মানৱ দৰদী সমাজসেৱক ইঞ্জিনীয়াৰ চমিম ছহিদুল্লাহ
মানৱ দৰদী সমাজসেৱক ইঞ্জিনীয়াৰ চমিম ছহিদুল্লাহ
*মানৱ* *দৰদী* *সমাজসেৱক* *ইঞ্জিনীয়াৰ* *চমিম* *ছহিদুল্লাহ*
*নূৰুল* *হক*
মোক বিভিন্ন সময়ত আৰ্থিকভাৱে সহায় কৰি অহা, অনুপ্ৰাণিত কৰি অহা, জীৱনক প্ৰভাৱিত কৰা ব্যক্তিসকলৰ ভিতৰত ইঞ্জিনীয়াৰ চমিম ছহিদুল্লাহ চাহাব যে এই দুনিয়াত নাই, এই কথা মানি ল'বলৈ খুব কঠিন হৈ পৰিছে। যোৱা ২০ জুলাই তাৰিখে তেখেতৰ আকস্মিক মৃত্যুৰ খবৰটো পাই মই বাকৰুদ্ধ হৈ পৰিলোঁ, ক্ৰন্দনত ভাঙি পৰিলোঁ। গোটেই নিশা টোপনি নহ'ল। তেখেতৰ মৃত্যু মোৰ বাবে অত্যন্ত অসহনীয়,বেদনাদায়ক।
হাংগেৰীৰ ৰাজধানী বুডাপেষ্ট ভ্ৰমণ কালত ষ্ট্ৰোক হৈ হঠাতে চমিম ছহিদুল্লাহ চাহাবে মৃত্যুক সাৱটি ল'বলগীয়া হয়। ইন্না লিল্লাহি ৱা ইন্না ইলাইহি ৰাজিঊন। মৃত্যুৰ সময়ত স্ত্ৰী, পুত্ৰ, কন্যা তেখেতৰ লগতেই আছিল। তেখেতে এইবাৰ হাংগেৰীলৈ যাব বুলি আগদিনাখন মোক ফোন কৰি জনাইছিল আৰু সোনকালে ঘৰলৈ ঘূৰি অহাৰ কথা কৈছিল। উল্লেখ্য যে চহিদুল্লাহ চাহাব আছিল অত্যন্ত ভ্ৰমণ বিলাসী লোক। মৃত্যুৰ আগমুহূৰ্তলৈকে গুৱাহাটী লাখটকীয়া নিবাসী চহিদুল্লাহ চাহাব প্ৰায় ৩৭ খন দেশ ভ্ৰমণ কৰাৰ অভিজ্ঞতাৰে পৰিপুষ্ট হৈছিল। তাৰ মাজতে তেখেতে পৰিয়ালসহ চৌদি আৰবলৈ গৈ উমৰাহ আদায় কৰিছিল। বিগত বৰ্ষত পৰিয়ালসহ হজ্জলৈ যাবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰিছিল যদিও ট্ৰেভেল এজেন্সীৰ প্ৰতাৰণাৰ বাবে থমকি ৰ'বলগীয়া হৈছিল।
তেখেতে কে'বাখন দেশৰ ভ্ৰমণ কাহিনী মোক সজাই-পৰাই লিখিবলৈ দিছিল, মই লিখিছিলোঁ। পৰ্যায়ক্ৰমে বাকীবোৰ দেশৰ ভ্ৰমণ কাহিনী মোক সজাই-পৰাই লিখিবলৈ আৰু প্ৰকাশ কৰিবলৈ দিয়াৰ কথা আছিল। স্মৰ্তব্য যে তেখেত নিজেই এজন গভীৰ অধ্যয়নশীল আৰু ভাল লেখক আছিল। তেখেতৰ হস্তাক্ষৰ আছিল অতি সুন্দৰ। ইতিমধ্যে তেখেতে লিখা কিছু চিন্তা আৰু কিছু কথা, সত্যৰ অন্বেষণত নামৰ দুয়োখন কিতাব ময়েই সম্পাদনা, প্ৰুফ ৰিডিঙকে আদি কৰি যাৱতীয় সকলোখিনি কৰি ছপা কৰাই দিছিলোঁ। সামগ্ৰিক খৰছ তেখেতে বহন কৰিছিল। দুয়োখন কিতাব আছিল বিনামূলীয়া। মৃত্যুৰ আগমুহূৰ্তত তেখেতে মোক বিষয় বাচি দি এটা প্ৰৱন্ধ লিখিবলৈ কৈছিল। সেইটো লিখা ইতিমধ্যে শেষ হৈছে। লেখাটো তেখেতে স্বচক্ষে চাবলৈ নাপালে।
