উন্মুক্ত অৱস্থাত আছে ট্ৰেন্সফৰ্মাৰ
উন্মুক্ত অৱস্থাত আছে ট্ৰেন্সফৰ্মাৰ
উন্মুক্ত অৱস্থাত আছে ট্ৰেন্সফৰ্মাৰ। গুৰুত্ব নাই বাইহাটা চাৰিআলি বিদ্যুৎ উপ-সংমণ্ডল কাৰ্যালয়ৰ।
সংবাদ ডিজিটেল , দুমুনিচকী, ৬ ডিচেম্বৰ: কামৰূপ জিলাৰ তিত্কুছি গাওঁ পঞ্চায়তৰ অন্তৰ্গত হিন্দুমৈজালী গাওঁৰ বাসুদেৱ নামঘৰৰ সন্মুখত থকা উচ্চ ক্ষমতাসম্পন্ন বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰ(Transformer)টো উন্মুক্ত অৱস্থাত আছে। যাৰ ফলত সমগ্ৰ গাওঁবাসী ৰাইজ চিন্তিত হৈ পৰিছে। নিজৰ সন্তানৰ বিপদৰ আশংকাত একাংশ অভিভাৱকে নিজেই বাঁহৰ সঁজুলিৰে বেৰ(আৱেষ্টনী)দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে যদিও ভয়তে সাহস কৰা নাই। কিয়নো এফালে চৰকাৰী সম্পদ আৰু আনফালে বিদ্যুতৰ ভয়।
প্ৰণিধানযোগ্য যে নামঘৰৰ বেৰৰ কাষেৰে যোৱা দৰং জিলা অভিমুখী পথটো অতি ব্যস্ত তদুপৰি উক্ত ট্ৰেন্সফৰ্মাৰটোৰ নিচেই কাষতে এখন প্ৰাথমিক বিদ্যালয় অৱস্থিত। সি যি নহওঁক, সৰু-বৰ সকলো মানুহেই অহা-যোৱা কৰা ব্যস্ততম পথ এটাৰ কাষত এনেদৰে ট্ৰেন্সফৰ্মাৰ উন্মুক্ত অৱস্থাত থকাটো নিতান্তই ভাবুকিস্বৰূপে সৰ্বসাধাৰণ ৰাইজৰ বাবে। তৎসত্বেও বিভাগীয় ঊৰ্দ্ধতন কৰ্তৃপক্ষৰ কোনো কাণ-সাৰ নাই। ইতিমধ্যে গাওঁখনৰ কে'বাজনো সচেতন লোকে ৰাজ্যৰ বিদ্যুৎ বিভাগক দোষাৰোপ কৰি বিৰক্তিও প্ৰকাশ কৰিছে। ট্ৰেন্সফৰ্মাৰ এটা উন্মুক্ত অৱস্থাত থকাটো সচেতন মহলে মানি ল'ব পৰা নাই, ই নিশ্চিতভাবে অকাল মৃত্যু কিম্বা দুৰ্ঘটনাৰেই মুকলি উৎস-ফান্দ। যিটো কথা গাওঁবাসীয়ে ৰাজহুৱা সভা-সমিতিত আলোচনাও কৰিছে। আনকি অন্য প্ৰান্তৰ লোকে ধিক্কাৰো দিছে কৰ্তৃপক্ষক। পৰিতাপজনক কথা যে প্ৰত্যক্ষদৰ্শীৰ ভাষ্যই উদঙাই দিছে বিভাগটোৰ চৰম দায়িত্বজ্ঞানহীনতাক। এবাৰ ভাবি চাওঁক--- কিমান অকৰ্মণ্য-নিকৃষ্ট আমাৰ ৰাজ্যখনৰ বিদ্যুৎ বিভাগটো। সাধাৰণ জনতাৰ জীৱনৰ প্ৰতি অলপো নাই দায়িত্ববোধ। সম্পূৰ্ণ উদাসীন! সেয়া বিপদসংকুল অৱস্থাত থকা ট্ৰেন্সফৰ্মাৰটোৱেই প্ৰমাণ কৰে বাৰুকৈয়ে। ভুক্তভোগী ৰাইজ আতংকিত হৈ প্ৰশ্ন কৰিছে ইজনে সিজনক--- ৰাজ্যৰ বিয়াগোম বিভাগটো কেতিয়া সাৰ পাব বাৰু? কাৰোবাৰ অনাকাংক্ষিত-অকাল মৃত্যুতহে আহিব নেকি চেতনা?! নে স্বেচ্ছাই অপেক্ষা কৰিছে কিবা দুৰ্যোগলৈ? অতি সম্প্ৰতি এনে এটা আবেগবিহ্বল প্ৰশ্ন-সন্দেহে গাওঁবাসী ৰাইজক ভাৰাক্ৰান্ত কৰি তোলা পৰিলক্ষিত হৈছে।