ছিপাঝাৰৰ লোক্ৰাই আৰু ছেঙেলীয়াঝাৰ গাঁও পঞ্চায়তত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচী সম্পন্ন
ছিপাঝাৰৰ লোক্ৰাই আৰু ছেঙেলীয়াঝাৰ গাঁও পঞ্চায়তত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচী সম্পন্ন
জনসংযোগ, দৰং
প্ৰেছ বিজ্ঞপ্তি নং-৯৪/২০২৩
*ছিপাঝাৰৰ লোকৰাই আৰু ছেঙেলীয়াঝাৰ গাঁও পঞ্চায়তত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচী সম্পন্ন*
মঙলদৈ, ২৪ নৱেম্বৰ: আজি দৰং জিলাত ছিপাঝাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত লোকৰাই গাঁও পঞ্চায়তত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচী অনুষ্ঠিত হয়। আজিৰ এই অনুষ্ঠানত দৰং জিলাত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচী পৰ্যবেক্ষণৰ দায়িত্বত থকা কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি বিষয়া, উত্তৰ পূব পৰিষদৰ সঞ্চালক (প্ৰশাসন) এল এছ গাংটে উপস্থিত আছিল। আজিৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে এই যাত্ৰাৰ উদ্দেশ্যৰ বিষয়ে উপস্থিত ৰাইজক অৱগত কৰে। জিলা আয়ুক্তগৰাকীয়ে তেওঁৰ ভাষণত আয়ুস্মান ভাৰত, প্ৰধানমন্ত্ৰীৰ উজ্বলা যোজনা, পি এম বিশ্বকৰ্মা, জলজীৱন মিছন, প্ৰধানমন্ত্ৰী জন ধন যোজনা আদি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ বিষয়ে উল্লেখ কৰি এই আঁচনিসমূহৰ সুবিধা গ্ৰহণ কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়। উত্তৰ পূব পৰিষদৰ সঞ্চালক (প্ৰশাসন) এল এছ গাংটেয়ে অনুষ্ঠানস্হলীত স্বাস্থ্য, কৃষি, পশুপালন আৰু পশু চিকিৎসা আদি বিভিন্ন বিভাগে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে আয়োজন কৰা ষ্টলসমূহ পৰিদৰ্শন কৰে।
আজি লোকৰাই গাঁও পঞ্চায়তৰ পিছতে চেঙেলীয়াঝাৰ গাঁও পঞ্চায়তত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত জিলা উন্নয়ন আয়ুক্ত পংকজ কুমাৰ ডেকাই ভাষণ প্ৰদান কৰে।
এই দুয়োখন পঞ্চায়ততে আজিৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা সকলোৱে পঞ্চ সংকল্প গ্ৰহণ কৰে। পঞ্চায়ত দুখনত এই যাত্ৰা কাৰ্যসূচীৰ বাবে সুসজ্জিত বাহনত সংযুক্ত এল ই ডি স্ক্ৰীণযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্যসহ দেশৰ উন্নয়ন বিষয়ক তথ্যচিত্র তথা চুটি ছবি প্ৰদৰ্শন কৰা হয়। দুয়োখন পঞ্চায়ততে কৃষি, স্বাস্থ্য আদি বিভিন্ন বিভাগৰ জিলাখনৰ মূৰব্বী বিষয়াসকলে তেওঁলোকৰ নিজৰ নিজৰ বিভাগত থকা বিভিন্ন চৰকাৰী আঁচনিৰ বিষয়ে ৰাইজক বিতংভাবে অৱগত কৰে। আজিৰ অনুষ্ঠানত আয়ুস্মান ভাৰত, প্ৰধানমন্ত্ৰীৰ আবাস যোজনা, প্ৰধানমন্ত্ৰীৰ উজ্বলা যোজনা আদি বিভিন্ন আঁচনিৰ কেইবাগৰাকী হিতাধিকাৰীয়ে আঁচনিসমূহৰ পৰা তেওঁলোকে লাভ কৰা অভিজ্ঞতা আৰু সুফলৰ কথা ব্যক্ত কৰে। অনুষ্ঠানত সাংস্কৃতিক কাৰ্যসূচীও পৰিবেশন কৰা হয়।
আজি লোকৰাই আৰু চেঙেলীয়াঝাৰ গাঁও পঞ্চায়তত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচীত দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মানস দাস, জিলা উন্নয়ন আয়ুক্ত পংকজ কুমাৰ ডেকাৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল, পঞ্চায়তৰ প্ৰতিনিধি আৰু বিষয়ববীয়া, বিশিষ্ট নাগৰিকৰ লগতে বহুসংখ্যক লোক উপস্থিত আছিল।