দেওমৰনৈত আধুনিক নৃত্য কৰ্মশালা আৰম্ভ
দেওমৰনৈত আধুনিক নৃত্য কৰ্মশালা আৰম্ভ
দেওমৰনৈত আধুনিক নৃত্য কৰ্মশালা আৰম্ভ
সংবাদ ডিজিটেল ১৪ জুলাই: দৰং জিলাৰ ছিপাঝাৰ বিধানসভা সমষ্টিৰ দেওমৰনৈ গাওঁ পঞ্চায়তৰ অন্তৰ্গত দেওমৰনৈত থকা কৌশিকী গংগা সাংস্কৃতিক প্ৰকল্প ভৱনত মৰনৈ ডান্স একাডেমীৰ উদ্যোগত আৰু অসম নাট্য সন্মিলন দেওমৰনৈ শাখাৰ সহযোগত বিশেষ পাচদিনীয়া আধুনিক নৃত্য কৰ্মশালাৰ আয়োজন কৰিছে ।
আধুনিক নৃত্য কৰ্মশালাৰ শুভাৰম্ভণিৰ অসম নাট্য সন্মিলন দেওমৰনৈ শাখাৰ সম্পাদক নিৰঞ্জন শইকীয়াই আঁত ধৰা অনুষ্ঠান খনিত প্ৰথমে বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ন কৰে অসম নাট্য সন্মিলন দেওমৰনৈ শাখাৰ সভাপতি হেমচন্দ্ৰ বৰুৱাই। মৰনৈ ডান্স একাডেমীৰ ছাত্ৰ ছাত্ৰী সকলে এটি দলীয় নৃত্য প্ৰদৰ্শনেৰে শুভাৰম্ভণি কৰা নৃত্য কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকি নৃত্য ৰ সকলো দিশ অৱগত কৰে বিশিষ্ট নৃত্যশিল্পী আৰ জে অংশুমানে।
আজিৰ পৰা অনুষ্ঠিত হোৱা বিশেষ পাচদিনীয়া আধুনিক নৃত্য কৰ্মশালাত উপস্থিত থাকি বক্তব্য আগবঢ়ায় অসম নাট্য সন্মিলন দৰং জিলা সমিতিৰ কাৰ্যকৰী সভাপতি মৃণাল ৰাজবংশী, সাংগঠনিক সম্পাদক মুকুট চন্দ্ৰ হাজৰিকা, মৰনৈ ডান্স একাডেমীৰ অধ্যক্ষা বিনিতা চহৰীয়া আৰু বিশিষ্ট কণ্ঠশিল্পী হৰি হৰ্ষিতে ।
এই পাচদিনীয়া বিশেষ আধুনিক নৃত্য কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকি প্ৰশিক্ষণ প্ৰদান কৰিব বিশিষ্ট নৃত্যশিল্পী আৰ জে অংশুমানে।