ইঞ্জিনীয়াৰ চমিম ছহিদুল্লাহ চাহাব আছিল অত্যন্ত পৰোপকাৰী, দানবীৰ, মানৱদৰদী, সমাজ সেৱক, সমাজ সংস্কাৰক। হিন্দু-মুছলিম ভাৱ তেখেতৰ অন্তৰত ক্ষুণাক্ষৰেও নাছিল। তেখেতে মোক গুৱাহাটীৰ কে'বাটাও অনাথ আশ্ৰমলৈ লৈ গৈছিল। অনাথ আশ্ৰমবিলাকত তেখেতে বিভিন্ন খাদ্য, পানীৰ ফিল্টাৰকে আদি কৰি বহু বস্তু দান কৰিছিল। হাজাৰ হাজাৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক আৰ্থিকভাৱে সহায় কৰিছিল। গৰীব-মিছকীনক অত্যন্ত সহায় কৰিছিল। জাতি, ধৰ্ম নিৰ্বিশেষে ৰুগীয়া, বিপদত পৰা মানুহক তেখেতে আৰ্থিক সাহায্য আগবঢ়াইছিল। মছজিদ-মাদ্ৰাছাত যে কিমান লক্ষ টকা দান কৰিছিল, তাৰ কোনো সীমা নাই। উল্লেখ্য যে ১৯৯৮ চনৰপৰা তেখেতে হিচাব কৰি জাকাত দিছিল। মোৰ দৰে মানুহৰ কাৰণে তেখেত আছিল পৰম হিতৈষী। মই যেতিয়াই যিমানখিনি বিচাৰিছিলোঁ, সিমানখিনি দিছিল। কোনোদিনে বিমুখ, নিৰাশ কৰা নাছিল। তেখেতৰ লগত বিগত প্ৰায় বিশ বছৰ ধৰি মোৰ এক গভীৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। তেখেতে কোনোদিনে মোক এটা টান শব্দ কোৱা নাছিল। মানুহক সহায় কৰি তেখেতে অতি আনন্দ, সুখানুভূতি, আধ্যাত্মিক প্ৰশান্তি অনুভৱ কৰিছিল। মুঠতে তেখেত আছিল গৰীব আৰু সাধাৰণ মানুহৰ পৰম বন্ধু।
সমাজত চলি থকা বিভিন্ন দুৰ্নীতি, ঘোচ, কেলেংকাৰী, অপকৰ্ম আদিৰ বিৰুদ্ধে চমিম ছহিদুল্লাহ চাহাব আছিল অত্যন্ত সৰৱ। যুৱ প্ৰজন্মৰ নৈতিক স্খলন দেখি তেখেত আছিল অতি চিন্তিত। সেইবোৰ বিষয়ত তেখেতে অসংখ্য প্ৰৱন্ধ-পাতি লিখিছিল, মানুহৰ মাজত জাগৰণ আনিবলৈ চেষ্টাৰ অকণো ত্ৰুটি কৰা নাছিল। মিছা কথা কোৱা, ঠগ-প্ৰবঞ্চনা কৰা মানুহক তেখেতে প্ৰশ্ৰয় দিয়া নাছিল। মুছলিম সমাজখনৰ উন্নয়ন, বিকাশৰ কাৰণে তেখেতৰ প্ৰাণ কান্দি উঠিছিল, ভাৰাক্ৰান্ত হৈ পৰিছিল আৰু পাৰ্যমানে সেই ক্ষেত্ৰত কামো কৰি গৈছিল। তেখেতৰ সেই কামবিলাকৰ কিছু পৰিমাণে ময়ো আছিলোঁ সহযোগী।
৬৩ বছৰীয়া চহিদুল্লাহ চাহাবে এসময়ত লোভনীয় চৰকাৰী চাকৰি স্বেচ্ছাই পৰিত্যাগ কৰি ব্যৱসায়ত মনোনিবেশ কৰিছিল। তেখেতৰ সহধৰ্মিণী ড° ফাতিমা চহিদুল্লাহ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপিকা। তেখেতৰ কন্যা অধ্যাপিকা আঞ্জুম চহিদুল্লাহ, পুত্ৰ ইঞ্জিনীয়াৰ ইৰফান চহিদুল্লাহ।
প্ৰত্যেক জীৱই মৃত্যুৰ স্বাদ গ্ৰহণ কৰিবই লাগিব। বিধিৰ বিধান নহয় খন্ডন। আজি চহিদুল্লাহ চাহাবৰ বহু কথাই স্মৃতিপটত ভাহি উঠি বৰকৈ আমনি কৰিছে। তেখেতৰ শোক-সন্তপ্ত পৰিয়ালবৰ্গলৈ জনালোঁ গভীৰ সমবেদনা।