দৈনিক ৰাশিফল

দৈনিক ৰাশিফল

দৈনিক ৰাশিফল
দৈনিক ৰাশিফল

 *দৈনিক ৰাশিফল

 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:
৮ আঘোন, শনিবাৰ ইং ২৫ নৱেম্বৰ ২০২৩ । 
 *সূৰ্য্যোদয়* ঘ:- ৫/৫৩/২৯ *সূৰ্য্যাস্ত* ঘ:- ৪/২৭/৫১
*ৰাশি:-*  মেষ ৰাশি।
*তিথি :-* শুক্লা ত্ৰযোদশী। স:ঘ:- ৪/২৯/২৬  লৈ। 
*নক্ষত্ৰ :-* অশ্চিনী। দি:ঘ:- ২/৫৪/৫  লৈ। 
*শুভ সংখ্যা:-* ৭/৩
*শুভ ৰং:-* নীলা / বেঙুনীয়া।
*আদ্যঋতু হলে :-* দু:শীলা যোগ। 
*মৰণত দোষ*:- এপদ। 
*যাত্ৰা:-*  দক্ষিণ দিশত নাই । স:ঘ:-৪/২৮/১৬ যোৱাত পশ্চিম দিশত নাই।
*যোগিনী* :- দক্ষিণ দিশত । স:ঘ:-৪/২৮/১৬ যোৱাত পশ্চিম দিশত।
*ভক্ষাভক্ষ্য* :- বেঙেনা খোৱা নিষেধ। স:ঘ:- ৪/২৯/১৬ যোৱাত   মাটিমাহ খোৱা নিষেধ।


১. *মেষ ৰাশি* (অ,ল) : -  মেষ 
ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত কৰ্মত শুভ বুলি কব পাৰি, মনত দেৱ-দেৱী / জেষ্ঠ্য জনৰ প্ৰতি শ্ৰদ্ধা ভক্তি ভাৱ বাঢ়িব, লগতে আজি বিবাহিত ব্যক্তি সকলৰ দাম্পত্য জীৱন সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২. *বৃষ ৰাশি* (উ,ব) :- বৃষ ৰাশিৰ জাতিক জাতিকা আজিৰ দিনটোত স্বাস্থ্যৰ উন্নতি হ'ব, ৰোগ নাশ হব, আজি আপুনি মনে বিচাৰা কামবোৰ কৰিবলৈ চেষ্টা কৰিব, যদিও আজি আপুনি ঠগ প্ৰৱঞ্চকৰ পৰা সাৱধান হোৱাটো ভাল হ'ব।

৩. *মিথুন ৰাশি*(ক,ছ):-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত মধ্যম হ'ব, নতুন কৰ্ম, সম্পদ, সন্মান প্ৰাপ্তি হ'ব পাৰে যদিও আজি আপোনাৰ মনত অশান্তি সৃষ্টি কৰিব পাৰা কৰ্মৰ পৰা আতৰি থাকিবৈ চেষ্টা কৰিব।

৪. *কৰ্কট ৰাশি*(ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিব, কৰ্মত উন্নতি হ'ব, যদিও আজি আপুনি কৰ্মত অধিক ফলাফল আশা কৰিলে সামান্য মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়। 

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত সন্মান বাঢ়িব, লগ বন্ধুৰ পৰা কৰ্মত সহায় সহযোগিতা লাভ কৰিব, লগতে আজি আপোনাৰ প্ৰেমত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত মনৰ আশা পূৰণ হ'ব, কৰ্মত যশস্যা বাঢ়িব লগতে আজি বিবাহ হ'বলগীয়া ব্যক্তি সকলৰ ঘৰটো বিবাহ কথা আলোচনা  হোৱাৰ যোগ দেখা যায়।

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত ৰোগ মুক্ত হ'ব, যান- বাহনৰ সুখ লাভ কৰিব, লগতে আজি আপোনাৰ আয় উপাৰ্জন বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত আগতীয়াকৈ নাভাবাকে হঠাৎ ধন সম্পত্তি বা সন্মান লাভ কৰিব পাৰে, যদিও আজি আপোনাৰ মনৰ আনন্দ হ্ৰাস হ'ব পৰা কৰ্মৰ পৰা আতৰি থাকিবৈ চেষ্টা কৰিব লগতে আজি আপোনাৰ পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব।

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত সঞ্চয় মনোভাৱ বাঢ়িব,কৰ্মত সিদ্ধি লাভ কৰিব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত  মনত সুখ শান্তি বাঢ়িব, আজি বিবাহিত ব্যক্তি সকলৰ দাম্পত্য জীৱত সুখ শান্তি বৃদ্ধি হ'ব যদিও আজি কিন্তু ঘৰুৱা কৰ্মত সকলো দিশতে সজাগ হোৱাটো ভাল হ'ব।

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত আৰ্থিক দিশটো শুভ বুলি কব পাৰি, হাতলৈ ধন ধান আহিব, কৰ্মত মৰ্য্যদা লাভ কৰিব, লগতে আজি ছাত্ৰ ছাত্ৰী সকলৰ মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত  শুভ হ'ব, যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে লগতে আজি অভিনেতা অভিনেত্ৰী সকলে সামান্য কষ্টৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।

( *বি:দ্ৰ:-*  আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।

         -: *জ্যোতিষী* :-

 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 
-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)
 গুৱাহাটী - ৯
ফোন:- 9101096481
            9577136205