৰে অধ্যক্ষ পদ্ম হাজৰিকাই। সেই অনুসৰি তৃতীয় বছৰৰ অন্তত প্ৰকল্পটোৰ পৰা সৰ্বমুঠ আয় হৈছে ৯,০৮,২৪,০৮৪ টকা। ইয়াৰ কৰ্তৃপক্ষই জানিব দিয়া অনুসৰি প্ৰকল্পটোত তৃতীয়টো বৰ্ষত ৬৬ শতাংশলৈ বৃদ্ধি পাই উপাৰ্জন। লক্ষণীয় যে পশুপালন খণ্ডত বিনিয়োগ কৰা হৈছে ৫০,৫৫,৪৭৯টকা আৰু ইয়াত উপাৰ্জন হয় ৯৭,১০,৪২১ টকা। আনহাতে কৃষিকৰ্মত বিনিয়োগ কৰা হয় ১,১৪,৫০,৮৮৫ টকা আৰু উপাৰ্জন হয় ২,২৯,০৭,০৫৪ টকা। উল্লেখ্য যে এইবাৰ ব্ৰহ্মপুত্ৰৰ প্ৰলয়ংকৰী বানত প্ৰকল্পত ক্ষতি হয় প্ৰায় ৫০ লাখ টকাৰ।