দৰঙত অসম সাংস্কৃতিক মহাসংগ্ৰামৰ জিলা পৰ্যায়ৰ সামৰণি অনুষ্ঠান

দৰঙত অসম সাংস্কৃতিক মহাসংগ্ৰামৰ জিলা পৰ্যায়ৰ সামৰণি অনুষ্ঠান

দৰঙত অসম সাংস্কৃতিক মহাসংগ্ৰামৰ জিলা পৰ্যায়ৰ সামৰণি অনুষ্ঠান
দৰঙত অসম সাংস্কৃতিক মহাসংগ্ৰামৰ জিলা পৰ্যায়ৰ সামৰণি অনুষ্ঠান

দৰঙত অসম সাংস্কৃতিক মহাসংগ্ৰামৰ জিলা পৰ্যায়ৰ সামৰণি অনুষ্ঠান

 
সংবাদ ডিজিটেল,মঙলদৈ, ২০ জানুৱাৰী :
আজি দৰঙৰ জিলা পুথিভঁৰালত অসম সাংস্কৃতিক মহাসংগ্ৰামৰ জিলা পৰ্যায়ৰ প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। আজিৰ অনুষ্ঠানত মুখ্য অতিথিৰূপে ভাষণ প্ৰদান কৰি দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে কয় যে সাংস্কৃতিক মহাসংগ্ৰামত অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলে নিজৰ প্ৰতিভা আৰু চেষ্টাৰ জৰিয়তে জিলা পৰ্যায়ত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। তেওঁলোকে ৰাজ্যিক পৰ্যায়তো সফলতা লাভ কৰি জিলাখনলৈ সুনাম কঢ়িয়াই আনিব বুলি তেওঁ আশা প্ৰকাশ কৰে। তেওঁ লগতে কয় যে প্ৰতিযোগীসকলে দৃঢ়সংকল্প, উৎসৰ্গিত মন, নিষ্ঠা আৰু ভক্তিৰে সৈতে আগবাঢ়ি গ'লে জীৱনৰ সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিব পাৰিব।


   আজিৰ অনুষ্ঠানত সুখ্যাত কন্ঠশিল্পী তৰালী শৰ্মাই গীত পৰিৱেশন কৰি উপস্থিত শ্ৰোতা-দৰ্শক সকলক মন্ত্ৰমুগ্ধ কৰে। 
     আজিৰ অনুষ্ঠানত সংগীত প্ৰতিযোগিতাৰ বিভিন্ন শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা ৩৬ গৰাকী প্ৰতিযোগীক বঁটা প্ৰদান কৰা হয়।  অনুষ্ঠানত প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত সকলক মানপত্ৰ প্ৰদান কৰা হয়। প্ৰথম স্থান লাভ কৰাসকলে ২০ হাজাৰ টকা, দ্বিতীয় স্থান লাভ কৰাসকলে ১৫ হাজাৰ টকা আৰু তৃতীয় স্থান লাভ কৰাসকলে ১০ হাজাৰ টকাকৈ লাভ কৰিব। এই ধন তেওঁলোকৰ একাউণ্টত জমা হ'ব। সেইদৰে নৃত্য প্ৰতিযোগিতাৰ বিভিন্ন শাখাত বিজয়ী ১৪ টা নৃত্য দলকো বঁটা প্ৰদান কৰা হয়।

প্ৰথম স্থান লাভ কৰা দলসমূহে ২২,৫০০ টকা, দ্বিতীয় স্থান লাভ কৰাসকলে ১৮,০০০ আৰু তৃতীয় স্থান লাভ কৰা দলসমূহে ১৫,০০০ টকাকৈ লাভ কৰিব। উল্লেখ্য যে জিলা পৰ্যায়ত স্থান লাভ কৰাসকলে অসম সাংস্কৃতিক মহাসংগ্ৰামৰ ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুবিধা লাভ কৰিব।