খৈৰাবাৰীত বড়োলেণ্ড ছহীদ স্বৰ্ণ কাপ ফুটবল প্ৰতিযোগিতা
খৈৰাবাৰীত বড়োলেণ্ড ছহীদ স্বৰ্ণ কাপ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ী নাওবান্ধা চানৰাইজ এফ চি
খৈৰাবাৰীত বড়োলেণ্ড ছহীদ স্বৰ্ণ কাপ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ী নাওবান্ধা চানৰাইজ এফ চি
সংবাদ ডিজিটেল, দুমুনিচকী ৬ নবেম্বৰ: খৈৰাবাৰীত বড়োলেণ্ড ছহীদ স্বৰ্ণ কাপ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ী নাওবান্ধা চানৰাইজ এফ চিঃ
খৈৰাবাৰী আঞ্চলিক কমিটি, আবছু আৰু খৈৰাবাৰী আঞ্চলিক ক্ৰীড়া সন্থাই ২৯ অক্টোবৰৰ পৰা ৫ নৱেম্বৰলৈ আয়োজন কৰা সদৌ অসম ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি পৰে ৷
চূড়ান্ত খেলখনৰ শুভাৰম্ভ কৰে ওদালগুৰি জিলাৰ আবছুৰ সাধাৰন সম্পাদক বাবুল বড়োৱে ৷
খাগাৰাবাৰী চিফুং এফ চি আৰু নাওবান্ধা চানৰাইজ এফ চিৰ মাজত হোৱা উত্তেজনাপূৰ্ণ খেলখনত ১-০ গ’লত নাওবান্ধা চানৰাইজ এফ চি বিজয়ী হয় ৷
অগনন ক্ৰীড়া প্ৰেমীৰ উপস্থিতত বিজয়ী দলক ট্ৰফী আৰু নগদ ধন ২০০০০ আৰু পৰাজিত দলক ট্ৰফী আৰু নগদ ১৫,০০০ টকা প্ৰদান কৰে যুৱ সমাজ কৰ্মী ধ্ৰুৱ বড়ো আৰু খৈৰাবাৰী থানাৰ আৰক্ষী বিষয়া হবিবুৰ ৰহমানে ৷
দিপীলাৰ পৰা পংকজ ডেকাৰ ৰিপৰ্ট।